গৃহ মন্ত্ৰালয়
সীমান্ত অঞ্চলত ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ অতিৰিক্ত ক্ষতিপূৰণ প্ৰদান সম্পৰ্কে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০৬০ টা ঘৰৰ বাবে গৃহ মন্ত্ৰালয়ৰ পৰা ২৫ কোটি টকাৰ অতিৰিক্ত সুবিধা প্ৰদানৰে গ্ৰহণ কৰিলে ক্ষিপ্ৰ ব্যৱস্থা
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দূৰৰ পিছত জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী জিলাসমূহত পাকিস্তানৰ গোলাবৰ্ষণত ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ বাবে অতিৰিক্ত ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী মোদীয়ে কৰা অতিৰিক্ত ক্ষতিপূৰণৰ বিশেষ ঘোষণা ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাটো নিশ্চিত কৰিলে — প্ৰতিটো সম্পূৰ্ণ ক্ষতিগ্ৰস্ত ঘৰৰ বাবে ২ লাখ টকা আৰু প্ৰতিটো আংশিকভাৱে ক্ষতিগ্ৰস্ত ঘৰৰ বাবে ১ লাখ টকা অনুমোদন
পঞ্জাৱৰ সীমান্তৱৰ্তী অঞ্চলতো একে ধৰণেৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ’ব
Posted On:
09 JUN 2025 8:07PM by PIB Guwahati
সীমান্ত অঞ্চলত পাকিস্তানৰ গুলীবৰ্ষণত ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ বাবে অতিৰিক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০৬০ টা ঘৰৰ বাবে গৃহ মন্ত্ৰালয়ৰ পৰা ২৫ কোটি টকাৰ অতিৰিক্ত সুবিধা প্ৰদানৰ ব্যৱস্থা ক্ষিপ্ৰতাৰে কৰাৰ বিষয়টে নিশ্চিত কৰিছে।
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দূৰৰ পিছত জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী জিলাসমূহত পাকিস্তানৰ গোলাবৰ্ষণত ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ অতিৰিক্ত ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে।
বিশেষ ক্ষেত্ৰ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিটো সম্পূৰ্ণভাবে ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ বাবে ২ লাখ টকা আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত প্ৰতিটো ঘৰৰ বাবে ১ লাখ টকা অতিৰিক্ত ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই সিদ্ধান্ত ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাটো নিশ্চিত কৰিছে। পঞ্জাৱৰ সীমান্তৱৰ্তী অঞ্চলতো একেধৰণৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ’ব।
২০২৫ চনৰ ২৯–৩০ মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে পুঞ্চ ভ্ৰমণৰ সময়ত সীমান্ত অতিক্ৰম কৰি কৰা গুলীচালনাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ সদস্যক অনুকম্পামূলক নিযুক্তি পত্ৰ প্ৰদান কৰে। একেদৰে নিয়ম অনুসৰি সীমান্ত অতিক্ৰম কৰি গোলাবৰ্ষণৰ ফলত হোৱা ক্ষতিৰ ক্ষতিপূৰণ তৎক্ষণাত প্ৰদান কৰা হৈছিল।
অপাৰেচন সিন্দূৰৰ পিছত কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ সীমান্ত জিলাত সীমান্তৰ অতিক্ৰম কৰি কৰা গোলাবৰ্ষণৰ কেইবাটাও ঘটনা সংঘটিত হয়। আৱাসিক এলেকা, বিদ্যালয়, গুৰুদ্বাৰকে ধৰি ধৰ্মীয় অনুষ্ঠান, মন্দিৰ, মছজিদ আৰু বাণিজ্যিক সম্পত্তিক লক্ষ্য কৰি পাকিস্তানে গোলাবৰ্ষণ কৰাৰ ফলত শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হয়। প্ৰশাসনে সম্ভাৱ্য পৰিঘটনাৰ আগজাননী প্ৰদানৰ লগতে ফলপ্ৰসূ সঁহাৰি নিশ্চিত কৰাৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰে। সীমান্ত জিলাসমূহৰ পৰা মুঠ ৩.২৫ লাখ লোকক নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হয় আৰু তেওঁলোকৰ মাজৰে প্ৰায় ১৫,০০০ লোকক খাদ্য, পানী, স্বাস্থ্যসেৱা, বিদ্যুৎ আদিৰ দৰে সা-সুবিধাৰে সজ্জিত প্ৰায় ৩৯৭টা আশ্ৰয় শিৱিৰ /বসবাসৰ বাবে স্থাপন কৰা কেন্দ্ৰত ৰখা হয়।
ৰোগীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ অৰ্থে সকলো সীমান্ত জিলাতে মুঠ ৩৯৪খন এম্বুলেন্স সাজু ৰখা হয় , ইয়াৰে ৬২খন এম্বুলেন্স কেৱল পুঞ্চ জিলাতে সাজু ৰখা কৰা হৈছিল। স্বাস্থ্য, অগ্নি আৰু জৰুৰীকালীন সেৱা, পশুধন, অত্যাৱশ্যকীয় সামগ্ৰী আদিৰ সৈতে জড়িত সেৱাৰ বাবেও মুঠ ২৮১৮ জন অসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱক নিয়োগ কৰা হয়।
RK/VV/ASH/PR/PS
(Release ID: 2135267)