প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বন মহোৎসৱত সন্মানীয় ন্যায়াধীশসকলৰ উৎসাহপূৰ্ণ অংশগ্ৰহণ কাৰ্য্যক প্ৰশংসা কৰে
পোষ্ট কৰা হৈছে:
19 JUL 2025 7:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বন মহোৎসৱত সন্মানীয় ন্যায়াধীশসকলৰ উৎসাহপূৰ্ণ অংশগ্ৰহণ কাৰ্য্যক প্ৰশংসাৰে পাৰিপাৰ্শ্বিক দায়বদ্ধতাৰ প্ৰতি নাগৰিকসকলক অনুপ্ৰাণিতকৰণত তেওঁলোকৰ ভূমিকাত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশেৰে কয় যে তেওঁলোকৰ এনে অংশগ্ৰহণে মাতৃলৈ শ্ৰদ্ধা হিচাপে সকলো লোককে গছপুলি ৰোপণ কৰিবলৈ উৎসাহিতকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা ৰাষ্ট্ৰজোৰা পদক্ষেপ এক পেড় মা কে নামক এক নতুন গতি প্ৰদান কৰিব।
দিল্লী-এনচিটি চৰকাৰৰ মন্ত্ৰী শ্ৰী মঞ্জিন্দৰ সিং ছিৰছাই এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ
“বন মহোৎসৱত সন্মানীয় ন্যায়াধীশসকলৰ অংশগ্ৰহণে সকলোকে অনুপ্ৰাণিত কৰিছে। এই কাৰ্য্যই ‘এক পেড় মা কে নাম’ অভিযানক এক নতুন গতি প্ৰদান কৰিব বুলি মই নিশ্চিত।
#EkPedMaaKeNaam”
*****
MJPS/SR/SB
(ৰিলিজ আই ডি : 2146699)
অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam