গৃহ মন্ত্ৰালয়
মহিলাৰ বিৰুদ্ধে অপৰাধৰ বাবে কঠোৰ পদক্ষেপ
Posted On:
23 JUL 2025 1:42PM by PIB Guwahati
২০২৩ চনৰ ভাৰতীয় ন্যায় সংহিতাত প্ৰথমবাৰৰ বাবে মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধ সম্পৰ্কীয় ব্যৱস্থাসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু ইয়াক এটা অধ্যায়ৰ অধীনত ৰখা হৈছে। মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বাবে মৃত্যুদণ্ডলৈকে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। ১৮ বছৰৰ তলৰ এগৰাকী মহিলাৰ দলবদ্ধ ধৰ্ষণৰ বাবে শাস্তি হৈছে আজীৱন কাৰাবাস অথবা মৃত্যুদণ্ড। নিযুক্তি অথবা পদোন্নতিৰ প্ৰলোভন বা পৰিচয় লুকুৱাই ৰাখি মিছা প্ৰতিশ্ৰুতিৰে এগৰাকী মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা সকলৰ বিৰুদ্ধে এটা নতুন অপৰাধো ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ত অন্তৰ্ভুক্ত কৰা হৈছে।
নতুন অপৰাধমূলক আইনত মহিলাৰ সুৰক্ষা সম্পৰ্কীয় মুখ্য ব্যৱস্থাসমূহ সংযোজনত দিয়া হৈছে।
চৰকাৰ মানৱ সৰবৰাহৰ অপৰাধ প্ৰতিৰোধৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ৰ ১৪৩ নম্বৰ অনুচ্ছেদে মানৱ সৰবৰাহৰ অপৰাধৰ বাবে আজীৱন কাৰাদণ্ডলৈকে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিছে। এই অপৰাধত শিশুৰ সৰবৰাহ জড়িত থাকিলে, ইয়াৰ শাস্তি কমেও ১০ বছৰ কাৰাদণ্ড, অথবা ই আজীৱন কাৰাদণ্ডলৈ বৃদ্ধি হ'ব পাৰে আৰু জৰিমনাসহ শাস্তিও প্ৰদান কৰা হ'ব। 'ভিক্ষা' খুজিবলৈ মানৱ সৰবৰাহ কৰা শোষণৰ এক প্ৰকাৰ হিচাপে বিবেচনা কৰা হৈছে আৰু ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ৰ ধাৰা ১৪৩-ৰ অধীনত ই শাস্তিযোগ্য। ইয়াৰ উপৰি, ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ৰ ধাৰা ১৪৪ (১)-ত সৰবৰাহ কৰা শিশুৰ যৌন শোষণৰ অপৰাধৰ বাবে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। এনে অপৰাধৰ বাবে নিম্নতম শাস্তি পাঁচ বছৰৰ পৰা আজীৱন কাৰাদণ্ডলৈ বৃদ্ধি কৰা হৈছে।
*****
আনুষংগিক ১/১
মহিলাৰ সুৰক্ষাৰ বাবে থকা বিধানসমূহ
১. ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ৰ এটা নতুন অধ্যায়-৫ত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধসমূহক আন সকলো অপৰাধতকৈ অগ্ৰাধিকাৰ দিয়া হৈছে।
২. ভাৰতীয় ন্যায় সংহিতাত, দলবদ্ধ ধৰ্ষণৰ ভুক্তভোগীসকলৰ বাবে বয়সৰ পাৰ্থক্য আঁতৰ কৰা হৈছে। ইয়াৰ পূৰ্বে ১৬বছৰ আৰু ১২ বছৰৰ তলৰ এগৰাকী ছোৱালীৰ দলবদ্ধ ধৰ্ষণৰ বাবে ভিন ভিন শাস্তি নিৰ্ধাৰণ কৰা হৈছিল। এই ব্যৱস্থা সংশোধন কৰি এতিয়া ১৮ বছৰৰ তলৰ এগৰাকী মহিলাক কৰা দলবদ্ধ ধৰ্ষণৰ বাবে আজীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।
৩. মহিলাসকলক পৰিয়ালৰ এগৰাকী প্ৰাপ্তবয়স্ক সদস্য হিচাপে স্বীকৃতি দিয়া হৈছে যিয়ে আমন্ত্ৰণ জনোৱা ব্যক্তিৰ হৈ চমন লাভ কৰিব পাৰে।
৪. ভুক্তভোগীক অধিক সুৰক্ষা প্ৰদান কৰিবলৈ আৰু ভুক্তভোগীৰ বিবৃতিৰ অপৰাধ সম্পৰ্কীয় তদন্তত স্বচ্ছতা বলৱৎ কৰিবলৈ আৰক্ষীয়ে অডিঅ’-ভিডিঅ’ৰ জৰিয়তে ৰেকৰ্ড কৰিব লাগিব।
৫. মহিলাৰ বিৰুদ্ধে কিছুমান অপৰাধৰ ক্ষেত্ৰত, ভুক্তভোগীৰ বিবৃতি, যিমানদূৰ সম্ভৱ এগৰাকী মহিলা ন্যায়াধীশে আৰু তেওঁৰ অনুপস্থিতিত এগৰাকী মহিলাৰ উপস্থিতিত এজন পুৰুষ ন্যায়াধীশে সংবেদনশীলতা আৰু নিৰপেক্ষতা নিশ্চিত কৰিবলৈ, ভুক্তভোগীসকলৰ বাবে এক সহায়ক পৰিৱেশৰ সৃষ্টি কৰিব লাগিব।
আনুষংগিক ২/২
৬. চিকিৎসকসকলে ৭ দিনৰ ভিতৰত ভুক্তভোগীৰ চিকিৎসাৰ প্ৰতিবেদন তদন্তকাৰী বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক।
৭. এই বিষয়ে উল্লেখ কৰা হৈছে যে পোন্ধৰ বছৰৰ তলৰ বা ৬০ বছৰৰ (পূৰ্বে ৬৫ বছৰ ) ওপৰৰ বয়সৰ কোনো পুৰুষ বা মহিলা বা মানসিক বা শাৰীৰিকভাৱে অক্ষম ব্যক্তি বা জটিল ৰোগত আক্ৰান্ত পুৰুষ বা মহিলাই এনে পুৰুষ বা মহিলাৰ বাসস্থানৰ বাহিৰে আন কোনো স্থানত উপস্থিত থাকিব নালাগে। এনে ক্ষেত্ৰত এগৰাকী পুৰুষ বা মহিলাই থানাত উপস্থিত থাকিলৈ ইচ্ছুক হ’লে তেওঁলোকক তেনে কৰিবলৈ অনুমতি দিয়া হ' ব পাৰে।
৮. নতুন আইনসমূহে সকলো চিকিৎসালয়ত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ ভুক্তভোগীসকলক বিনামূলীয়া প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিছে। এই ব্যৱস্থাই প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভুক্তভোগীসকলৰ কল্যাণ আৰু আৰোগ্যক অগ্ৰাধিকাৰ দি অত্যাৱশ্যকীয় চিকিৎসা সেৱাৰ তাৎক্ষণিক প্ৰৱেশাধিকাৰ নিশ্চিত কৰে।
গৃহ মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰী বান্দী সঞ্জয় কুমাৰে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে।
***
RK/VV/HS/PS/PR/MK
(Release ID: 2147327)