গৃহ মন্ত্ৰালয়
লোকপিয়ল ২০২৭
प्रविष्टि तिथि:
22 JUL 2025 3:47PM by PIB Guwahati
১৬-০৬-২০২৫ তাৰিখৰ গেজেট অধিসূচনা প্ৰকাশৰ সৈতে চৰকাৰৰ ২০২৭ চনৰ লোকপিয়লৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই সন্দৰ্ভত ২০২৫চনৰ ৩ আৰু ৪ জুলাইত নতুন দিল্লীত দুদিনীয়া সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনত লোকপিয়ল অপাৰেচনৰ সঞ্চালক, লোকপিয়ল অপাৰেচন সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়া তথা ভাৰতৰ পঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ কাৰ্যালয়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।
সন্মিলনখনত আগন্তুক লোকপিয়লৰ ৰূপৰেখা আৰু ইয়াৰ লগত জড়িত কাৰ্যকলাপ যেনে প্ৰশাসনিক গোটৰ কাৰ্যাৱলী চূড়ান্ত কৰা, মোবাইল এপৰ জৰিয়তে তথ্য সংগ্ৰহ কৰা, লোকপিয়ল ব্যৱস্থাপনা আৰু নিৰীক্ষণ প্ৰণালী (চি এম এম এছ) প'ৰ্টেলৰ জৰিয়তে লোকপিয়ল কাৰ্যকলাপৰ ব্যৱস্থাপনা আৰু নিৰীক্ষণ, আত্ম-গণনা, লোকপিয়লৰ কৰ্মীসকলৰ প্ৰশিক্ষণ আদিৰ ওপৰত আলোচনা কৰা হয়।
লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰে।
***
RK/VV/HS/PS/PR/MK
(रिलीज़ आईडी: 2147141)
आगंतुक पटल : 36