কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

কেবিনেটে ঝাৰখণ্ড, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ সাতখন জিলাক সামৰি সমগ্ৰ ভাৰতীয় ৰেলত দুটা মাল্টিট্ৰেকিং প্ৰকল্পত অনুমোদন জনাই বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৩১৮ কিলোমিটাৰ বৃদ্ধি কৰে

এই পদক্ষেপসমূহে ভ্ৰমণৰ সুবিধা উন্নত কৰা, লজিষ্টিক ব্যয় হ্ৰাস, তেল আমদানি হ্ৰাস আৰু কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন হ্ৰাস কৰাত অৰিহণা যোগাব, বহনক্ষম তথা কাৰ্যক্ষম ৰেল পৰিচালনাতো সহায় কৰিব

এই প্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয় ৬,৪০৫ কোটি টকা

এই প্ৰকল্পসমূহে নিৰ্মাণৰ সময়ত প্ৰায় ১০৮ লাখ মানৱ-দিনৰ বাবে প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব

Posted On: 11 JUN 2025 3:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ কেবিনেট কমিটীয়ে ৬,৪০৫ কোটি টকা ব্যয়সাপেক্ষে ৰেল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে :

১) কোদৰমা–বৰকাকানা দ্বৈতকৰণ(১৩৩ কিলোমিটাৰ)– এই প্ৰকল্পটো ঝাৰখণ্ডৰ এটা প্ৰধান কয়লা উৎপাদনকাৰী অঞ্চলৰ মাজেৰে অতিক্ৰম কৰে। তদুপৰি ই পাটনা আৰু ৰাঁচীৰ মাজত আটাইতকৈ চুটি আৰু অধিক কাৰ্যক্ষম ৰেল সংযোগ হিচাপে কাম কৰে।

২) বল্লাৰী–চিকজাজুৰ দ্বৈতকৰণ (১৮৫ কিলোমিটাৰ)– এই প্ৰকল্পটো কৰ্ণাটকৰ বল্লাৰী তথা চিত্ৰদুৰ্গা জিলা আৰু অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ মাজেৰে পাৰ হৈ গৈছে।

বৰ্ধিত ৰেলপথৰ সক্ষমতাই গতিশীলতা যথেষ্ট বৃদ্ধি কৰিব, যাৰ ফলত ভাৰতীয় ৰে’লৰ বাবে কাৰ্য্যকৰী দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা উন্নত হ’ব। এই মাল্টিট্ৰেকিং প্ৰস্তাৱসমূহে কাৰ্য্যকলাপবোৰ সুশৃংখলিত কৰাৰ লগতে যান-জঁট দূৰ কৰিবলৈ সাজু হৈছে। এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ, যিয়ে অঞ্চলটোৰ জনসাধাৰণক এলেকাটোৰ সৰ্বাংগীন উন্নয়নৰ জৰিয়তে “আত্মনিৰ্ভৰ” কৰি তুলিব আৰু তেওঁলোকৰ কৰ্মসংস্থাপন/আত্মনিয়োগৰ সুযোগ বৃদ্ধি কৰিব।

এই প্ৰকল্পসমূহ মাল্টি-মডেল সংযোগৰ বাবে পি এম-গতি শক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ ফল, যি সংহত পৰিকল্পনাৰ জৰিয়তে সম্ভৱ হৈছে আৰু ই জনসাধাৰণ, সামগ্ৰী আৰু সেৱাৰ সঞ্চালনৰ বাবে নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব।

ঝাৰখণ্ড, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ সাতখন জিলাক সামৰি লোৱা এই প্ৰকল্প দুটাৰ জৰিয়তে ভাৰতীয় ৰে’লৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৩১৮ কিলোমিটাৰ বৃদ্ধি পাব।

অনুমোদিত মাল্টি-ট্ৰেকিং প্ৰকল্পটোৱে ১,৪০৮ খন গাঁৱৰ প্ৰায় ২৮.১৯ লাখ জনসংখ্যাৰ যোগাযোগ বৃদ্ধি কৰিব।

কয়লা, লোৰ আকৰ, সম্পূৰ্ণ তীখা, চিমেণ্ট, সাৰ, কৃষিজাত আৰু পেট্ৰলজাত সামগ্ৰী আদি পৰিবহণৰ বাবে এইবোৰ অপৰিহাৰ্য পথ। সক্ষমতা বৃদ্ধিৰ ফলত ৪৯ এমটিপিএ (বছৰি মিলিয়ন টন) পৰিমাণৰ অতিৰিক্ত মালবাহী বাহনৰ চলাচল হ’ব। পৰিৱেশ অনুকূল আৰু শক্তি দক্ষ পৰিবহণৰ মাধ্যম হোৱা বাবে ৰেলৱেই জলবায়ুৰ লক্ষ্যত উপনীত হোৱা আৰু দেশৰ লজিষ্টিক ব্যয় হ্ৰাস,  তেল আমদানি (৫২ কোটি লিটাৰ) হ্ৰাস তথা কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন (২৬৪ কোটি কিলোগ্ৰাম) কম কৰা দুয়োটাতে সহায় কৰিব, যিটো ১১ কোটি গছ ৰোপণৰ সমান।

 

 

*****

MJPS/BM/KD


(Release ID: 2135721)