গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

মহাৰাষ্ট্ৰৰ পুনেৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত শ্ৰীমন্ত বাজীৰাও পেশ্বৱা-প্ৰথমৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিকাশ ভি, বিৰাসত ভি’ মন্ত্ৰৰ জৰিয়তে হাজাৰ হাজাৰ বছৰ ধৰি প্ৰবাহিত যোদ্ধাৰ ইতিহাস যুৱক-যুৱতীসকলৰ মাজলৈ লৈ আহিছে


গোটেই জীৱন কেতিয়াও পৰাজিত নোহোৱা বাজিৰাও পেশ্বৱাৰ দৰে বীৰ যোদ্ধাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আটাইতকৈ উপযুক্ত স্থান হ’ল ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী

এন ডি এত স্থাপন কৰা বাজীৰাও পেশ্বৱাৰ প্ৰতিমূৰ্তিয়ে আমাৰ ভৱিষ্যত জোৱানসকলক এনেদৰে অনুপ্ৰাণিত কৰিব যে কোনেও ভাৰতৰ সীমান্তক প্ৰত্যাহ্বান জনাবলৈ সাহস নকৰিব

‘স্বৰাজ’ৰ সুৰক্ষাৰ বাবে আমাৰ সশস্ত্ৰ বাহিনী আৰু নেতৃত্বই প্ৰয়োজনীয় প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰিব আৰু ইয়াৰ উদাহৰণ হৈছে অপাৰেচন সিন্দূৰ

Posted On: 04 JUL 2025 4:56PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ পুনেত শ্ৰীমন্ত বাজিৰাও পেশ্বৱা- প্ৰথমৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। এই উপলক্ষে্য মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনৱীছ, উপ-মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিণ্ডে আৰু শ্ৰী অজিত পাৱাৰ তথা কেন্দ্ৰীয় সমবায় দপ্তৰৰ  ৰাজ্যিক মন্ত্ৰী শ্ৰী মুৰলীধৰ মোহলৰ লগতে আন বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

9B7A0373.JPG

ভাষণ প্ৰসংগত  কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰীগৰাকীয়ে  কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে "বিকাশ ভি বিৰাসত ভি" মন্ত্ৰ দিছে, যাৰ অধীনত আমাৰ “হাজাৰ বছৰ” পুৰণি সংস্কৃতি, ইয়াৰ ইতিহাস আৰু প্ৰেৰণাদায়ক ব্যক্তিসকলৰ বিষয়ে  আমাৰ যুৱক-যুৱতী আৰু যোদ্ধাসকলৰ বাবে সহজে জানিব পৰাটো সম্ভৱ হৈ পৰিছে। তেওঁ কয় যে পুনেৰ ভূমি ‘স্বৰাজ’ৰ ধাৰণাৰ জন্মস্থান। শ্ৰী শ্বাহে উল্লেখ কৰে যে সপ্তদশ শতিকাত পুনেৰ পৰা ‘স্বৰাজ’ৰ কণ্ঠৰ উন্মেষ ঘটিছিল আৰু যেতিয়া জনসাধাৰণে ‘স্বৰাজ’ৰ বাবে  ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময় আহিছিল, তেতিয়া লোকমান্য বাল গংগাধৰ তিলক মহাৰাজেহে প্ৰথমে ইয়াৰ  দাবী জনাইছিল। তেওঁ লগতে কয় যে মহাৰাষ্ট্ৰৰ ভূমিৰ পৰা এজন ব্যক্তিয়ে নিজৰ জীৱনকালত নিজৰ দেশৰ বাবে কিমান কাম কৰিব পাৰে সেয়া  প্ৰদৰ্শন কৰি এক আদৰ্শ দাঙি ধৰিলে বীৰ সাৱৰকাৰে।

 

শ্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ দেশতে পেশ্বৱা বাজীৰাওৰ বহু প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে যদিও বীৰগৰাকীৰ স্মৃতিসৌধৰ বাবে আটাইতকৈ উপযুক্ত স্থান হৈছে পুনেৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (এন ডি এ)। তেওঁ উল্লেখ কৰে যে ভাৰতৰ তিনিটা সশস্ত্ৰ বাহিনীৰ ভৱিষ্যত ব্যক্তিসকল এই একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত। শ্ৰী শ্বাহে লগতে কয় যে আমাৰ ভৱিষ্যত সৈনিকসকলে যদি বাজীৰাও পেশ্বৱাৰ পৰা প্ৰেৰণা লাভ কৰে আৰু তেওঁৰ জীৱনৰ পৰা শিক্ষা লয় তেন্তে আগন্তুক দিনত  যুগ যুগ ধৰি ভাৰতৰ সীমান্তক কোনেও প্ৰত্যাহ্বান জনাবলৈ সাহস নকৰিব।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে  কয় যে যুদ্ধ কলাৰ কিছুমান নীতি কালজয়ী আৰু চিৰন্তন। তেওঁ কয় যে কৌশল, গতি, নিষ্ঠা, দেশপ্ৰেম আৰু ত্যাগৰ মনোভাৱেই যুদ্ধত সেনাবাহিনীক জয়ৰ দিশে লৈ যায়। শ্ৰী শ্বাহে উল্লেখ কৰে যে বাজিৰাও পেশ্বৱাই ২০ বছৰৰ ভিতৰত ৪১খন যুদ্ধ কৰিছিল আৰু সকলোবোৰতে বিজয়ী হৈ বীৰৰ বেশেৰে ওলাই আহিছিল। তেওঁ লগতে কয় যে এন ডি এ বাজীৰাও পেশ্বৱাৰ দৰে সাহসী যোদ্ধাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আটাইতকৈ উপযুক্ত স্থান, যিগৰাকী বীৰে  তেওঁৰ সমগ্ৰ  জীৱনত কেতিয়াও পৰাজয়ক নিজৰ কাষলৈ আহিবলৈ দিয়া নাছিল।

CR5_0322.JPG

শ্ৰী অমিত শ্বাহে কয় যে নিজৰ দক্ষতা, কৌশল আৰু সাহসী সংগীৰ সহায়ত বাজীৰাও পেশ্বৱাই বহু পৰাজয়ৰ আশংকা থকা  যুদ্ধক জয়লৈ ৰূপান্তৰিত কৰিছিল। তেওঁ উল্লেখ কৰে যে বাজীৰাও পেশ্বৱাই দাসত্বৰ প্ৰতীক য’তেই আছিল তাতেই সেয়া  ধ্বংস কৰি তাৰ ঠাইত স্বাধীনতাৰ দীপ জ্বলাইছিল। শ্ৰী শ্বাহে উল্লেখ কৰে যে  ২০ বছৰীয়া কাৰ্যকালত কোনেও কেতিয়াও বাজীৰাও পেশ্বৱাক ঘোঁৰাৰ পৰা নামি অহা দেখা নাছিল। তেওঁ লগতে কয় যে বাজিৰাও পেশ্বৱাই শনিৱৰৱাড়া প্ৰাসাদ  নিৰ্মাণৰ কাম হাতত লৈছিল, পানী যোগান ব্যৱস্থাপনা  ৰূপায়ণ কৰিছিল আৰু বহু  সামাজিক অশুভ শক্তিৰ বিৰুদ্ধে যুঁজিছিল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে একাংশ লোকে বাজিৰাও পেশ্বৱাক ঐশ্বৰিক মেধাসম্পন্ন সেনাপতি, অজেয় যোদ্ধা, শিৱাজীৰ সৰ্বশ্ৰেষ্ঠ শিষ্য বুলি উল্লেখ কৰিছিল। তেওঁ দৃঢ়তাৰে কয় যে বাজীৰাৱে  সকলো যুদ্ধ নিজৰ বাবে নহয় , জাতি আৰু ‘স্বৰাজ’ৰ বাবেই  কৰিছিল। শ্ৰী শ্বাহে এই সিদ্ধান্তত উপনীত হয় যে বাজীৰাও পেশ্বৱাই নিজৰ মাতৃভূমি, ধৰ্ম, স্বৰাজৰ বাবে প্ৰতিখন যুদ্ধ কৰি এক অমৰ ইতিহাসৰ সৃষ্টি কৰিছিল,  যি কথাৰ পুনৰাবৃত্তি অনাগত  বহু শতিকালৈকে কোনেও কৰিব নোৱাৰিব।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে লগতে   কয় যে কম আয়ুসতে ছাত্ৰপতি শিৱাজী মহাৰাজে কেৱল হিন্দাৱী স্বৰাজ প্ৰতিষ্ঠা কৰাই নহয়, যুৱক-যুৱতীসকলৰ হৃদয়ত স্বৰাজৰ মূল্যবোধৰ বীজ সিঁচিছিল। তেওঁ উল্লেখ কৰে যে শিৱাজী মহাৰাজৰ পিছত বহু ব্যক্তিয়ে তেওঁৰ পৰম্পৰাক আগুৱাই লৈ গৈছিল, স্বৰাজৰ জুইকুৰা যাতে কেতিয়াও নুমাই নাযায় সেই প্ৰচেষ্টা অব্যাহত ৰাখিছিল। শ্ৰী শ্বাহে লগতে কয় যে পেশ্বৱাই  যদি ১০০ বছৰ ধৰি শিৱাজী মহাৰাজে আৰম্ভ কৰা স্বাধীনতাৰ যুঁজখন অব্যাহত ৰাখিব নোৱাৰিলেহেঁতেন তেন্তে ভাৰতৰ অস্তিত্ব আজিৰ দৰে নাথাকিলহেঁতেন।

9B7A0357.JPG

শ্ৰী অমিত শ্বাহে কয় যে যেতিয়াই হতাশাই জীৱনক আৱৰি ধৰে  তেতিয়াই ডেকা শিৱাজী মহাৰাজ আৰু শ্ৰীমন্ত বাজীৰাও পেশ্বৱাৰ চিন্তা  মনলৈ আহে আৰু তেওঁলোকৰ কথা ভাবিলেই  হতাশাই  বহু দূৰলৈ পলাই ফাট মাৰে। তেওঁ উল্লেখ কৰে যে শিৱাজী মহাৰাজে কল্পনা কৰা ভাৰত গঢ়াৰ দায়িত্ব এতিয়া  ১৪০ কোটি ভাৰতীয়ৰ ওপৰত। তেওঁ লগতে কয় যে যেতিয়াই স্বৰাজৰ সুৰক্ষাৰ প্ৰয়োজন হ’ব তেতিয়াই আমাৰ সশস্ত্ৰ বাহিনী আৰু নেতৃত্বই নিঃসন্দেহে নিজৰ কৰ্তব্য পালন কৰিব, ইয়াৰ উদাহৰণ অপাৰেচন সিন্দূৰ। শ্ৰী শ্বাহে কয় যে ‘স্বৰাজ’ৰ সমান্তৰালভাৱে এখন মহান ভাৰত সৃষ্টি কৰাটোও ছত্ৰপতিৰ দৃষ্টিভংগী আছিল— স্বাধীনতাৰ শতবাৰ্ষিকী পালন কৰিবলৈ অগ্ৰসৰ হোৱা  ভাৰত এতিয়া প্ৰতিটো ক্ষেত্ৰতে আগৰণুৱা দেশ । তেওঁ দৃঢ়তাৰে কয় যে  এই লক্ষ্যত উপনীত হোৱাৰ বাবে  প্ৰয়োজনীয় পৰিশ্ৰম, নিষ্ঠা, ত্যাগক অনুপ্ৰাণিত কৰিবলৈ আমাৰ ইতিহাসত শ্ৰীমন্ত বাজীৰাও পেশ্বৱাতকৈ উত্তম  ব্যক্তি দ্বিতীয় এজন আৰু নাই।

*****

RK/VV/ASH/PS/DM


(Release ID: 2142396)