গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

তেলেংগানাৰ নিজামাবাদত ৰাষ্ট্ৰীয় হালধি ব’ৰ্ডৰ মুখ্য কাৰ্যালয় উদ্বোধন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ

দেশজুৰি বিশেষকৈ তেলেংগানাৰ লাখ লাখ হালধি খেতিয়কে বিগত ৪০ বছৰ ধৰি কৰি অহা দাবী পূৰণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা কৰিলে ৰাষ্ট্ৰীয় হালধি ব’ৰ্ড
হালধি ৰপ্তানিৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেড (এন চি ই এল) আৰু ৰাষ্ট্ৰীয় সমবায় জৈৱিক লিমিটেড (এন চি অ’ এল) ৰো প্ৰতিষ্ঠা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে
ৰাষ্ট্ৰীয় হালধি ব’ৰ্ড গঠনৰ লগে লগে ৩-৪ বছৰৰ ভিতৰত নিজামাবাদৰ হালধি বিশ্বৰ বহু দেশলৈ ৰপ্তানি সম্ভৱ হ’ব
হালধি কৃষকসকল এতিয়া মধ্যভোগীৰ পৰা মুক্ত হ’ব, আৰু ৰাষ্ট্ৰীয় হালধি ব’ৰ্ডে হালধিৰ পেকেজিং, ব্ৰেণ্ডিং, বিপণন, আৰু ৰপ্তানিৰ বাবে এক সম্পূৰ্ণ ব্যৱস্থা স্থাপন কৰিব পাৰিব
মোডী চৰকাৰে ২০৩০ চনৰ ভিতৰত এক বিলিয়ন ডলাৰৰ হালধি ৰপ্তানিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, যাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় সকলো প্ৰস্তুতি চলি আছে
এইবছৰ কৃষকসকলে প্ৰতি কুইণ্টল হালধিৰ বাবে ১৮ হাজাৰৰ পৰা ১৯ হাজাৰ টকা লাভ কৰিছিল, আৰু আগন্তুক তিনি বছৰত কৃষকসকলে প্ৰতি কুইণ্টলত অতিৰিক্ত ৬,০০০-৭,০০০ টকা লাভ কৰাটো নিশ্চিত কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব

Posted On: 29 JUN 2025 7:09PM by PIB Guwahati

 

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি তেলেংগানাৰ নিজামাবাদত ৰাষ্ট্ৰীয় হালধি ব’ৰ্ডৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী শ্ৰীযুত বাণ্ডি সঞ্জয় কুমাৰৰ লগতে আন ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ বিশেষকৈ তেলেংগানাৰ লাখ লাখ হালধি খেতিয়কে বিগত ৪০ বছৰ ধৰি কৰি অহা দাবী পূৰণ কৰি ৰাষ্ট্ৰীয় হালধি ব’ৰ্ড প্ৰতিষ্ঠা কৰিছে। তেওঁ আলোকপাত কৰে যে প্ৰধানমন্ত্ৰীয়ে বিশেষকৈ তেলেংগানা আৰু নিজামাবাদৰ হালধি খেতিয়কসকলক দিয়া প্ৰতিশ্ৰুতি আজি বাস্তৱায়িত হৈছে। শ্ৰী শ্বাহে লগতে উল্লেখ কৰে যে নিজামাবাদ দীৰ্ঘদিন ধৰি হালধিৰ ৰাজধানী হিচাপে পৰিচিত হৈ আহিছে, আৰু ইয়াৰ কৃষকসকলে যুগ যুগ ধৰি হালধি খেতি কৰি আহিছে যদিও বিশ্ব বজাৰত ই এতিয়াও উল্লেখযোগ্য স্থান দখল কৰিব পৰা নাই। তেওঁ আস্থা প্ৰকাশ কৰি কয় যে ৰাষ্ট্ৰীয় হালধি ব’ৰ্ড গঠনৰ লগে লগে আগন্তুক ৩ৰ পৰা ৪ বছৰৰ ভিতৰত নিজামাবাদত উৎপাদিত হালধি আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিব।

মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় হালধি ব’ৰ্ডে আনুষ্ঠানিকভাৱে কাম কৰিবলৈ আৰম্ভ কৰিলেই হালধি খেতিয়কসকল মধ্যভোগীৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব। তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় হালধি ব’ৰ্ডে হালধিৰ পেকেজিং, ব্ৰেণ্ডিং, বিপণন, আৰু ৰপ্তানিৰ বাবে এক সম্পূৰ্ণ ব্যৱস্থা গঢ়ি তু্লিব। তেওঁ আৰু কয় যে হালধিৰ ভাইৰেল প্ৰতিৰোধক, কৰ্কট প্ৰতিৰোধক, পেটৰ বিকাৰ বিনাশক আৰু প্ৰচুৰ ঔষধি গুণৰ বাবে ইয়াক বিশ্বজুৰি এক আচৰিত ঔষধ হিচাপে জনা যায়। তেওঁ লগতে কয় যে হালধি এক উল্লেখযোগ্য ঔষধ, আৰু ইয়াক সামান্য পৰিমাণেও সেৱন কৰিলে মানুহৰ শৰীৰৰ পৰা একাধিক ৰোগ নাইকিয়া হ’ব পাৰে। তেওঁ লগতে উল্লেখ কৰে যে জি আই টেগ কৰা জৈৱিক হালধিৰ উৎপাদন আৰু বিপণনো আৰম্ভ কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত চৰকাৰে ২০৩০ চনৰ ভিতৰত এক বিলিয়ন ডলাৰৰ হালধি ৰপ্তানি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু তাৰ বাবে সকলো প্ৰয়োজনীয় প্ৰস্তুতি ইতিমধ্যেই চলি আছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় হালধি ব’ৰ্ডে হালধিৰ সৰ্বোচ্চ মূল্য যাতে ইয়াৰ কৃষকসকলৰ মাজলৈ যায় তাৰ বাবে কাম কৰিব, লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত হালধিৰ ব্যৱহাৰক প্ৰসাৰিত কৰিব, আৰু সম্ভাৱ্য বজাৰত ভাৰতীয় হালধিৰ ঔষধি গুণৰো প্ৰচাৰ কৰিব। ইয়াৰ উপৰিও ভাৰতীয় হালধিৰ গুণগত মান আৰু সুৰক্ষাৰ মানদণ্ডই বিশ্বব্যাপী থকা মানদণ্ঢ অটুট ৰখাটো নিশ্চিত কৰিব। আনফালে এই ব’ৰ্ডে উপযুক্ত পেকেজিঙৰ ব্যৱস্থা কৰিব, আৰু ৰপ্তানি সম্পৰ্কীয় কোনো প্ৰত্যাহ্বানৰ পৰা হাত সাৰিবলৈ কৃষকসকলক কেনেকৈ হালধি চপোৱা হয় তাৰ প্ৰশিক্ষণ আৰু অন্যান্য প্ৰাসঙ্গিক দক্ষতা বিকাশৰো ব্যৱস্থা কৰিব। শ্ৰী শ্বাহে লগতে কয় যে হালধিৰ স্বাস্থ্য উপকাৰিতাৰ ওপৰত গৱেষণা আৰু বিকাশৰ জৰিয়তে ইয়াক বিশ্ববাসীৰ সমূখত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা হ’ব।

শ্ৰী অমিত শ্বাহে লগতে উল্লেখ কৰে যে তেলেংগানাৰ নিজামাবাদ, জগটিয়াল, নিৰ্মল, আৰু কামাৰেড্ডি জিলা ভাৰতৰ শীৰ্ষ হালধি উৎপাদনকাৰী জিলাৰ ভিতৰত অন্যতম। তেওঁ উল্লেখ কৰে যে ২০২৫ চনত হালধি খেতিয়কসকলে প্ৰতি কুইণ্টলত ১৮,০০০ৰ পৰা ১৯,০০০ টকা মূল্য লাভ কৰিছিল, আৰু আগন্তুক তিনি বছৰত কৃষকে প্ৰতি কুইণ্টলত অতিৰিক্ত ৬,০০০-৭,০০০ টকা লাভ কৰাটো নিশ্চিত কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব। শ্ৰী শ্বাহে উল্লেখ কৰে যে ২০২৩-২৪ চনত ভাৰতত ৩ লাখ হেক্টৰ মাটিত হালধি খেতি কৰা হৈছিল, আৰু ইয়াৰ পৰা উৎপাদিত হালধি আছিল ১০.৭৪ লাখ টন। লগতে তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰপ্তানিৰ সৈতে জড়িত কৃষকসকলৰ কল্যাণৰ বাবে ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেড আৰু জৈৱিক কৃষিত নিয়োজিতসকলৰ বাবে ৰাষ্ট্ৰীয় সমবায় জৈৱিক লিমিটেডো স্থাপন কৰিছে। তেওঁ পুনৰ দোহাৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ কাৰ্যকালত প্ৰতিশ্ৰুতি পূৰণৰ যি সংস্কৃতি গঢ়ি তুলিছে, আৰু ২০২৩ চনত দিয়া প্ৰতিশ্ৰুতি আজি পূৰণ হৈছে।

*****

RK/VV/PR/PS


(Release ID: 2140960)