গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ড্ৰাগছ চক্ৰক নিঃশেষ কৰি আমাৰ যুৱক-যুৱতীসকলক সুৰক্ষা প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ, তেওঁলোকে য’ৰ পৰাই কাম কৰি নাথাকক কিয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে এনচিবি আৰু সকলো সংস্থাক বিশ্বব্যাপী বিয়পি থকা ড্ৰাগছ চক্ৰক ধ্বংস কৰাৰ বাবে অভিনন্দন জনায়

এনে তদন্তই একাধিক সংস্থাৰ সমন্বয়ৰ এক উল্লেখনীয় উদাহৰণ দাঙি ধৰিছে, যাৰ ফলত ৮ জনক গ্ৰেপ্তাৰ আৰু ৫টা ড্ৰাগছৰ মজুতকৰা স্থান জব্দ কৰাৰ লগতে ৪খন মহাদেশ তথা ১০+ এই চক্ৰটোৰ বিৰুদ্ধে আমেৰিকা আৰু অষ্ট্ৰেলিয়াতো তীব্ৰ অভিযান আৰম্ভ কৰা হৈছে

ড্ৰাগছ চক্ৰই টেলিগ্ৰাম, ক্ৰিপ্টো-মুদ্ৰা পেমেণ্ট আৰু বেনামী ড্ৰপ শ্বিপাৰ ব্যৱহাৰ কৰি আহিছে

Posted On: 02 JUL 2025 5:34PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায়  দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে এনচিবি আৰু সকলো সংস্থাক বিশ্বব্যাপী ড্ৰাগছ চক্ৰ ধ্বংস কৰা বাবে অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে প্ৰতিটো ড্ৰাগছ চক্ৰ নিঃশেষ কৰি পেলাবলৈ আৰু আমাৰ যুৱক-যুৱতীসকলক সুৰক্ষা দিবলৈ দৃঢ়প্ৰতিজ্ঞ, সেই চক্ৰ  য’ৰ পৰাই পৰিচালিত  নহওক কিয়।

 

এক্স প্লেটফৰ্মৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়  “এটা বিশ্বব্যাপী ড্ৰাগছ চক্ৰ  ধ্বংস কৰি  পেলোৱাৰ বাবে এনচিবি আৰু সকলো সংস্থালৈ অভিনন্দন।

এনে  তদন্তই বহু-এজেন্সীৰ সমন্বয়ৰ এক উল্লেখনীয় উদাহৰণ দাঙি ধৰিছে, যাৰ ফলত ৮ জনক গ্ৰেপ্তাৰ আৰু ৫টা ড্ৰাগছৰ মজুতকৰা স্থান   জব্দ কৰাৰ লগতে ৪খন মহাদেশ তথা  ১০+ দেশত চলি থকা এই চক্ৰটোৰ বিৰুদ্ধে আমেৰিকা আৰু অষ্ট্ৰেলিয়াত কঠোৰ অভিযান আৰম্ভ কৰা হৈছে।এই চক্ৰসমূহে ব্যৱহাৰ কৰা ক্ৰিপ্টো পেমেণ্ট আৰু বেনামী ড্ৰপ শ্বিপাৰৰ দৰে অত্যাধুনিক মোডসমূহ অহৰহ নিৰীক্ষণ কৰি থকা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে প্ৰতিটো ড্ৰাগছ চক্ৰ নিঃশেষ কৰি পেলাবলৈ আৰু আমাৰ যুৱক-যুৱতীসকলক সুৰক্ষা দিবলৈ দৃঢ়প্ৰতিজ্ঞ, সেই চক্ৰ  য’ৰ পৰাই পৰিচালিত  নহওক কিয়।

 

 

অপাৰেচন- মেড মেক্স

এই অভিযান হৈছে অবৈধ  ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে গ্ৰহণ কৰা সুদূৰপ্ৰসাৰী অভিযানসমূহৰ ভিতৰৰে এক  অন্যতম অভিযান।   নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো (এনচিবি)ৰৰ মুখ্য কাৰ্যালয়ৰ  অপাৰেচন ইউনিটে চাৰিখন মহাদেশত নিয়ন্ত্ৰিত ঔষধ সৰবৰাহৰ বাবে এনক্ৰিপ্টেড ডিজিটেল প্লেটফৰ্ম, ড্ৰপ শ্বিপিং মডেল আৰু ক্ৰিপ্টোকাৰেন্সী ব্যৱহাৰ কৰা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই সেইবোৰ চক্ৰক সফলতাৰে ধ্বংস কৰি পেলাইছে। নতুন দিল্লীৰ বেংগলী বজাৰৰ ওচৰত নিয়মীয়া তালাচীৰ সময়ত  বাহন আটক কৰাৰ পৰাই  আৰম্ভ হোৱা তদন্তত সমগ্ৰ ভাৰত, আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ইউৰোপত চলি থকা এক অপৰাধমূলক কাৰ্।ৰ কথা ওলাই পৰে   । এনে তদন্তৰ জড়িয়তে  অবৈধ ফাৰ্মা নেটৱৰ্কৰ বিশ্বব্যাপী প্ৰসাৰ আৰু সমন্বিত আন্তঃৰাষ্ট্ৰীয় বলবৎকাৰী কাৰ্য্যৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত এনচিবিৰ সামৰ্থ্যৰ কথাই  প্ৰদৰ্শন কৰিছে। এই অভিযানে ৪খন মহাদেশ আৰু ১০খনতকৈও অধিক দেশক সামৰি লোৱা এটা বিশ্বব্যাপী ড্ৰাগছ চক্ৰৰ  কথা  উন্মোচন কৰিছে।

তদন্তৰ গতিপথ: দিল্লীৰ পৰা আলাবামালৈ

 

২০২৫ চনৰ ২৫ মে’ত চোৰাংচোৱাৰ গোপন  তথ্যৰ  ভিত্তিত এনচিবিৰ মুখ্য কাৰ্যালয়ৰ অভিযানকাৰী দলে দিল্লীৰ মাণ্ডী হাউছৰ ওচৰত এখন গাড়ী আটক কৰে। দুজন লোকৰ  হাতৰ পৰা ৩.৭ কিলোগ্ৰাম ট্ৰেমাডল টেবলেট জব্দ কৰা হয়—দুয়োজনেই নয়ডাৰ এখন সুনামধন্য ব্যক্তিগত বিশ্ববিদ্যালয়ৰ পৰা বি ফাৰ্মাৰ স্নাতক।

 

গ্ৰেপ্তাৰ হোৱা লোকদুজনে  ভাৰতীয় বি টু বি প্লেটফৰ্মৰে এটা ডাঙৰ প্লেটফৰ্মত এনে ব্যৱসায় চলাই থকাৰ  কথা স্বীকাৰ কৰে, য’ৰ পৰা তেওঁলোকে সমগ্ৰ আমেৰিকা, ইউৰোপ আৰু অষ্ট্ৰেলিয়াৰ গ্ৰাহকসকলক নিচাযুক্ত ঔষধৰ বড়ি বিক্ৰী কৰি আহিছিল। জেৰাৰ তথ্যৰ ভিত্তিত ৰুৰকীত এজন মজুতকাৰীক  গ্ৰেপ্তাৰ কৰা হয়, তাৰ পিছত দিল্লীৰ ময়ুৰ বিহাৰত এজন তেওঁলোকৰ এজন  সহযোগীক গ্ৰেপ্তাৰ কৰা হয়। তেওঁ  আমেৰিকালৈ নিচাযুক্ত টেললেট  সৰবৰাহ কৰাৰ বাবে ফৰমাইচ গ্ৰহণ কৰিছিল  আৰু উডুপি (কৰ্ণাটক)ৰ এজন লোকৰ সৈতে যোগাযোগ ৰাখিছিল।

 

উডুপিৰ পৰা এনচিবিয়ে এনে সামগ্ৰীৰ  ৫০টা আন্তঃৰাষ্ট্ৰীয় চালানৰ  বিষয়ে তথ্য লাভ কৰে, য’ত আছে:

 

• আমেৰিকাৰ পৰা আমেৰিকাৰ ভিতৰতে প্ৰেৰণ কৰা  ২৯টা পেকেট

 

• অষ্ট্ৰেলিয়াৰ পৰা অষ্ট্ৰেলিয়া ভিতৰতে প্ৰেৰণ  কৰা  ১৮টা পেকেট

 

• ইষ্ট’নিয়া, স্পেইন আৰু চুইজাৰলেণ্ডলৈ  প্ৰেণ কৰা ১চাকৈ পেকেট

 

এনে তথ্যসমূহ  ইন্টাৰপলৰ সৈতে ভাগ-বতৰা কৰা হৈছে, যাৰ ফলত আমেৰিকাৰ আলাবামাত আমেৰিকাৰ ডি ই এয়ে এজন মজুতকাৰী আৰু ধন সৰবৰাহকাৰীক  চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে তেনে নিচাযুক্ত  ঔষধৰ   চক্ৰটোৰ পৰিকল্পনা ব্যৰ্থ কৰিছিল।

 

গোপনীয়তাৰ বাবে নিৰ্মিত এটা নেটৱৰ্ক

 

এই ছিণ্ডিকেটটোৱে টেলিগ্ৰামৰ দৰে এনক্ৰিপ্ট কৰা যোগাযোগ মঞ্চত কাম কৰিছিল, ক্ৰিপ্টোকাৰেন্সী পেমেণ্ট, পেপল, ৱেষ্টাৰ্ণ ইউনিয়নৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু ধৰা পৰাৰ পৰা বাছি থাকিবলৈ বেনামী আন্তঃৰাষ্ট্ৰীয় ড্ৰপ শ্বিপাৰ ব্যৱহাৰ কৰিছিল। অধিক ডিজিটেল ফৰেনছিক তদন্তৰ  ফলত নতুন দিল্লী আৰু জয়পুৰৰ পৰা আৰু দুজন ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰা হয়, যিসকলে লজিষ্টিক আৰু যোগান বিষয়ক কাৰ্য চম্ভালিছিল। অপাৰেটৰসকলে কেতিয়াও নিজৰ দেশত ব্যৱসায় চলোৱা নাছিল আৰু আইনী পৰিণতিৰ পৰা হাত সাৰিবলৈ নেটৱৰ্কত আন  ড্ৰপ-শ্বিপাৰৰ জৰিয়তে সমন্বয় ৰক্ষা  কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় সংযোগ আৰু বিত্তৰ সমন্বয় সাধন কৰা মূল অভিযুক্তক  চিনাক্ত কৰি ইউ এ ইত থকা বুলি নিশ্চিত  কৰা হৈছে। ইউ এ ই কৰ্তৃপক্ষৰ সহযোগত এন চি বিয়ে  এই বিষয়ত  সক্ৰিয়ভাৱে কাম কৰি আছে।

 

অষ্ট্ৰেলিয়াৰ সৈতে সংযোগ থকা  অবৈধ কাৰখানা

 

তদন্তত আৰু উন্মোচিত হয় যে অষ্ট্ৰেলিয়াত এই চক্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত এটা গোপন নিচাযুক্ত বড়ি নিৰ্মাণৰ কাৰখানা  আছে। অষ্ট্ৰেলিয়াৰ আইন প্ৰয়োগকাৰী সংস্থাই এই গোটটো  সফলতাৰে ভাঙি পেলাইছে। অন্যান্য ন্যায়িক অধিকাৰক্ষেত্ৰত এতিয়াও অভিযান চলি আছে।

 

আমেৰিকাত অভিযান

 

ভাৰতৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৱে (এনচিবি) ভাগ বতৰা  কৰা চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এক উল্লেখযোগ্য পৰিঘটনা হিচাবে  আমেৰিকাৰ ড্ৰাগছ বলবৎকাৰী প্ৰশাসনে (ইউ এছ ডি ই এ) আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কৰ এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আলাবামাত  ৰি-শ্বিপাৰ জোৱেল হলক  অভিযানৰ অন্তত গ্ৰেপ্তাৰ কৰা হয়। লগতে ১৭ হাজাৰৰো অধিক নিচাযুক্ত   টেবলেটো জব্দ কৰা হয়।

 

তীব্ৰ  অভিযানৰ সময়ত কৰ্তৃপক্ষই ড্ৰাগছ চক্ৰৰ সৈতে জড়িত একাধিক ক্ৰিপ্টোকাৰেন্সী ৱালেট আৰু সক্ৰিয় পাৰ্চেলোৰ তথ্যও  উন্মোচন কৰে, যিয়ে অত্যাধুনিক আৰু  প্ৰযুক্তি  -নিৰ্ভৰ অভিযানৰ ইংগিত বহন কৰিছে। এই ডিজিটেল সম্পত্তি আৰু পাৰ্চেলসমূহৰ বিষয়ে  তদন্ত চলি থকাৰ লগতে    আইনী  প্ৰক্ৰিয়াও  সক্ৰিয়ভাৱে চলি আছে।

 

এই অগ্ৰগতিৰ লগতে চক্ৰৰ  মূল ধন সৰবৰাহকাৰী হিচাপে চিনাক্ত কৰা এজন ভাৰতীয়-আমেৰিকান ব্যক্তিয়ে এতিয়া আমেৰিকাত অভিযোগনামাৰ সন্মুখীন হৈছে। এই কথাই  অবৈধ উদ্যোগটোৰ বিত্তীয় মেৰুদণ্ড ভাঙি পেলোৱাৰ দৰে  এক জটিল পদক্ষেপৰ কথাই  চিহ্নিত কৰিছে।

 

সমান্তৰালভাৱে আমেৰিকাৰ ডি ই এয়ে পাঁচটা পাৰ্চেল সফলতাৰে জব্দ  কৰিছে, লগতে প্ৰায় ৭০০ গ্ৰাম জোলপিডেম টেবলেট জব্দ  কৰা হৈছে।

 

অত্যাধুনিক গ্ল'বেল নেটৱৰ্ক উন্মোচিত

 

তদন্তত দেখা গৈছে যে এই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ মূল অভিযুক্তই ইউ এ ইৰ বাহিৰত কাম কৰিছিল, উচ্চ পৰ্যায়ৰ সমন্বয়  ৰক্ষা কৰি ফৰমাইচ আদি গ্ৰহণ কৰি গৈছিল।

ফমাইচৰ ক্ষেত্ৰত এক  ডাঙৰ বি টু বি প্লেটফৰ্মৰ জৰিয়তে কাম চলাই থকা হৈছিল, য'ত চক্ৰটোৰ লোকসকলে সম্ভাৱ্য ক্ৰেতাক আকৰ্ষণ কৰিবলৈ প্ৰিমিয়াম বিক্ৰেতা শ্ৰেণীসমূহত চাবস্ক্ৰাইব কৰিছিল।  বিক্ৰীৰ পৰিচালনা কৰিবলৈ গোটটোৱে উডুপিত এটা সম্পূৰ্ণভাবে কাৰ্যক্ষম কল চেণ্টাৰ চলাইছিল, য’ত প্ৰায় ১০ জন কৰ্মচাৰী নিয়োজিত হৈ আছিল—যিসকলৰ বহুতেই এই অভিযানৰ অবৈধ প্ৰকৃতিৰ বিষয়ে অজ্ঞাত বুলি কৈছে।

 

অৰ্ডাৰ নিশ্চিত হোৱাৰ পিছত অগ্ৰিম ধন ক্ৰিপ্টোকাৰেন্সীত সংগ্ৰহ কৰা হৈছিল, যিবোৰ তাৰ পিছত ১০–১৫% কমিচন কৰ্তনৰ পিছত যোগান ধৰাসকললৈ প্ৰেৰণ কৰা হৈছিল। যোগান ধৰাসকলে  পিছলৈ নিৰ্দিষ্ট দেশত অৱস্থিত ৰি শ্বিপাৰসকলক পেমেণ্ট প্ৰদান কৰাৰ পূৰ্বে আৰু ১০% ধন কাটি ৰাখিছিল।

 

কাৰ্য্যকলাপ সম্প্ৰসাৰণৰ বাবে ক্ৰেতাসকলক মজুতকাৰী হিচাপে গণ্য কৰা হৈছিল আৰু তেওঁলোকক এই কামৰ বাবেই নিযুক্তি দিয়া হৈছিল। ফলত সীমান্তৰ সিপাৰে নেটৱৰ্কটো  শক্তিশালী হৈ পৰিছিল।ইতিমধ্যে আমাৰ আন্তঃৰাষ্ট্ৰীয় বন্ধু দেশসমূহে  এনে একাধিক মজুতকাৰীক  চিনাক্ত কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া  সক্ৰিয়ভাৱে চলি আছে।

 

এই  নেটৱৰ্কে আধুনিক অবৈধ বাণিজ্যত ডিজিটেল প্লেটফৰ্ম, ক্ৰিপ্টোকাৰেন্সী আৰু আন্তঃৰাষ্ট্ৰীয় লজিষ্টিকছৰ ক্ৰমবৰ্ধমান অভিসৰণৰ কথাই প্ৰতিফলিত কৰিছে।  এনে চক্ৰৰ বিৰুদ্ধে  যুঁজ দিয়াত বিশ্বব্যাপী সহযোগিতা আৰু চোৰাংচোৱা তথ্যৰ বিনিময়ৰ গুৰুত্বৰ কথাকেই আলোকপাত কৰিছে।

 

চলি থকা বিত্তীয় আৰু চাইবাৰ অনুসন্ধান

 

এতিয়ালৈকে ৮জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে  ক্ৰিপ্টো ৱালেট আৰু হাৱালা চেনেলৰ সৈতে জড়িত বিত্তীয়  বিষয়কলৈ তদন্ত চলি আছে। নিচাযুক্ত  ঔষধ বিক্ৰীৰ মুকলি বিজ্ঞাপন দিয়া অবৈধ অনলাইন ফাৰ্মাচীৰ প্ৰসাৰ প্ৰতিহত কৰিবলৈ ব্যক্তিগত খণ্ডৰ প্লেটফৰ্মৰ সৈতেও এনচিবিয়ে যোগাযোগ স্থাপন কৰিছে।

******

RK / VV / RR / PS


(Release ID: 2141699)