প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ মৃত লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে, দুৰ্যোগৰ পিছত অক্লান্তভাৱে কাম কৰা বিষয়া আৰু দলসমূহকো সাক্ষাৎ

Posted On: 13 JUN 2025 10:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত সংঘটিত শোকাবহ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে৷ তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি তেওঁলোকে সহি থকা অপৰিসীম শোক আৰু ক্ষতিৰ কথা স্বীকাৰ কৰে।

ইয়াৰ পূৰ্বে আজি শ্ৰী মোদীয়ে আহমেদাবাদৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ প্ৰত্যক্ষ মূল্যায়ন কৰে। দুৰ্যোগৰ পিছত অক্লান্তভাৱে কাম কৰা বিষয়া আৰু জৰুৰীকালীন সেৱাৰ দলকো সাক্ষাৎ কৰে।

এক্সৰ এলানি পোষ্টত শ্ৰী মোদীয়ে কয়।

‘আহমেদাবাদৰ বিমান দুৰ্যটনাত আমি সকলো মৰ্মাহত হৈছো।ইমান আকস্মিক আৰু হৃদয়বিদাৰক ঘটনাত ইমানবোৰ লোকে একেলগে প্ৰাণ হেৰুওৱাটো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ। তেওঁলোকৰ যন্ত্ৰণা আমি বুজিছো আৰু লগতে জানো যে এই শূন্যতা আগন্তুক বহু বছৰবোৰলৈ অনুভৱ কৰিম। ওম শান্তি।”

"আজি আহমেদাবাদৰ দুৰ্ঘটনাস্থলী ভ্ৰমণ কৰিলোঁ। ধ্বংসলীলাৰ দৃশ্য অতি হৃদয়বিদাৰক। ইয়াৰ পিছত অক্লান্তভাৱে কাম কৰা বিষয়া আৰু দলসমূহক লগ পালোঁ। এই অকল্পনীয় দুৰ্ঘটনাত নিজৰ আপোনজনক হেৰুওৱা লোকসকলৰ প্ৰতি আমি সমবেদনা জনাইছোঁ।"

***

MJPS/SR/DB


(Release ID: 2136227)