ভাৰতীয় নিৰ্বাচন আয়োগ
ই চি আয়ে আই আই ডি ই এমত ২,৩০০ৰো অধিক ক্ষেত্ৰ পৰ্যায়ৰ নিৰ্বাচনী কৰ্মকৰ্তাক প্ৰশিক্ষণ দিয়াৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে
Posted On:
07 MAY 2025 3:52PM by PIB Guwahati
ভাৰতৰ নিৰ্বাচন আয়োগে এতিয়া তামিলনাডু আৰু পুডুচেৰীৰ ক্ষেত্ৰ পৰ্যায়ৰ নিৰ্বাচনী কৰ্মকৰ্তাসকলক তামিল ভাষাত প্ৰশিক্ষণ দিয়াৰ আন এক অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছে। দিল্লীৰ আই আই ডি ই এমত অনুষ্ঠিত এই সমন্বিত প্ৰশিক্ষণ কাৰ্যসূচীত ২৬৪ জন বি এল অ’ তত্বাৱধায়ক, ১৪ জন ই আৰ অ’, ২ জন ডি ই অ’ আৰু অন্যান্য বিষয়াকে ধৰি ২৯৩ জন অংশগ্ৰহণকাৰীয়ে ভাগ লৈছে।
২) উদ্বোধনী ভাষণত মুখ্য নিৰ্বাচন আয়ুক্ত (চিইচি) শ্ৰী জ্ঞানেশ কুমাৰে কয় যে বি এল অ’সকল হৈছে ভাৰতৰ নিৰ্বাচন আয়োগৰ ভোটাৰৰ সৈতে প্ৰথম সংযোগ মাধ্যম আৰু শুদ্ধ তথা উন্নীতকৃত ভোটাৰ তালিকা নিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ লগে লগে যোৱা কেইসপ্তাহমানৰ ভিতৰত আই আই ডি ই এমত আয়োজন কৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ পৰা প্ৰায় ২৩০০ অংশগ্ৰহণকাৰী উপকৃত হৈছে। এই দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অহা কেইবছৰমানৰ ভিতৰত দেশৰ ১ লাখৰো অধিক বি এল অ’কে ধৰি সকলো স্তৰৰ নিৰ্বাচনী কৰ্মকৰ্তাক প্ৰশিক্ষণ দিয়াৰ বিস্তৃত প্ৰশিক্ষণ কাৰ্যসূচীৰ সৈতে সামঞ্জস্যপূৰ্ণ।
৩) বি এল অ’ তত্বাৱধায়কসকলক ইন্টাৰেক্টিভ অধিবেশন, আলোচনাৰ জৰিয়তে প্ৰশিক্ষণ দিয়া হৈছে, যাতে প্ৰপত্ৰ ৬, ৭ আৰু ৮কে ধৰি বিভিন্ন প্ৰ-পত্ৰ সঠিকভাৱে পূৰণ কৰাটো নিশ্চিত কৰিব পাৰি। মডিউলবোৰত আই টি সমাধানৰ ব্যৱহাৰিক প্ৰশিক্ষণো অন্তৰ্ভুক্ত কৰা হৈছে। এই বিএলঅ’ তত্বাৱধায়কসকলক অন্যান্য বিএলঅ’সকলক প্ৰশিক্ষণ দিবলৈ বিধানসভা পৰ্যায়ৰ মাষ্টাৰ প্ৰশিক্ষক হিচাপে প্ৰস্তুত কৰা হৈছে।
৪) আৰ পি আইন, ১৯৫০ৰ ধাৰা ২৪(ক)ৰ অধীনত জিলা দণ্ডাধীশ (ডি এম বা সমতুল্য পদবীৰ বিষয়া) আৰু ধাৰা ২৪(খ)ৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়া (চি ই অ’)ৰ সৈতে শেষবাৰৰ বাবে প্ৰকাশিত ভোটাৰ তালিকাৰ বিৰুদ্ধে প্ৰথম আৰু দ্বিতীয় আবেদনৰ বিধানসমূহৰ সৈতেও অংশগ্ৰহণকাৰীসকলক পৰিচিত কৰা হয়।
৫) স্মৰণীয় যে ২০২৫ চনৰ ৬-১০ জানুৱাৰীলৈ চলোৱা বিশেষ সাৰাংশ পুনৰীক্ষণ (এছ এছ আৰ) সম্পূৰ্ণ হোৱাৰ পিছত তামিলনাডু আৰু পুডুচেৰীৰ পৰা কোনো আবেদন দাখিল কৰা হোৱা নাছিল।
******
PK/GDH/RP/KD
(Release ID: 2138057)