প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভিন্ন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা একাধিক প্ৰতিনিধি দলৰ সদস্যৰে মিলিত প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদক লৈ ভাৰতৰ স্থিতি সম্পৰ্কে প্ৰচাৰৰ বাবে প্ৰতিনিধি দলসমূহক প্ৰশংসা কৰে
प्रविष्टि तिथि:
10 JUN 2025 9:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি তেখেতৰ নতুন দিল্লীস্থিত চৰকাৰী বাসগৃহত ভিন্ন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা একাধিক প্ৰতিনিধি দলৰ সদস্যসকলৰ সৈতে মিলিত হয়। এই প্ৰতিনিধিসকলে ভাৰতৰ শান্তিৰ প্ৰতি দায়বদ্ধতা আৰু সন্ত্ৰাসবাদৰ ভাবুকিক প্ৰতিৰোধৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাপকভাৱে প্ৰচাৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শ্ৰী মোদীয়ে প্ৰতিনিধি দলসমূহক ভাৰতৰ কণ্ঠক বিশ্বৰ মঞ্চলৈ নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠাৰ মনোভাৱক প্ৰশংসা কৰে।
এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
“ভিন্ন দেশত ভাৰতক প্ৰতিনিধিত্ব তথা ভাৰতৰ শান্তিৰ প্ৰতি দায়বদ্ধতা আৰু সন্ত্ৰাসবাদৰ ভাবুকিক প্ৰতিৰোধৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাপকভাৱে প্ৰচাৰ কৰা একাধিক প্ৰতিনিধি দলৰ সদস্যসকলৰ সৈতে মিলিত হওঁ। ভাৰতৰ কণ্ঠক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠাৰ মনোভাৱক লৈ আমি সকলোৱে গৌৰৱবোধ কৰিছোঁ।”
***
MJPS/SR/SB
(रिलीज़ आईडी: 2135537)
आगंतुक पटल : 19
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Khasi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada