গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন উচ্চস্তৰীয় সমিতিৰ বৈঠকত ২০২৩ চনত হোৱা বান, ভূমিস্খলন, ডাৱৰ বিস্ফোৰণৰ পিছত পুনৰুদ্ধাৰ তথা পুনৰ্নিমাণৰ বাবে হিমাচল প্ৰদেশলৈ কেন্দ্ৰীয় সাহায্য হিচাবে ২০০৬.৪০ কোটি টকা অনুমোদন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে প্ৰাকৃতিক দুৰ্যোগ আৰু আন দুৰ্যোগৰ সময়ত ৰাজ্য চৰকাৰসমূহৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে

২০২৪-২৫ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এছডিআৰএফৰ অধীনত ২৮খন ৰাজ্যলৈ ২০,২৬৪.৪০ কোটি টকা আৰু এন ডি আৰ এফৰ অধীনত ১৯খন ৰাজ্যলৈ ৫,১৬০.৭৬ কোটি টকা মুকলি কৰি দিছে

Posted On: 18 JUN 2025 11:02AM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত  এখন উচ্চস্তৰীয় সমিতিৰ বৈঠকত ২০২৩ চনত  হোৱা বান, ভূমিস্খলন, ডাৱৰ বিস্ফোৰণৰ  পিছত পুনৰুদ্ধাৰ তথা পুনৰ্নিমাণৰ  বাবে  হিমাচল প্ৰদেশলৈ কেন্দ্ৰীয় সাহায্য হিচাবে ২০০৬.৪০ কোটি টকা  অনুমোদন  জনাইছে। বিত্তমন্ত্ৰী, কৃষি মন্ত্ৰী আৰু  নিটি আয়োগৰ উপাধ্যক্ষক সদস্য হিচাপে লৈ গঠিত সমিতিখনে পুনৰুদ্ধাৰ তথা পুনৰ্গঠনৰ পুঁজিৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি(এনডিআৰএফ)ৰ অধীনত ৰাজ্যখনলৈ এই  আৰ্থিক সাহায্য প্ৰদানৰ  প্ৰস্তাৱ বিবেচনা  কৰে।

 

২০২৩ চনৰ বাৰিষাৰ সময়ত বানপানী, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষতি তথা  ধ্বংসৰ  পিছত পুনৰুদ্ধাৰ তথা পুনৰ্গঠন সম্পৰ্কীয়  কাৰ্য্যকলাপ পৰিচালনা কৰিবলৈ  ৰাজ্যখনলৈ ২০০৬.৪০ কোটি টকাৰ সাহায্য প্ৰদানত  উচ্চস্তৰীয় সমিতিয়ে অনুমোদন জনাইছে।

 

ইয়াৰে ১৫০৪.৮০ কোটি টকা পুনৰুদ্ধাৰ তথা পুনৰ্গঠন পুঁজিৰ পৰা   ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত  কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাবে আগবঢ়োৱা  হ’ব। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ১২ ডিচেম্বৰত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে  প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱা হিমাচল প্ৰদেশলৈ এন ডি আৰ এফৰ পৰা অতিৰিক্ত ৬৩৩.৭৩ কোটি টকাৰ আৰ্থিক সাহায্যৰ অনুমোদন জনাইছিল।  ।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে প্ৰাকৃতিক দুৰ্যোগ আৰু আন দুৰ্যোগৰ সময়ত ৰাজ্য চৰকাৰসমূহৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে। প্ৰধানমন্ত্ৰী মোদীৰ দুৰ্যোগ প্ৰতিৰোধী ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত  কৰাৰ  বাবে গৃহ মন্ত্ৰালয়ে গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত দেশত দুৰ্যোগৰ ফলপ্ৰসূ ব্যৱস্থাপনা নিশ্চিত কৰাৰ অৰ্থে  কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতত দুৰ্যোগৰ আশংকা হ্ৰাস কৰিব পৰা ব্যৱস্থা শক্তিশালী কৰি দুৰ্যোগৰ সময়ত জীৱন তথা সম্পত্তিৰ ব্যাপক ক্ষতি ৰোধৰ বাবে  বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

কেন্দ্ৰীয় চৰকাৰে যোছিমথ দুৰ্যোগৰ   পিছত উত্তৰাখণ্ডৰ  বাবে ১৬৫৮.১৭ কোটি টকা আৰু ২০২৩ চনৰ   হ্ৰদৰ পানী উপচি পৰি (জিএলঅ’এফ)সৃষ্টি হোৱা প্ৰলয়ংকৰী বানৰ পিছত ছিকিমৰ বাবে ৫৫৫.২৭ কোটি টকাৰ পুনৰুদ্ধাৰ পৰিকল্পনাত অনুমোদন জনাইছিল।

 

ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে নগৰীয়া বানপানী (৩০৭৫.৬৫ কোটি টকা), ভূমিস্খলন (১০০০ কোটি টকা), জিএলঅ’এফ (১৫০ কোটি টকা), বনজুই (১৫০ কোটি টকা) , বজ্ৰপাত( ১৮৬.৭৮ কোটি টকা) আৰু খৰাং পৰিস্থিতি  (২০২২.১৬ কোটি টকা) আদিৰ দৰে  দুৰ্যোগৰ বিপদৰ আশংকা হ্ৰাস কৰাৰ বাবে ৭২৫৩.৫১ কোটি টকাৰ সামগ্ৰিক আৰ্থিক ব্যয়ৰে কেইবাটাও দুৰ্যোগ প্ৰশমন প্ৰকল্পত অনুমোদন জনাইছিল।

এই অতিৰিক্ত সাহায্য ইতিমধ্যে কেন্দ্ৰই ৰাজ্যসমূহৰ বাবে  ৰখা ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ত মুকলি কৰা ধনতকৈ অধিক ধন ।২০২৪-২৫ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে  এছডিআৰএফৰ অধীনত ২৮খন ৰাজ্যলৈ ২০,২৬৪.৪০ কোটি টকা আৰু এন ডি আৰ এফৰ অধীনত ১৯খন ৰাজ্যলৈ ৫,১৬০.৭৬ কোটি টকা মুকলি কৰি দিছে।

 

ইয়াৰ উপৰি অতিৰিক্তভাবে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ১৯খন ৰাজ্যলৈ ৪৯৮৪.২৫ কোটি টকা আৰু  ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ৮খন ৰাজ্যলৈ ৭১৯.৭২ কোটি টকা মুকলি কৰি দিয়া হৈছে।

*****

RK/VV/ASH/PR/PS


(Release ID: 2137372)