ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

বৰ্ধিত ইউ আই/ইউ এক্সৰ সৈতে বৰ্তমানৰ ৪০ টাতকৈ অধিক আই টি এপ একত্ৰিত কৰিবলৈ ই চি আয়ে শীঘ্ৰে অংশীদাৰসকলৰ বাবে একক পইণ্ট এপ মুকলি কৰিব

নতুন ই চি আই নেটে নাগৰিকসকলৰ বাবে নিৰ্বাচনী সেৱাৰ সুবিধাৰ প্ৰদানৰ উপৰি নিৰ্বাচনী বিষয়াসকলৰ বাবে নিৰৱচ্ছিন্ন আৰু সুবিধাজনক তথ্য পৰিচালনাত সহায় কৰিব

Posted On: 04 MAY 2025 11:30AM by PIB Guwahati

ভাৰতৰ নিৰ্বাচন আয়োগে এক বৃহৎ পদক্ষেপৰ অংশ হিচাপে ভোটাৰ আৰু ইয়াৰ অন্যান্য অংশীদাৰ যেনে নিৰ্বাচনী বিষয়া, ৰাজনৈতিক দল আৰু নাগৰিক সমাজৰ বাবে ব্যৱহাৰকাৰী-অনুকূল নতুন ডিজিটেল ইন্টাৰফেচ প্ৰস্তুত কৰিছে। নতুন ৱান-ষ্টপ প্লেটফৰ্ম ইচিআইনেটে বৰ্তমানৰ ৪০টাতকৈও অধিক মোবাইল আৰু ৱেব এপ্লিকেচনক একত্ৰিত আৰু পুনৰনিৰ্দেশিত কৰিব।

ইচিআইনেটত নিৰ্বাচন সম্পৰ্কীয় সকলো কাৰ্য্যকলাপৰ বাবে একক মঞ্চ প্ৰদান কৰি আকৰ্ষণীয় ব্যৱহাৰকাৰী ইণ্টাৰফেচ (ইউ আই) আৰু সৰলীকৃত ব্যৱহাৰকাৰী অভিজ্ঞতা (ইউ এক্স) থাকিব। ব্যৱহাৰকাৰীসকলৰ একাধিক এপ ডাউনলোড আৰু নেভিগেট কৰা তথা বিভিন্ন লগ ইন মনত ৰখাৰ বোজা কমোৱাৰ বাবেও এই পদক্ষেপৰ আৰ্হি প্ৰস্তুত কৰা হৈছে।

২০২৫ চনৰ মাৰ্চ মাহত অনুষ্ঠিত মুখ্য নিৰ্বাচনী বিষয়া (চি ই অ’)ৰ সন্মিলনৰ সময়ত নিৰ্বাচন আয়ুক্ত ড০ সুখবীৰ সিং সান্ধু আৰু ড০ বিবেক যোশীৰ উপস্থিতিত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰে এই মঞ্চৰ ধাৰণা প্ৰস্তুত কৰিছিল।

ইচিআইনেটে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ ডেস্কটপ বা স্মাৰ্টফোনত প্ৰাসংগিক নিৰ্বাচনী তথ্যও পাবলৈ সক্ষম কৰিব। তথ্যসমূহ যিমান পাৰি সঠিক হোৱাটো নিশ্চিত কৰিবলৈ ইচিআইনেটত তথ্য কেৱল অনুমোদিত ইচিআইৰ বিষয়াই অন্তৰ্ভুক্ত কৰিব। সংশ্লিষ্ট বিষয়াজনৰ অন্তৰ্ভুক্তিয়ে অংশীদাৰসকলৰ বাবে উপলব্ধ কৰা তথ্যসমূহ যিমান পাৰি সঠিক হোৱাটো নিশ্চিত কৰিব। কিন্তু কোনো বিবাদৰ ক্ষেত্ৰত বিধিগত প্ৰ-পত্ৰত যথাযথভাৱে পূৰণ কৰা প্ৰাথমিক তথ্যই প্ৰাধান্য লাভ কৰিব।

ইচিআইনেটে ভোটাৰ হেল্পলাইন এপ, ভোটাৰ টাৰ্ণআউট এপ, চিভিজিআইএল, সুবিধা-২.০, ইএছএমএছ, সক্ষম আৰু কে ৱাই চি এপৰ দৰে বৰ্তমানৰ এপসমূহ অন্তৰ্ভুক্ত কৰিব, যিবোৰ একেলগে ৫.৫ কোটিতকৈও অধিকবাৰ ডাউনলোড কৰা হৈছে (এপসমূহৰ সম্পূৰ্ণ তালিকা সংলগ্ন কৰা হৈছে)। ইচিআইনেটে সমগ্ৰ দেশৰ প্ৰায় ১০০ কোটি ভোটাৰ, ১০.৫ লাখৰো অধিক বুথ স্তৰৰ বিষয়া (বি এল অ’), ৰাজনৈতিক দলসমূহে নিযুক্তি দিয়া প্ৰায় ১৫ লাখ বুথ স্তৰৰ এজেণ্ট (বিএলএ), প্ৰায় ৪৫ লাখ ভোটগ্ৰহণ বিষয়া, ১৫,৫৯৭ জন সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া (এইআৰঅ’), ৪,১২৩ জন ই আৰ অ’ আৰু ৭৬৭ জন জিলা নিৰ্বাচনী বিষয়া (ডি ই অ’)ক লাভান্বিত কৰিব।

ইতিমধ্যে ইচিআইনেটে বিকাশৰ উন্নত পৰ্যায়ত উপনীত হৈছে আৰু মসৃণ কাৰ্য্যক্ষমতা, ব্যৱহাৰৰ সুলভতা আৰু শক্তিশালী চাইবাৰ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিবলৈ কঠোৰ পৰীক্ষা চলাইছে। সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৬ গৰাকী চি ই অ’, ৭৬৭ গৰাকী ডি ই অ’ আৰু তেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪,১২৩ গৰাকী ই আৰ অ’ৰ সৈতে জড়িত এক বিশদ পৰামৰ্শমূলক আলোচনাৰ অন্তত আৰু ই চি আইৰ দ্বাৰা সময়ে সময়ে জাৰি কৰা ৭৬খন প্ৰকাশনৰ ৯০০০ পৃষ্ঠাৰ নিৰ্বাচনী কাঠামো, নিৰ্দেশনা আৰু হাতপুথিৰ পৰ্যালোচনা কৰাৰ অন্তত ইয়াক প্ৰস্তুত কৰা হৈছে।

ইচিআইনেটৰ জৰিয়তে প্ৰদান কৰা তথ্যসমূহ জনপ্ৰতিনিধিত্ব আইন ১৯৫০, ১৯৫১, নিৰ্বাচনী অধিনিয়ম পঞ্জীয়ন, ১৯৬০, নিৰ্বাচন পৰিচালনা অধিনিয়ম, ১৯৬১ আৰু ইচিআয়ে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনাৰ দ্বাৰা প্ৰতিষ্ঠিত আইনী পৰিকাঠামোৰ ভিতৰত কঠোৰভাৱে সংৰক্ষিত কৰা হ’ব।

 

******

PK/GDH/RP/KD
 


(Release ID: 2138067)