গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে মহাৰাষ্ট্ৰৰ পুনেত পুনা লাইফস্পেচ ইণ্টাৰনেশ্যনেলৰ ভূমি পূজন কৰে

আগন্তুক দিনত ইয়াত নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰত ছহাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব

পুনা লাইফস্পেচ ইণ্টাৰনেশ্যনেলে চিকিৎসা সেৱা, শিক্ষা আৰু চিকিৎসা গৱেষণাৰ কামক এক নতুন দিশ, নতুন পন্থা আৰু নতুন যুগলৈ আগবঢ়াই নিয়াৰ সিদ্ধান্ত লৈছে

বিগত ১১ বছৰত মোদী চৰকাৰে সুচিন্তিত সামগ্ৰিক দৃষ্টিভংগীৰে দেশৰ নাগৰিকৰ স্বাস্থ্য উন্নত কৰাৰ অৰ্থে সকলো ব্যৱস্থা কৰিছে

মোদী চৰকাৰে চিকিৎসা মহাবিদ্যালয়ৰ আসনৰ সংখ্যা দুগুণ কৰি, স্নাতকোত্তৰ আসন ২.৫ গুণ বৃদ্ধি কৰাৰ লগতে পি এম জন ঔষধি কেন্দ্ৰৰ জৰিয়তে দৰিদ্ৰ লোকৰ বাবে মাত্ৰ ২০% খৰচত ঔষধ উপলব্ধ কৰিছে

Posted On: 04 JUL 2025 7:19PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ পুনেত পুনা লাইফস্পেচ ইণ্টাৰনেশ্যনেলৰ ভূমি পূজন কৰে। এই উপলক্ষে্য আয়োজিত অনুষ্ঠানত  মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিণ্ডে আৰু কেন্দ্ৰীয় সমবায় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত মুৰলীধৰ মোহলকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

ভাষণ প্ৰসংগত  কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহমবায়  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে অনাগত দিনত পুনে চহৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ছহাজাৰ ছাত্ৰ-ছাত্ৰীয়ে নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয় তথা  গৱেষণা কেন্দ্ৰত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব পাৰিব। তেওঁ কয় যে আগন্তুক সময়ত পুনে আৰু সমগ্ৰ পশ্চিম মহাৰাষ্ট্ৰক সেৱা আগবঢ়াবলৈ ১৪ একৰৰ এই  এলেকা উপলব্ধ হ’ব। শ্ৰী শ্বাহে কয় যে পি এইচ আৰ চি লাইফ ছায়েন্স অৰ্গানাইজেছনে  নতুন দিশ, সতেজ দৃষ্টিভংগী আৰু নতুন যুগৰ সূচনা কৰাৰ দৃষ্টিভংগীৰে ১৪ একৰ মাটিত ১.৪ নিযুত বৰ্গ ফুটৰ নিৰ্মাণ অঞ্চলৰ সৈতে চিকিৎসা সেৱা, শিক্ষা, আৰু চিকিৎসা গৱেষণাক আগুৱাই নিয়াৰ সিদ্ধান্ত লৈছে।

শ্ৰী অমিত শ্বাহে কয় যে যোৱা ১১ বছৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰে সামগ্ৰিক দৃষ্টিভংগীৰে ১৪০ কোটি ভাৰতীয়ৰ স্বাস্থ্য উন্নতি আৰু শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ কয় যে দেশত প্ৰথম ১৫ কোটি শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল আৰু মোদী জীয়ে সৰু ল’ৰা-ছোৱালী আৰু যুৱক-যুৱতীসকলৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সংস্কৃতি গঢ়ি তোলাৰ বাবে কাম কৰি গৈছিল। তেওঁ কয় যে মোদী জীয়ে যোগ দিৱস আৰম্ভ কৰিছিল , যি শৰীৰ, মন আৰু আত্মাক সুস্থ কৰি ৰখাৰ বাবে প্ৰয়োজনীয়। তেওঁ কয় যে ফিট ইণ্ডিয়াৰ জৰিয়তে দেশত এক নতুন সংস্কৃতিৰ সৃষ্টি হৈছে। ইয়াৰ লগতে মিছন ইন্দ্ৰধনুশৰ অধীনত সমগ্ৰ দেশতে নৱজাতকৰ পৰা ১৬ বছৰ বয়সলৈকে শিশুৰ বাবে ভেকচিন সুৰক্ষা বিনামূলীয়াকৈ উপলব্ধ কৰা হৈছে। শ্ৰী শ্বাহে কয় যে মোদী চৰকাৰে দেশৰ দৰিদ্ৰ লোকক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰিছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰে চিকিৎসা মহাবিদ্যালয়ৰ  আসন দুগুণ কৰা, লগতে স্নাতকোত্তৰ আসন ডেৰ-দুগুণ বৃদ্ধি কৰাৰ লগতে প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ জৰিয়তে দৰিদ্ৰ লোকৰ বাবে মাত্ৰ ২০ শতাংশ মূল্যত ঔষধ উপলব্ধ কৰোৱাইছে । তেওঁ কয় যে ২০১৩-১৪ চনত ভাৰত চৰকাৰৰ স্বাস্থ্য বাজেট আছিল ৩৭ হাজাৰ কোটি টকা   আৰু ২০২৫-২৬ চনত মোদী জীয়ে সামগ্ৰিক দৃষ্টিভংগীৰে সেয়া ১ লাখ ৩৭ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰিছে। তেওঁ কয় যে মোদী চৰকাৰে সমগ্ৰ দেশতে ৭৩০ টা ইন্টিগ্ৰেটেড পাব্লিক হেল্থ লেব নিৰ্মাণ কৰিছে, একেদৰে  ৩৩৮২ টা জনস্বাস্থ্য গোট  নিৰ্মাণ কৰাৰ লগতে ৬০২ টা ক্ৰিটিকেল কেয়াৰ বক্স নিৰ্মাণ কৰিছে। শ্ৰী শ্বাহে কয় যে মোদী জীয়ে দেশৰ নাগৰিকৰ স্বাস্থ্য উন্নত কৰাৰ বাবে সুচিন্তিত সামগ্ৰিক দৃষ্টিভংগীৰে এই সকলো পদক্ষেপ গ্ৰহণ কৰিছে।  তেওঁ কয় যে এক প্ৰকাৰে স্বাস্থ্যসেৱাক স্পৰ্শ কৰা প্ৰতিটো কাৰ্যসূচীৰ প্ৰতি বিশেষ গুৰুত্ব  আৰোপ কৰা হৈছে, বিশেষকৈ চিকিৎসা শিক্ষা আৰু গৱেষণাৰ বিষয়ত বিশেষভাবে গুৰুত্ব দিয়া হৈছে। সমাজখন একত্ৰিত হৈ স্বাস্থ্য সুৰক্ষাৰ  বিষয়টোক  গণ আন্দোলনলৈ ৰূপান্তৰিত নকৰিলে  কোনো চৰকাৰে দেশৰ সকলো নাগৰিককে স্বাস্থ্য সম্পৰ্কীয় সুৰক্ষা দিব নোৱাৰে বুলিও তেওঁ কয়।

*****

RK/VV/ASH/PS/DM


(Release ID: 2142398) Visitor Counter : 3