নৌ-পৰিবহন মন্ত্ৰালয়
ভাৰতৰ প্ৰথম সাগৰীয় নন-বেংকিং ফাইনেন্সিয়েল কোম্পানী— সাগৰমালা ফাইনেন্স কৰ্প'ৰেশ্যন লিমিটেড (SMFCL)ৰ উদ্বোধন কৰে সৰ্বানন্দ সোণোৱালে
“সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেডে সাগৰীয় খণ্ডৰ আৰ্থিক প্ৰয়োজনীয়তা পূৰণৰ বাবে আৰ্থিক অনুদান আগবঢ়াব আৰু আৰ্থিক শূন্যতা দূৰ কৰিব”: সৰ্বানন্দ সোণোৱাল
Posted On:
26 JUN 2025 5:58PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতৰ প্ৰথম সাগৰীয় খণ্ডৰ নন-বেংকিং ফাইনেন্সিয়েল কোম্পানী (NBFC) সাগৰমালা ফাইনেন্স কৰ্প'ৰেশ্যন লিমিটেড (SMFCL)ৰ উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত সোণোৱালৰ সৈতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ আৰু মন্ত্ৰালয়ৰ সচিব টি.কে. ৰামচন্দ্ৰন উপস্থিত আছিল।
পূৰ্বতে সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেড নামেৰে পৰিচিত সাগৰমালা ফাইনেন্স কৰ্প'ৰেশ্যন লিমিটেড এতিয়া ভাৰতৰ সাগৰীয় আন্তঃগাঠনি উন্নয়নত পৰিৱৰ্তনশীল ভূমিকা পালন কৰিবলৈ সাজু হৈছে, যি অমৃত কাল ভিজন ২০৪৭ৰ সৈতে সামঞ্জস্য ৰাখে। সাগৰমালা ফাইনেন্স কৰ্প'ৰেশ্যন লিমিটেড— এটা মিনি ৰত্ন, কেটেগৰী-১, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ। ১৯ জুন, ২০২৫ তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে নন-বেংকিং ফাইনেন্সিয়েল কোম্পানী (NBFC) হিচাপে আনুষ্ঠানিকভাৱে পঞ্জীভুক্ত হৈছে।
এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত কয়, “সাগৰমালা ফাইনেন্স কৰ্প'ৰেশ্যন লিমিটেডক নন-বেংকিং ফাইনেন্সিয়েল কোম্পানী হিচাপে পঞ্জীয়ন কৰাটো ভাৰতৰ সাগৰীয় যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি সাগৰীয় খণ্ডক আমাৰ অৰ্থনীতিৰ এক মূল স্তম্ভ হিচাপে শক্তিশালী কৰাৰ বাবে নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছো। সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেডে গুৰুত্বপূৰ্ণ আৰ্থিক শূন্যতা দূৰ কৰিব আৰু খণ্ড-নিৰ্দিষ্ট আৰ্থিক সমাধান প্ৰদান কৰি বন্দৰ, লঘু আৰু মজলীয়া উদ্যোগ, ষ্টাৰ্টআপ আৰু প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰিব। এই পদক্ষেপে দেশৰ সাগৰীয় উদ্যোগৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিছে। এই পদক্ষেপ সামুদ্ৰিক অমৃত কাল ভিজন ২০৪৭ আৰু ভাৰতক বিশ্বৰ শীৰ্ষ সাগৰীয় শক্তি আৰু বিকশিত ভাৰত হিচাপে গঢ়ি তোলাৰ আমাৰ সাধাৰণ লক্ষ্যৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত।
এক খণ্ড-নিৰ্দিষ্ট নন-বেংকিং ফাইনেন্সিয়েল কোম্পানী হিচাপে সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেডক সাগৰীয় খণ্ডত আৰ্থিক শূন্যতা দূৰ কৰি অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰিবলৈ অনন্যভাৱে প্ৰস্তুত কৰা হৈছে। এই কৰ্প'ৰেশ্যনে বন্দৰ কৰ্তৃপক্ষ, জাহাজ পৰিবহণ কোম্পানী, লঘু আৰু মজলীয়া উদ্যোগ, ষ্টাৰ্টআপ আৰু সাগৰীয় শিক্ষা প্ৰতিষ্ঠানৰ দৰে বিভিন্ন স্বাৰ্থৰ সৈতে জড়িত পক্ষসমূহৰ বাবে স্বল্প, মধ্যম আৰু দীৰ্ঘম্যাদী পুঁজিৰ সৈতে সুকীয়া আৰ্থিক পণ্য প্ৰদান কৰিব।
ইয়াৰ সম্প্ৰসাৰিত কৰ্তৃত্বৰ অধীনত সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেডে জাহাজ নিৰ্মাণ, নবীকৰণযোগ্য শক্তি, ক্ৰুজ পৰ্যটন আৰু সাগৰীয় শিক্ষাৰ দৰে কৌশলগত খণ্ডসমূহকো সমৰ্থন কৰিব, যি ভাৰতক বিশ্বৰ শীৰ্ষ সাগৰীয় নেতা হিচাপে উত্থানৰ দিশত অধিক শক্তিশালী কৰিব।
এই উপলক্ষে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে কয়, “সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেড এতিয়া এক নিবেদিত নন-বেংকিং ফাইনেন্সিয়েল কোম্পানী হিচাপে কাৰ্যকৰী হোৱাৰ ফলত আমি সাগৰীয় বিকাশ ত্বৰান্বিত কৰাৰ বাবে এক কেন্দ্ৰীভূত আৰ্থিক পৰিৱেশ গঢ়ি তুলিছো। ইয়াৰ ফলত এই খণ্ডত নৱপ্ৰৱৰ্তন, বিনিয়োগ আৰু অন্তৰ্ভুক্তিমূলক উন্নয়নৰ সুযোগ মুকলি হ’ব।”
এই মাইলৰ খুঁটিৰ সৈতে সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেড ভাৰতৰ সাগৰীয় বিকাশৰ বাবে অধিক কেন্দ্ৰীভূত আৰু সুলভ আৰ্থিক পৰিৱেশ প্ৰদানৰ বাবে প্ৰস্তুত হৈছে, যি বহনক্ষম উন্নয়ন, নৱপ্ৰৱৰ্তন আৰু ৰাষ্ট্ৰীয় লজিষ্টিক দক্ষতাত অৰিহণা যোগোৱা প্ৰকল্পসমূহক সক্ষম কৰিব।
(Release ID: 2140333)
Visitor Counter : 3