গৃহ মন্ত্ৰালয়
লক্ষ্ণৌত উত্তৰ প্ৰদেশ আৰক্ষীৰ ৬০,২৪৪ গৰাকী অসামৰিক আৰক্ষী কনিষ্টবলক নিযুক্তি পত্ৰ বিতৰণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশৰ আৰক্ষী বাহিনীক আধুনিকীকৰণ কৰা হৈছে
কোনো উৎকোচ, কোনো অনুমোদন জনাই লিখা টোকা, কোনো পক্ষপাতিত্ব, কোনো জাতিভিত্তিক কথা নোহোৱাকৈ স্বচ্ছভাৱে যোগ্যতাৰ ভিত্তিত ৬০,২৪৪ গৰাকী যুৱক-যুৱতীক নিযুক্তি দিয়াটো উত্তৰ প্ৰদেশ চৰকাৰৰ এক ডাঙৰ কৃতিত্ব
নৱনিযুক্ত আৰক্ষী কৰ্মীসকলে সেৱা, নিৰাপত্তা তথা সংবেদনশীলতাৰ তিনিটা মূল মন্ত্ৰৰ সৈতে আগবাঢ়ি যাব আৰু উত্তৰ প্ৰদেশত আইনৰ শাসন প্ৰতিষ্ঠা কৰিব
বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ পিছপৰা, দলিত, আৰু জনজাতীয় লোকৰ জীৱনলৈ নতুন পোহৰ আনিছে
১১খন ৰাজ্যত বিয়পি পৰা নক্সালবাদ এতিয়া মোদী চৰকাৰৰ অধীনত মাত্ৰ ৩খন জিলাত আৱদ্ধ হৈ পৰিছে; ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত সমগ্ৰ দেশখন নক্সালমুক্ত হ’ব
Posted On:
15 JUN 2025 5:16PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত উত্তৰ প্ৰদেশ আৰক্ষীৰ ৬০,২৪৪ গৰাকী অসামৰিক আৰক্ষী কনিষ্টবলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষে্য আয়োজিত অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীযুত যোগী আদিত্যনাথকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে আজি ৬০ হাজাৰৰো অধিক যুৱক-যুৱতী ভাৰতৰ সৰ্ববৃহৎ আৰক্ষী বাহিনীৰ অবিচ্ছেদ্য অংগ হ’বলৈ গৈ আছে। তেওঁ কয় যে উত্তৰ প্ৰদেশ আৰক্ষী সমগ্ৰ দেশৰ ভিতৰতে সৰ্ববৃহৎ আৰক্ষী বাহিনী, কিন্তু বিগত কিছু বছৰ ধৰি ৰাজ্য খনত আইন-শৃংখলাৰ পৰিস্থিতিৰ কিছু অৱনতি ঘটিছিল। তেওঁ কয় যে ২০১৭ চনত শ্ৰী যোগী আদিত্যনাথ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে পুনৰবাৰ নতুন উচ্চতাত আৰোহণৰ দিশে আগবাঢ়িবলৈ আৰম্ভ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নেতৃত্ব গ্ৰহণ কৰাৰ লগে লগে দেশত আৰক্ষী বাহিনীৰ আধুনিকীকৰণৰ কাম আৰম্ভ হৈছিল যদিও উত্তৰ প্ৰদেশত এই প্ৰক্ৰিয়া তিনি বছৰৰ পিছত আৰম্ভ হৈছিল। তেওঁ কয় যে ২০১৪ চনৰ পৰা ২০১৭ চনলৈকে উত্তৰ প্ৰদেশত ভাৰত চৰকাৰৰ কোনো সংস্কাৰ প্ৰক্ৰিয়া দেখা পোৱা যোৱা নাছিল। কিন্তু ২০১৭ চনত যোগী জী মুখ্যমন্ত্ৰী হোৱাৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীতো সংস্কাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। তেওঁ কয় যে এই ৬০,২৪৪ গৰাকী যুৱক-যুৱতীৰ নিযুক্তিৰ কাম সম্পূৰ্ণ স্বচ্ছতাৰে আৰু ন্যায্যভাৱে সম্পন্ন কৰা হৈছে। শ্ৰী শ্বাহে কয় যে মুঠ ৪৮ লাখ আবেদনৰ ভিতৰত উৎকোচ, ৰাজনৈতিক প্ৰভাৱ, অনুমোদন , জাতিভিত্তিক চিন্তা, দুৰ্নীতিৰ কোনো প্ৰভাৱ নোহোৱাকৈয়ে ৬০ হাজাৰতকৈ অধিক যুৱক-যুৱতীৰ নিৰ্বাচন যোগ্যতাৰ ভিত্তিত স্বচ্ছতাৰে সম্পন্ন কৰা হৈছে।
GNZX.JPG)
শ্ৰী অমিত শ্বাহে কয় যে সেই নিৰ্বাচিত যুৱক-যুৱতীসকলৰ ভিতৰত ১২ হাজাৰৰো অধিক যুৱতী আছে আৰু তেওঁলোকৰ মুখত আত্মবিশ্বাস, উৎসাহ, আনন্দ দেখিলে মনত সন্তুষ্টিৰ ভাব জাগি উঠে। তেওঁ কয় যে মোদী চৰকাৰে মহিলাৰ বাবে যি সংৰক্ষণৰ ব্যৱস্থা কৰিছে সেয়া ১০০% হাৰত উত্তৰ প্ৰদেশত কাৰ্যকৰী কৰা হৈছে। যি সময়ত ৰাজ্যখন সংস্কাৰৰ দিশত আগবাঢ়িছে সেই সময়ত এই যুৱক-যুৱতীসকল উত্তৰ প্ৰদেশ আৰক্ষীৰ অংগ হৈ পৰিছে বুলিও তেওঁ কয়। শ্ৰী শ্বাহে কয় যে যোগীজীৰ ২০১৭ চনৰ পৰা ২০২৫ চনলৈ আৰু প্ৰধানমন্ত্ৰী মোদী জীৰ ২০১৪ চনৰ পৰা ২০২৫ চনলৈ যাত্ৰা ভাৰতৰ বাবে এক পৰিৱৰ্তনৰ সময়। তেওঁ কয় যে এই যুৱকসকলে অমৃত কালৰ সময়ত উত্তৰ প্ৰদেশ আৰক্ষীত যোগদান কৰিছে। তেওঁ কয় যে ২০৪৭ চনৰ ভিতৰত আমাৰ দেশ বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে এক নম্বৰ হ’ব আৰু তাৰ ভিতৰত উত্তৰ প্ৰদেশৰ অৱদান সৰ্বাধিক হ’ব। ঔদ্যোগিক খণ্ডই হওক, শিক্ষা, আইন-শৃংখলা, আন্তঃগাঁথনি উন্নয়ন, প্ৰতিখন গাওঁ আৰু ঘৰলৈ বিদ্যুৎ আৰু পাইপেৰে পানী যোগানেই হওক — প্ৰতিটো ক্ষেত্ৰতে, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত যোগীজীয়ে পৰিৱৰ্তন সাধন কৰিবলৈ তৃণমূল পৰ্যায়ত আঁচনিসমূহ সফলতাৰে ৰূপায়ণ কৰিছে বুলিও তেওঁ কয়। তেওঁ কয় যে এতিয়া উত্তৰ প্ৰদেশক কেৱল উন্নতই নহয়, নিৰাপদ কৰি তোলাটো এই যুৱক-যুৱতীসকলৰ দায়িত্ব।
JFRA.JPG)
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আগতে জাতিৰ ওপৰত ভিত্তি কৰি নিযুক্তি দিয়া হৈছিল যদিও আজি প্ৰযুক্তিয়ে সকলোকে সবল কৰি তুলিছে, যাৰ ফলত এই যুৱক-যুৱতীসকলক সম্পূৰ্ণ স্বচ্ছতাৰে নিযুক্তি দিয়া সম্ভৱ হৈছে। তেওঁ কয় যে আজি কেমেৰা, কণ্ট্ৰল ৰুম, কমাণ্ড চেণ্টাৰ, পিচিআৰ-১ ইউনিট আৰু ১৫০ টাতকৈও অধিক ভ্ৰাম্যমাণ এফএছএল ইউনিটে মানুহক ন্যায় প্ৰদানৰ বাবে কাম কৰি আছে আৰু এই কামক আগুৱাই নিয়াটো এই যুৱক-যুৱতীসকলৰ দায়িত্ব। তেওঁ কয় যে এই যুৱক-যুৱতীসকলে নিৰাপত্তা, সেৱা আৰু সংবেদনশীলতাৰ মন্ত্ৰ লৈ আগবাঢ়িব লাগিব। শ্ৰী শ্বাহে কয় যে আজি ৬০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে দেশৰ সৰ্ববৃহৎ আৰক্ষী বাহিনীত যোগদান কৰিছে, যিটো বাহিনীৰ শক্তি হিচাবে ৪ লাখ জোৱান আছে। তেওঁ কয় যে গুণ্ডা আৰু মাফিয়াৰ মনত আৰক্ষীৰ প্ৰতি ভয় থাকিব লাগে, আনহাতে দুখীয়া, দলিত, পিছপৰা শ্ৰেণী, আদিবাসীয়ে আৰক্ষীক দেৱদূত হিচাপে চাব লাগে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম কাৰ্যকৰী হোৱাৰ লগে লগে আগন্তুক পাঁচ বছৰত এনে এক পৰিস্থিতিৰ সৃষ্টি হ’ব য’ত উচ্চতম ন্যায়ালয়লৈকে যিকোনো এফআইআৰ দাখিল কৰাৰ পৰা তিনি বছৰৰ ভিতৰত ন্যায় প্ৰদান কৰা হ’ব। তেওঁ কয় যে প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি ন্যায়ক আগুৱাই নিয়াৰ ব্যৱস্থা কৰা হৈছে, এনএএফআইএছ, চিচিটিএনএছ, আইচিজেএছ, আৰু ফৰেনছিক বিজ্ঞানৰ দৰে সুবিধাসমূহ একত্ৰিত কৰা হৈছে। শ্ৰী শ্বাহে উল্লেখ কৰে যে এসময়ত সংঘৰ্ষৰ কেন্দ্ৰ হিচাপে গণ্য কৰা উত্তৰ প্ৰদেশ এতিয়া সম্পূৰ্ণ সংঘৰ্ষমুক্ত হৈ পৰিছে আৰু এই পৰম্পৰাক যুৱক-যুৱতীসকলে আগুৱাই নিব লাগিব। তেওঁ দৃঢ়তাৰে কয় যে আজি উত্তৰ প্ৰদেশ ন্যায়ৰ দ্বাৰা পৰিচালিত হয়, গুণ্ডাৰ শ্ৰুতলিপিৰ দ্বাৰা নহয়। অপৰাধীয়ে আৰু ভিআইপিৰ সুবিধা লাভ নকৰিব, চিকিৎসা সকলো যুৱক-যুৱতীয়ে এই ব্যৱস্থাসমূহ মানি চলিব লাগিব। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে বিগত ১১ বছৰে দেশখনক আগুৱাই নিয়াৰ বাবে কাম কৰি আহিছে । এনে সময়তে এতিয়া যুৱক-যুৱতীসকলে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ ভেটি স্থাপন কৰিব লাগিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ শাসনৰ যোৱা ১১ বছৰত ২৫দ নিযুত লোকে দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ উঠিছে আৰু ৬০০ নিযুত লোকক গেছ চিলিণ্ডাৰ, শৌচাগাৰ, টেপৰ পানী, বিদ্যুৎ, ৫ কেজি বিনামূলীয়া শস্য, ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্যসেৱা, আৰু প্ৰতিজন কৃষকৰ বাবে বছৰি ৬,০০০ টকাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে এই প্ৰচেষ্টাসমূহৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে পিছপৰা, দলিত, আদিবাসীসকলৰ জীৱনলৈ এক নতুন পোহৰ আনিছে। তেওঁ উল্লেখ কৰে যে ২০১৪ চনত ভাৰতীয় অৰ্থনীতি বিশ্বজুৰি ১১ নম্বৰ স্থানত আছিল আৰু আজি ই চতুৰ্থ স্থানত আৰোহণ কৰিছে। শ্ৰী শ্বাহে উল্লেখ কৰে যে ২০২৭ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন শিক্ষা নীতিৰ জৰিয়তে প্ৰতিগৰাকী ভাৰতীয় যুৱক-যুৱতীক সুযোগ প্ৰদান কৰিছে, চহৰৰ সৈতে পথ সংযোগ কৰিছে, ১৫০টাতকৈও অধিক বিমানবন্দৰ নিৰ্মাণ কৰিছে, ১৪৩খনতকৈও অধিক চহৰত মেট্ৰ’ ৰে’ল নেটৱৰ্ক স্থাপন কৰিছে, যুৱক-যুৱতীসকলক কম্পিউটাৰেৰে সজ্জিত কৰি দেশখনক আগুৱাই লৈ গৈছে।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ১১ বছৰীয়া শাসন ব্যৱস্থাত দেশখন অধিক সুৰক্ষিত হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে এসময়ত ১১খন ৰাজ্যত বিয়পি পৰা নক্সালবাদ এতিয়া মাত্ৰ তিনিখন জিলাত আবদ্ধ হৈ পৰিছে। তেওঁ পুনৰ কয় যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভাৰত নক্সালবাদৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব। তেওঁ কয় যে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত দেশত সঘনাই সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল।
প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালত পাকিস্তানে উৰি, পুলৱামা, পুঞ্চত তিনিটা ভয়ংকৰ আক্ৰমণ চলাইছে। শ্ৰী শ্বাহে উল্লেখ কৰে যে মোদী চৰকাৰে উৰি আক্ৰমণৰ প্ৰতিক্ৰিয়া হিচাবে ছাৰ্জিকেল অপাৰেছন , পুলৱামা আক্ৰমণৰ প্ৰতিক্ৰিয়া হিচাবে আকাশমাৰ্গৰ পৰা আক্ৰমণ আৰু পুঞ্চ আক্ৰমণৰ প্ৰতিক্ৰিয়া হিচাবে অপাৰেচন সিন্দূৰৰ দৰে অভিযানৰ দ্বাৰা সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্যালয় ধ্বংস কৰিছে। তেওঁ কয় যে অপাৰেচন সিন্দূৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ববাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে যে ভাৰতীয়ৰ তেজ অথলে যাবলৈ দিয়া নহ’ব আৰু তেনে কৰিবলৈ যিয়েই সাহস কৰিব তেওঁ কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আমাৰ সাহসী জোৱানসকলৰ নিৰ্দিষ্ট লক্ষ্যভিত্তিক আক্ৰমণৰ সামৰ্থ্যই সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰা স্থানসমূহ মাটিত মিহলাই দিছে, যাৰ ফলত এক শক্তিশালী নতুন ভাৰতৰ আৰম্ভণি হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতে সফলতা অৰ্জন কৰিছে আৰু চন্দ্ৰৰ সেই অংশত উপনীত হ’বলৈ সক্ষম হৈছে, য’ত পৃথিৱীৰ কোনোৱে আগতে যাব পৰা নাছিল। প্ৰধানমন্ত্ৰী মোদীয়ে সেই ঠাইৰ নাম শিৱশক্তি পইণ্ট হিচাবে ৰাখি সমগ্ৰ বিশ্বলৈ আমাৰ দেশৰ বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কয় যে মোদী চৰকাৰে দেশৰ নাৰী শক্তিক সন্মান জনাই এইক্ষেত্ৰত কেইবাটাও সাংস্কৃতিক দিশ পুনৰুজ্জীৱিত কৰাৰ বাবে কাম কৰিছে। শ্ৰী শ্বাহে উল্লেখ কৰে যে ৰাম লাল্লা এতিয়া অযোধ্যাৰ মন্দিৰত স্থাপন কৰা হৈছে, কাশী বিশ্বনাথ কৰিডৰ নিৰ্মাণ কৰা হৈছে, সোমনাথ মন্দিৰক সোণৰ মন্দিৰলৈ ৰূপান্তৰিত কৰা হৈছে, তিনি তালাক বিলুপ্ত কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী মোদীৰ শাসনৰ অধীনত উত্তৰাখণ্ড একেধৰণৰ নাগৰিক সংহিতা থকা প্ৰথমখন ৰাজ্যত পৰিণত হৈছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ৱাকফ ব’ৰ্ডৰ অধীনত চলি থকা দুৰ্নীতি ৰোধ কৰাৰ বাবে কঠোৰ ৱাকফ আইন প্ৰণয়ন কৰি কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে আজি ৬০ হাজাৰৰো অধিক যুৱক- যুৱতীয়ে দেশৰ সৰ্ববৃহৎ আৰক্ষী বাহিনীত যোগদান কৰিছে, যিটো বাহিনীৰ মুঠ শক্তি ৪ লাখ জোৱান। তেওঁ দৃঢ়তাৰে কয় যে গুণ্ডা আৰু মাফিয়াই আৰক্ষীক ভয় কৰিব লাগে, আনহাতে দুখীয়া, দলিত, পিছপৰা, জনজাতীয় লোকে আৰক্ষীক নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিব লাগে।
*****
RK/VV/PR/PS/DM
(Release ID: 2136540)