কেবিনেট
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাত কেবিনেটৰ অনুমোদন

১০০খন জিলাৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডত দ্ৰুতগতিত উন্নয়ন

Posted On: 16 JUL 2025 2:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ছবছৰৰ বাবে “প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা”ত অনুমোদন জনায়। ২০২৫-২৬ বৰ্ষৰ পৰা ১০০খন জিলাত কাৰ্যকৰী হ’ব এই আঁচনিখন। নিটি আয়োগৰ আকাংক্ষিত জিলা কাৰ্যসূচীৰ পৰা অনুপ্ৰাণিত হৈ প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা হৈছে কৃষি আৰু সংশ্লিষ্ট খণ্ডক কেন্দ্ৰ কৰি প্ৰথমখন নিবেদিত আঁচনি।

কৃষি উৎপাদনশীলতা বৃদ্ধি, শস্যৰ বৈচিত্ৰ্য আৰু বহনক্ষম কৃষি পদ্ধতি গ্ৰহণ, পঞ্চায়ত আৰু ব্লক পৰ্যায়ত শস্য চপোৱাৰ পিছৰ মজুতকৰণ ক্ষমতা বৃদ্ধি, জলসিঞ্চনৰ সুবিধা উন্নত কৰা আৰু দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী ঋণৰ উপলব্ধতা সহজ কৰি তোলা আদি আঁচনিখনৰ লক্ষ্য। কেন্দ্ৰীয় বাজেট ২০২৫-২৬ত “প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা”ৰ অধীনত ১০০খন জিলাৰ উন্নয়নৰ ঘোষণাৰ লগত সংগতি ৰাখি এই কথা ঘোষণা কৰা হৈছে। ১১টা বিভাগৰ ৩৬খন বৰ্তমানৰ আঁচনি, ৰাজ্যসমূহৰ অন্যান্য আঁচনি আৰু ব্যক্তিগত খণ্ডৰ স্থানীয় অংশগ্ৰহণৰ জৰিয়তে এই আঁচনি ৰূপায়ণ কৰা হ’ব।

তিনিটা মূল সূচকৰ ভিত্তিত ১০০খন জিলা চিনাক্ত কৰা হ’ব। সেয়া হৈছে কম উৎপাদনশীলতা, কম শস্যৰ তীব্ৰতা আৰু কম ঋণ প্ৰদান। প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত জিলাৰ সংখ্যা শুদ্ধ শস্যৰ ক্ষেত্ৰফল (এটা কৃষি বৰ্ষত প্ৰকৃততে শস্য খেতি কৰা মুঠ ক্ষেত্ৰফল) আৰু কাৰ্য্যকৰী ভূমিৰ ওপৰত ভিত্তি কৰি হ’ব। আঁচনিৰ বাবে প্ৰতিখন ৰাজ্যৰ পৰা অন্ততঃ এখন জিলা নিৰ্বাচন কৰা হ’ব।

আঁচনিখনৰ ফলপ্ৰসূ পৰিকল্পনা, ৰূপায়ণ আৰু নিৰীক্ষণৰ বাবে জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সমিতি গঠন কৰা হ’ব। জিলা ধন ধান্য সমিতিৰ দ্বাৰা জিলা কৃষি আৰু সংশ্লিষ্ট কাৰ্যকলাপৰ পৰিকল্পনা চূড়ান্ত কৰা হ’ব। এই সমিতিৰ সদস্য হিচাপে প্ৰগতিশীল কৃষকো থাকিব। শস্যৰ বৈচিত্ৰ্যতা, জল আৰু মাটিৰ স্বাস্থ্য সংৰক্ষণ, কৃষি আৰু সংশ্লিষ্ট খণ্ডত স্বাৱলম্বীতা আৰু প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ প্ৰসাৰৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ লগত সংগতি ৰাখি জিলা পৰিকল্পনাসমূহ হ’ব। প্ৰতিখন ধন ধান্য জিলাত আঁচনিৰ অগ্ৰগতি ১১৭টা মূল প্ৰদৰ্শন সূচক অনুসৰি ডেচব’ৰ্ডৰ জৰিয়তে মাহেকীয়া ভিত্তিত নিৰীক্ষণ কৰা হ’ব। নিটি আয়োগে জিলা পৰিকল্পনাসমূহো পৰ্যালোচনা আৰু পথ প্ৰদৰ্শন কৰিব। তদুপৰি প্ৰতিখন জিলাত নিযুক্ত কেন্দ্ৰীয় ন’ডেল বিষয়াইও নিয়মীয়াকৈ আঁচনিখন পৰ্যালোচনা কৰিব।

এই ১০০খন জিলাত লক্ষ্য নিৰ্ধাৰিত ফলাফলৰ উন্নতিৰ ফলত দেশৰ মূল প্ৰদৰ্শন সূচকৰ সামগ্ৰিক গড় বৃদ্ধি পাব। এই আঁচনিৰ ফলত কৃষি আৰু সংশ্লিষ্ট খণ্ডত উৎপাদনশীলতা বৃদ্ধি, মূল্য সংযোজন (উৎপাদন আৰু সেৱাৰ উন্নীতকৰণ) আৰু স্থানীয় জীৱিকাৰ সৃষ্টি হ’ব। এইদৰে এই আঁচনিখনে ঘৰুৱা উৎপাদন আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিব (আত্মনিৰ্ভৰ ভাৰত)। এই শতাধিক জিলাৰ সূচকসমূহৰ ক্ৰমবৰ্ধমান উন্নতিৰ লগে লগে ৰাষ্ট্ৰীয় সূচকসমূহো স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পাব।

*****

MJPS/BM/DB


(Release ID: 2145256) Visitor Counter : 4