গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি নতুন দিল্লীত “৫০ বছৰীয়া জৰুৰীকালীন” বিষয়ক কাৰ্যসূচীত ভাষণ দিয়ে
চৰকাৰ এখন একনায়কত্ববাদী হ’লে দেশখনে কেনে ভয়ংকৰ পৰিণতি ভোগ কৰিবলগীয়া হয়, সেয়া চিন্তা কৰিয়েই মোদী জীয়ে ‘সংবিধান হত্যা দিৱস ’ক স্মৰণ কৰাৰ সিদ্ধান্ত লৈছিল, সেয়া জৰুৰীকালীন অৱস্থা নাছিল, বৰঞ্চ তেতিয়াৰ শাসকীয় দলৰ ‘অন্যয়কাল’ আছিল৷
‘জৰুৰীকালীন অৱস্থা’ পৰিস্থিতি আৰু বাধ্যবাধকতাৰ পৰিণতি নহয় , বৰঞ্চ একনায়কত্ববাদী মানসিকতা তথা ক্ষমতালিপ্সাৰ প্ৰতিফলন আছিল
বহুদলীয় গণতন্ত্ৰক একদলীয় একনায়কত্ববাদলৈ ৰূপান্তৰিত কৰাৰ ষড়যন্ত্ৰৰ আৰম্ভণি আছিল ‘জৰুৰীকালীন অৱস্থা’
যেতিয়া এজন ব্যক্তিৰ ভিতৰত লুকাই থকা একনায়কত্ববাদী স্বৰূপটো ওলাই পৰে , তেতিয়া কেৱল জৰুৰীকালীন অৱস্থা জাপি দিয়া হয়, আমাৰ যুৱ প্ৰজন্মৰ বাবে এই ইতিহাস জনাটো গুৰুত্বপূৰ্ণ কথা
Posted On:
24 JUN 2025 9:42PM by PIB Guwahati
আজি নতুন দিল্লীত শ্যামা প্ৰসাদ মুখাৰ্জী ট্ৰাষ্টে আয়োজন কৰা “৫০ বছৰীয়া জৰুৰীকালীন” অৱস্থা বিষয়ক কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ভাষণ দিয়ে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে আয়োজন কৰা কাৰ্যসূচীত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে যেতিয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১১ জুলাইত প্ৰতি বছৰে ২৫ জুন তাৰিখক ‘সংবিধান হত্যা দিৱস’ হিচাপে স্মৰণ কৰা হ’ব বুলি সিদ্ধান্ত লৈছিল, তেতিয়াই প্ৰশ্ন উত্থাপন হৈছিল যে ৫০ বছৰ পূৰ্বে ঘটা এটা ঘটনাৰ কথা ক’লে আজি কি লাভ হ’ব। শ্ৰী শ্বাহে কয়, মোদী জীয়ে ‘সংবিধান হত্যা দিৱস’ ক স্মৰণ কৰাৰ সিদ্ধান্ত লৈছিল যাতে দেশখনে সদায় মনত ৰাখিব পাৰে যে এখন চৰকাৰ একনায়কত্ববাদী হ’লে দেশখনে কেনে ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁ কয় যে যেতিয়া যিকোনো ভাল বা বেয়া জাতীয় অনুষ্ঠানৰ ৫০ বছৰ সম্পূৰ্ণ হয় তেতিয়া ইয়াৰ স্মৃতি সামাজিক জীৱনত ম্লান হৈ পৰে । কিন্তু গণতন্ত্ৰৰ ভেটি জোকাৰি যোৱা জৰুৰীকালীন অৱস্থাৰ দৰে ঘটনাক লৈ যদি সমাজৰ স্মৃতি ম্লান হৈ পৰে, তেন্তে যিকোনো গণতান্ত্ৰিক দেশৰ বাবে ই এক ডাঙৰ বিপদ। কাৰণ গণতন্ত্ৰ আৰু একনায়কত্ববাদ দুটা ভিন্ন কথা । তেওঁ কয় যে মনৰ আৱেগবোৰ আচলতে মানুহৰ স্বভাৱৰ আৱেগৰ প্ৰকাশ , যিবোৰে দেশ আৰু সমাজৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিব পাৰে।
শ্ৰী অমিত শ্বাহে কয় যে ভাৰতক বিশ্বত গণতন্ত্ৰৰ মাতৃ হিচাপে গণ্য কৰা হয়। ভাৰতত গণতন্ত্ৰ কেৱল সংবিধানৰ আত্মা নহয়, বৰঞ্চ সংবিধান নিৰ্মাতাসকলে সংবিধানত সন্নিৱিষ্ট কৰা শব্দৰ জড়িয়তে জনতাৰ মনৰ কথা প্ৰতিফলিত কৰিছে, এয়াই আমাৰ জাতীয় চৰিত্ৰ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে জৰুৰীকালীন অৱস্থাৰ সময়ত যিকোনো সচেতন নাগৰিকে তেনে অৱস্থা হয়তো ভাল পোৱা নাছিল। কোনেও প্ৰত্যাহ্বান জনাব নোৱাৰে বুলি ভ্ৰমত বন্দী হৈ থকা সকল, জৰুৰীকালীন অৱস্থাৰ পিছত অনুষ্ঠিত হোৱা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতে সকলো কথা স্পষ্ট হৈছিল। তেতিয়াই স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ গঠন হোৱা বুলিও তেওঁ কয়। তেওঁ কয় যে জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ পূৰ্ণ হ’লেও আজিও কোটি কোটি ভাৰতীয়ৰ হৃদয়ৰ ঘাঁ আগৰ দৰেই হৈ আছে। তেওঁ কয় যে সেয়া জৰুৰীকালীন অৱস্থা নাছিল, বৰঞ্চ তেতিয়াৰ শাসকীয় দলৰ এক অনন্যকালহে আছিল।
শ্ৰী অমিত শ্বাহে কয় যে আমাৰ সংবিধান প্ৰস্তুত কৰিবলৈ ২ বছৰ ১১ বছৰ ১৮ দিন লাগিছিল, ১৩ খন কমিটি গঠন হৈছিল, ১৬৫ দিনত ১১ টা অধিবেশন অনুষ্ঠিত হৈছিল। সংবিধানৰ বিভিন্ন বিধানৰ বিষয়ে দীঘলীয়াকৈ আলোচনা কৰা হৈছিল। ১১০০ ঘণ্টা ৩২ মিনিটৰ আলোচনা আছিল সেয়া । সাতজনীয়া খচৰা সমিতিখনে ইয়াক চূড়ান্ত ৰূপ দিছিল । তেওঁ কয় যে বিশ্বৰ সকলো গণতন্ত্ৰৰ সংবিধানতকৈ অধিক আলোচনা, ত্যাগ আৰু তপস্যাৰে যি সংবিধান প্ৰস্তুত কৰা হৈছিল, সেই সংবিধান মন্ত্ৰীসভাৰ নিৰ্দেশত এক মিনিটতে নাকচ কৰা হৈছিল। শ্ৰী শ্বাহে কয় যে ১৯৭৫ চনৰ ২৪ জুনৰ নিশাটো স্বাধীন ভাৰতৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া নিশা । কাৰণ ইয়াৰ পিছৰ পুৱাটো ২১ মাহৰ পিছত আহিছিল আৰু ই আটাইতকৈ চুটি ৰাতিও আছিল, কাৰণ সেই নিশা ২ বছৰ ১১ মাহ ১৮ দিনৰ অশুভ কচৰৎ ক্ষন্তেকতে বাতিল কৰা হৈছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে গণতান্ত্ৰিক দেশৰ বহুদলীয় গণতন্ত্ৰক এজন ব্যক্তিৰ একনায়কত্ববাদলৈ ৰূপান্তৰিত কৰাৰ ষড়যন্ত্ৰৰ নামেই হৈছে জৰুৰীকালীন অৱস্থা। তেওঁ কয় যে ‘জৰুৰীকালীন অৱস্থা’ পৰিস্থিতি আৰু বাধ্যবাধকতাৰ ফল নহয়, বৰঞ্চ একনায়কত্ববাদী মানসিকতা তথা ক্ষমতাৰ ক্ষুধাৰ এক প্ৰতিফলন ।
শ্ৰী অমিত শ্বাহে কয় যে জৰুৰীকালীন সময়ত সংবিধানৰ আত্মাক ভৰিৰে মোহাৰি জনসাধাৰণৰ আদেশৰ ভিত্তিত গঠন কৰা চৰকাৰসমূহ নিশাৰ ভিতৰতে উফৰাই পেলোৱা হৈছিল। দেশৰ জনসাধাৰণ আৰু বিশেষকৈ নৱপ্ৰজন্মই কেতিয়াও পাহৰিব নালাগে যে যেতিয়া এজন ব্যক্তিৰ একনায়কত্ববাদী চৰিত্ৰ পোহৰলৈ আহে তেতিয়া কেনে অৱস্থা হয়। তেওঁ কয় - আজি মই সংবিধানকলৈ উদ্বিগ্ন সকলক সুধিছো জৰুৰীকালীন অৱস্থা ঘোষণাৰ পূৰ্বে সংসদৰ সন্মতি লোৱা হৈছিল নেকি, কেবিনেট বৈঠক আহ্বান কৰা হৈছিল নেকি, দেশবাসী আৰু বিৰোধীক আস্থাত লোৱা হৈছিল নেকি? গণতন্ত্ৰৰ ৰক্ষকৰ ভূমিকা পালন কৰাৰ পৰিৱৰ্তে গণতন্ত্ৰৰ ধ্বংসকাৰী হিচাপে কাম কৰা একেটা দলৰ লগত জড়িত আজিৰ এইসকল লোক বুলিও তেওঁ কয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে জাতিটোৰ নিৰাপত্তাৰ দোহাই দি জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল যদিও ইয়াৰ মূল কাৰণ আছিল ক্ষমতা হস্তগত কৰি ৰখা। তেওঁ কয় যে তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে সংবিধানৰ বিভিন্ন ধাৰা ব্যৱহাৰ কৰি সংবিধানক হত্যা কৰিছিল আৰু দেশখনক দীঘলীয়া জৰুৰীকালীন অৱস্থাৰ মাজলৈ ঠেলি দিছিল। তেওঁ কয় যে কেইবাটাও ঘটনা আৰু প্ৰতিবাদ তথা আন্দোলনে সংখ্যাগৰিষ্ঠতাৰে নিৰ্বাচিত চৰকাৰৰ চকী আৰু ভেটি কঁপাই তুলিছিল । দেশৰ সুৰক্ষাৰ প্ৰতি কোনো বাহ্যিক বা আভ্যন্তৰীণ ভাবুকি অহা নাছিল। আচলতে সেই সময়ত জনসাধাৰণ সচেতন হৈ পৰিছিল।
শ্ৰী অমিত শ্বাহে লগতে কয় যে তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে ৩৫২ অনুচ্ছেদৰ অপব্যৱহাৰ কৰি জৰুৰীকালীন অৱস্থা জাপি দি ১ লাখ ১০ হাজাৰ বিৰোধী ৰাজনৈতিক দলৰ নেতাক জেলত ভৰাইছিল। তেনে দলৰ কৰ্মী, সাংবাদিক, বিদ্ৰোহী ছাত্ৰ নেতা আৰু বিভিন্ন সৃষ্টিশীল কামত নিয়োজিত লোকসকলকো কাৰাগাৰত ভৰোৱা হৈছিল। বিধায়িনী দল, কাৰ্যবাহী, ন্যায়পালিকা, সংবাদ মাধ্যম, শিল্পী আৰু সাধাৰণ জনতাই এই ঘটনাত স্তম্ভিত হৈ পৰিছিল। এক কথাত সমগ্ৰ দেশ কাৰাগাৰলৈ পৰিণত হৈছিল । তেওঁ কয় যে সংবিধানৰ অপব্যৱহাৰ এনেদৰে কৰা হৈছিল যে ভাৰতীয় গণতন্ত্ৰই সদায় দুঃস্বপ্নৰ দৰে সেইবোৰ কথা মনত ৰাখিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে জৰুৰীকালীন অৱস্থাৰ সময়ত চিন্তা, কলম আৰু বিৰোধীক কাৰাগাৰত ভৰাই থোৱা হৈছিল। জৰুৰীকালীন সময়ত সংবিধানত ইমান সংশোধনী কৰা হৈছিল যে ইয়াক সংবিধানৰ ‘মিনি সংস্কৰণ’ বুলি কোৱা হৈছিল। প্ৰস্তাৱনা সলনি কৰা হৈছিল , ১৪ নং অনুচ্ছেদ সলনি কৰা হৈছিল, ৭টা সূচী সলনি কৰা হৈছিল আৰু ৪০টা ভিন্ন দফাৰ পৰিৱৰ্তন কৰা হৈছিল । নতুন অনুচ্ছেদ সংযোজন হৈছিল , নতুন ধাৰা সন্নিৱিষ্ট হৈছিল , ৪২ নং সাংবিধানিক সংশোধনে আনকি সংবিধানৰ মৌলিক গাঁথনিও সলনি কৰিছিল, ন্যায়পালিকাৰ বিচলিত হৈছিল । শ্ৰী শ্বাহে কয় যে সংবিধান সংশোধনীৰ ৬৯ নং ধাৰাৰ জড়িয়তে উচ্চতম ন্যায়ালয়ৰ ক্ষমতাও কাঢ়ি নিয়া হৈছিল । গণতান্ত্ৰিক অধিকাৰ বিলুপ্ত কৰি সংস্থাসমূহৰ অপব্যৱহাৰ এনেদৰে কৰা হৈছিল যে ভাৰতীয় সমাজ, দেশ আৰু এই দেশৰ জনসাধাৰণে সেইবোৰ কথা কেতিয়াও পাহৰিব নোৱাৰে। তেওঁ কয় যে সেই কাৰণেই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে সংবিধান হত্যাক স্মৰণ কৰাৰ সিদ্ধান্ত লৈছে।
শ্ৰী অমিত শ্বাহে কয় যে জৰুৰীকালীন সময়ত এক কোটিতকৈ অধিক বন্ধ্যাকৰণ কৰা হৈছিল। জনপ্ৰিয় কণ্ঠশিল্পী কিশোৰ কুমাৰৰ কণ্ঠ অল ইণ্ডিয়া ৰেডিঅ’ত সম্প্ৰচাৰ হোৱাত বাধা দিয়া হৈছিল। বিভিন্ন মতাদৰ্শৰ অস্তিত্বই গণতন্ত্ৰৰ আধাৰ বুলি ভবা দেশৰ সকলো ৰাজনৈতিক দলৰ বাবে এয়া এক শিক্ষা আছিল। মতাদৰ্শ যিয়েই নহওক কিয়, পথ যিয়েই নহওক কিয়, শেষত আমাৰ লক্ষ্য হ’ব লাগে দেশখনক মহান কৰি তোলা। শ্ৰী শ্বাহে কয় যে দেশখন কেতিয়াও এনেদৰে সৃষ্টি কৰিব নোৱাৰি যে সকলোৱে একে মতাদৰ্শৰ ভিত্তিত কাম কৰিব, একেজন নেতাৰ নেতৃত্বত কাম কৰিব । এনে মানসিকতাৰ আমাৰ সংবিধানৰ মৌলিক মনোভাৱৰ সৈতে মিল নাই।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে সংবিধানে গণতন্ত্ৰৰ মনোভাৱক দৃঢ় কৰিছে। আইনগতভাৱে সেই কথা প্ৰতিষ্ঠা কৰিছে। সংবিধানে আমাৰ মানুহৰ মনত গণতন্ত্ৰৰ মনোভাৱ প্ৰতিষ্ঠা কৰি আইনী ভাষাতইয়াক প্ৰকাশ কৰিছে। ভাৰতৰ জনসাধাৰণ স্বভাৱতে গণতান্ত্ৰিক মনৰ। আমি বিভিন্ন ধাৰণা, ভিন্ন মতাদৰ্শ আৰু ভিন্ন মতামতক সন্মান কৰা মানুহ। এয়াই আমাৰ হাজাৰ হাজাৰ বছৰৰ সংস্কৃতি, সেইবাবেই আমি ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি গণ্য কৰোঁ। ইতিহাসৰ দৃষ্টিকোণৰ পৰা চালে গণতন্ত্ৰৰ প্ৰথম জন্ম হৈছিল আমাৰ দেশতে আৰু সৰ্পঞ্চৰ ধাৰণা এই দেশৰ পৰাই আহিছে।
শ্ৰী অমিত শ্বাহে কয় যে আমাৰ গণতন্ত্ৰৰ ভেটি ইমানেই গভীৰ যে যদি কোনো একনায়কত্ববাদীয়ে যদি এই ভেটিটো জোকাৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁ নিজৰ ভৱিষ্যত ধ্বংস কৰাৰ বাহিৰে একো কৰিব নোৱাৰিব। তেওঁ কয় যে আজি জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ জঘন্য কাৰ্যক গৰিহণা দিয়াৰ দিন আৰু যুৱক-যুৱতীসকলে ভৱিষ্যতৰ বাবে গণতন্ত্ৰ ৰক্ষাৰ সংকল্প গ্ৰহণৰ দিন। তেওঁ কয় যে দেশৰ যুৱক-যুৱতীসকলে শ্বাহ আয়োগৰ প্ৰতিবেদন পঢ়িব লাগিব। ভৱিষ্যতে যদি কাৰোবাৰ মনলৈ একনায়কত্ববাদী চিন্তা আহে, তেন্তে ইয়াৰ বিপৰীতে জয় প্ৰকাশ নাৰায়ণৰ দৰে নেতা হোৱাৰ উৎসাহৰ সৃষ্টি হ’ব । সেই প্ৰতিবেদনেও সকলোকে এটা পথ দেখুৱাব। তেওঁ কয় যে সংবিধানৰ মনোভাৱ ৰক্ষা কৰাটো জনসাধাৰণৰ দায়িত্ব। এই মনোভাৱক লৈ ধেমালি কৰা সকলক শাস্তি দিয়াটোও জনসাধাৰণৰেই দায়িত্ব।
RK/VV/PR/PS/DM
(Release ID: 2139636)