ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

ৰাজনৈতিক দলসমূহৰ তৃণমূল পৰ্যায়ত অংশগ্ৰহণ শক্তিশালী কৰিবলৈ বুথ লেভেল এজেণ্ট (বিএলএ)ক প্ৰথমবাৰৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰশিক্ষণ

২ দিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত বিহাৰৰ ১০ টা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰায় ২৮০ গৰাকী বিএলএৰ অংশগ্ৰহণ

Posted On: 16 APR 2025 1:17PM by PIB Guwahati

বিহাৰৰ আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে ৰাজ্যখনৰ বুথ লেভেল এজেণ্টৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে। নতুন দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ ডেম’ক্ৰেচি এণ্ড ইলেকচন মেনেজমেণ্ট চমুকৈ আই আই ডি ই এমত অনুষ্ঠিত হৈ থকা দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজ্যখনৰ ১০টা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰা প্ৰায় ২৮০ গৰাকী বি এল এয়ে অংশগ্ৰহণ কৰিছে।

এই প্রথমবাৰৰ বাবে আয়োজিত প্রশিক্ষণ কার্যসূচীত মুখ্য নির্বাচন আয়ুক্ত শ্রী জ্ঞানেশ কুমাৰে নির্বাচন আয়ুক্ত ড০ সুখবীৰ সিং সান্ধু আৰু ড০ বিবেক যোশীৰ সৈতে বুথ লেভেল এজেণ্ট (বিএলএ)সকলক সম্বোধন কৰে৷ ২০২৫ চনৰ ৪ মাৰ্চত অনুষ্ঠিত হোৱা মুখ্য নিৰ্বাচনী বিষয়া (চিইঅ’) সন্মিলনৰ সময়ত পৰিকল্পনা কৰা এই পদক্ষেপে নিৰ্বাচনী প্ৰক্ৰিয়াত বিএলএৰ ভূমিকাক শক্তিশালী কৰাৰ বাবে আয়োগৰ দায়বদ্ধতাক উদ্ভাসিত কৰি তুলিছে। আয়োগে বিএলএসকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথা উল্লেখ কৰি দৃঢ়তাৰে কয় যে এই প্ৰশিক্ষণে তেওঁলোকক ১৯৫০ আৰু ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইন, ১৯৬০ চনৰ নিৰ্বাচক পঞ্জীয়ন নিয়ম, নিৰ্বাচন পৰিচালনাৰ নিয়ম, আৰু ইচিআইৰ দ্বাৰা সময়ে সময়ে জাৰি কৰা বিভিন্ন হাতপুথি, নিৰ্দেশনা আদিত উল্লেখ কৰা ধৰণে তেওঁলোকৰ দায়িত্ব ফলপ্ৰসূভাৱে পালন কৰিবলৈ সক্ষম হ’ব।

এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে বুথ লেভেল এজেণ্টসকলক (বিএলএ) প্ৰতিষ্ঠিত আইনী কাঠামোৰ ভিতৰত তেওঁলোকৰ নিযুক্তি, ভূমিকা আৰু দায়িত্বৰ এক বিস্তৃত আভাস প্ৰদান কৰিছিল। অংশগ্ৰহণকাৰীসকলক নিৰ্বাচনী প্ৰক্ৰিয়াৰ মূল দিশসমূহৰ সৈতে পৰিচিত কৰাৰ উপৰি, নিৰ্বাচনী তালিকা প্ৰস্তুত কৰা, তালিকাৰ উন্নীতকৰণ আৰু পুনৰীক্ষণৰ লগতে প্ৰাসংগিক প্ৰ-পত্ৰ আৰু ফৰ্মেটসমূহৰ সৈতেও পৰিচিত কৰা হৈছিল। স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ নিযুক্তিপ্ৰাপ্ত হিচাপে বিএলএসকলে জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ৰ বিধান অনুসৰি নিৰ্বাচনী তালিকাৰ সঠিকতা আৰু অখণ্ডতা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই প্ৰশিক্ষণত আৰ পি আইন, ১৯৫০ৰ ধাৰা ২৪(ক) আৰু ২৪(খ)ৰ অধীনত প্ৰথম আৰু দ্বিতীয় আপীল দাখিল কৰাৰ বিধানসমূহো সামৰি লোৱা হৈছিল, যাৰ ফলত বিএলএসকলে চূড়ান্ত প্ৰকাশিত নিৰ্বাচনী তালিকাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’লে প্ৰতিকাৰ বিচাৰিব পাৰে।

 

******


(Release ID: 2138514) Visitor Counter : 6