আয়ুষ
সমগ্ৰ ভাৰততে উন্মোচিত হ’ল যোগ মহা কুম্ভ: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ৰ এক মনোৰম প্ৰস্তাৱনা
Posted On:
18 JUN 2025 4:57PM by PIB Guwahati
২০২৫ চনৰ ২১ জুনত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (আইডিৱাই) প্ৰস্তুতি পৰ্বই চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰাৰ সময়তে যোগ মহা কুম্ভৰ বেনাৰত সমগ্ৰ দেশতে যোগ উদযাপনৰ ব্যাপক পৰিবেশে বিৰাজ কৰিছে। এই দেশজোৰা আন্দোলনৰ নেতৃত্ব দি ভাৰতীয় কণ্টেইনাৰ নিগম (CONCOR) আৰু মোৰাৰজী দেশাই নেচনেল ইনষ্টিটিউট অৱ যোগ (MDNIY)ৰ যৌথ উদ্যোগত, হাৰ্টফুলনেছ ইনষ্টিটিউটৰ সহযোগত আজি নতুন দিল্লীৰ আৰ কে পুৰমৰ হাৰ্টফুলনেছ মেডিটেচন চেণ্টাৰত তিনিদিনীয়া যোগ মহা কুম্ভ আৰম্ভ হৈছে। এই অনুষ্ঠানত যোগাসন প্ৰদৰ্শন, সুস্থতা অধিবেশন, আৰু মাইণ্ডফুলনেছ আৰু সম্প্ৰদায়ৰ মংগলৰ ওপৰত গুৰুত্ব আৰোপ কৰি সাংস্কৃতিক প্ৰদৰ্শন কৰা হয়।

উল্লেখ্য যে যোগ অনুৰাগীসকলে দৈনন্দিন জীৱনত যোগৰ গুৰুত্বক সৃষ্টিশীলতাৰে উপস্থাপন কৰা এক অনবদ্য বাটৰ নাট প্ৰদৰ্শনেৰে এই সমগ্ৰ পদক্ষেপকে আৰু অধিক সজীৱ কৰি তোলা হয়। আকৰ্ষণীয় অভিনয়ৰ জৰিয়তে তেওঁলোকে যোগৰ উপকাৰিতাৰ ওপৰত আলোকপাত কৰে, বিশেষকৈ শাৰীৰিক নমনীয়তা বৃদ্ধিৰ পৰা আৰম্ভ কৰি মানসিক প্ৰশান্তিলৈকে সকলোবোৰ দিশ এই নাটত সামৰি লোৱা হয়। লগতে, নাটৰ যোগেদিয়েই দৰ্শকক যোগাসনক সুষম আৰু সুস্থ জীৱনশৈলীৰ পথ হিচাপে আকোৱালি ল’বলৈও অনুপ্ৰাণিত কৰা হয়।
উচ্চ উচ্চতাৰ বিৰল পৰিৱেশত বিগত ১৫ জুনত লাডাখত আৰম্ভ হৈছিল আন এক লেখতল’বলগীয়া যোগ মহা কুম্ভ অনুষ্ঠান। আন্তঃৰাষ্ট্ৰীয় যোগ আৰু ধ্যান মহোৎসৱ (আই এফ ৱাই এম) ২০২৫-এ ইতিমধ্যে পাংগং হ্ৰদ (১৩,০০০+ ফুট), নুব্ৰা উপত্যকা, সিন্ধু ঘাট, আৰু এম আই এম চি দেৱাচন কেম্পাছৰ দৰে চিত্তাকৰ্ষক স্থানলৈ যোগৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী উভয়ৰে দৃষ্টি আকৰ্ষণ কৰিছে। আয়ুষ মন্ত্ৰালয়, মহাবোধী আন্তঃৰাষ্ট্ৰীয় ধ্যান কেন্দ্ৰ (এম আই এম চি), লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসন, এল এ এইচ ডি চি লেহ, আৰু আন আন অংশীদাৰ প্ৰতিষ্ঠানসমূহৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা এই উৎসৱে এইবাৰৰ বিষয়বস্তু—“এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ”ক শক্তিশালীভাৱে মূৰ্ত কৰি তুলিছে।

দ্বিতীয়টো যোগ মহা কুম্ভ অনুষ্ঠানো ১৫ জুনত উত্তৰ প্ৰদেশৰ নয়ডাত আৰম্ভ হয়, আৰু আৰহাম ধ্যান যোগে ছেক্টৰ ৫০ত এই কাৰ্যসূচী ৰূপায়ণ কৰে।এই অনুষ্ঠানত যুৱক-যুৱতী আৰু পৰিয়ালসমূহক একত্ৰিত কৰি হৰিৎ যোগ অধিবেশন, ৰচনা আৰু তৰ্ক প্ৰতিযোগিতা, আৰু ছেক্টৰ ৭৮ৰ বেদ ভান পাৰ্কত মত-বিনিময় কাৰ্যসূচীৰো আয়োজন কৰা হয়। ২১ জুনত ছেক্টৰ ৩৩এৰ শিৱলিক পাৰ্কত তেওঁলোকৰ আগন্তুক অনুষ্ঠান হিচাপে দেশজোৰা যোগ সংগম উদযাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’ব। ইফালে আৰহাম ধ্যান যোগে সমগ্ৰ বিশ্বতে সমান্তৰাল বিভিন্ন অধিবেশনৰো আয়োজন কৰিছে, যিয়ে আইডিৱাই ২০২৫ আন্দোলনৰ মূল ধাৰণা আৰু প্ৰসাৰক যথেষ্ট বিকশিত কৰিছে।

লাডাখৰ উচ্চ শৃংগৰ পৰা দিল্লীৰ সাংস্কৃতিক কেন্দ্ৰলৈ আৰু নয়ডাৰ সজীৱ সামূহিক উদ্যানলৈকে যোগ মহা কুম্ভ ২০২৫ ই ভাৰতৰ চহকী যোগ ঐতিহ্যৰ এক শক্তিশালী আৰু সৰ্বাংগীন উদযাপন হিচাপে আত্মপ্ৰকাশ কৰিছে। বিভিন্ন পৰিৱেশৰ সমুদায়সমূহে উশাহ-নিশাহ আৰু ভাৰসাম্যতাৰে একত্ৰিত হোৱাৰ লগে লগে এই অনুষ্ঠানসমূহে যোগৰ সাৰ্বজনীন প্ৰাসংগিকতাক পুনৰ দৃঢ় কৰি তুলিছে আৰু এখন সুস্থ-সুসম বিশ্ব গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বক আলোকপাত কৰিছে। ইয়াৰ সকলো অনুষ্ঠান জনসাধাৰণৰ বাবে মুকলি, আৰু নাগৰিকসকলক ইয়াত অংশগ্ৰহণ কৰিবলৈ আৰু যোগাসনক জীৱনশৈলী হিচাপে আকোৱালি ল’বলৈ উৎসাহিত কৰা হয়।
****
MV/AKS
(Release ID: 2137578)