প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে
प्रविष्टि तिथि:
13 JUN 2025 7:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেটান্যাহুৰ সৈতে অঞ্চলটোত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে।
এই আলোচনাত প্ৰধানমন্ত্ৰী নেটান্যাহুৱে শ্ৰী মোদীক শেহতীয়া ঘটনাৱলী সম্পৰ্কে চমুকৈ কয় আৰু ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পৰিস্থিতিক লৈ ভাৰতৰ উদ্বেগৰ কথা ব্যক্ত কৰে। শ্ৰী মোদীয়ে বৈশ্বিক শান্তি প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ অংগীকাৰৰ কথা দোহাৰি অঞ্চলটোত সোনকালেই শান্তি আৰু সুস্থিৰতাৰ পুনৰুদ্ধাৰৰ জৰুৰী প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
এক্স-ৰ এটা প'ষ্টত তেখেতে এইদৰে লিখিছেঃ
“ইজৰাইলৰ প্ৰধানমন্ত্ৰী @netanyahu-ৰ পৰা এটা ফোন কল লাভ কৰোঁ। তেওঁ মোক শেহতীয়া ঘটনাৱলী সম্পৰ্কে চমুকৈ কয়। মই ভাৰতৰ উদ্বেগৰ কথা ব্যক্তকৰণেৰে অঞ্চলটোত সোনকালেই শান্তি আৰু সুস্থিৰতাৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰোঁ।”
***
MJPS/SR/SB
(रिलीज़ आईडी: 2136298)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam