তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

‘ফিল্ম এপ্ৰিচিয়েশ্যন’ পাঠ্যক্ৰম (২০২৫ বৰ্ষৰ মধ্যৱৰ্তী) ৰ বাবে আবেদন দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে ‘এফটিআইআই’-য়ে

এতিয়া ২০২৫ চনৰ ১৫ জুন পৰ্যন্ত আবেদন প্ৰক্ৰিয়া মুকলি থাকিব

২৩ জুনৰ পৰা ১১ জুলাই ২০২৫লৈ পুনেত অনুষ্ঠিত হ'ব পাঠ্যক্ৰম

Posted On: 09 JUN 2025 5:07PM by PIB Guwahati

 

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ ‘ভাৰতীয় ফিল্ম এণ্ড টেলিভিশ্বন ইনষ্টিটিউট, পুনে’ত ২৩ জুন তাৰিখৰ পৰা ১১ জুলাই ২০২৫লৈ চলিব লগা ধ্বজাবাহী ‘ফিল্ম এপ্ৰিচিয়েশ্যন ক্ৰছ’(চলচ্চিত্ৰ প্ৰশংসন পাঠ্যক্ৰম) (২০২৫ বৰ্ষৰ মধ্যবৰ্তী)ৰ বাবে আবেদন দাখিলৰ সময়সীমা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰা হৈছে। এতিয়া আবেদন দাখিলৰ সংশোধিত অন্তিম তাৰিখ হ’ব ১৫ জুন ২০২৫ (৬:০০ বজাত আই এছ টি)।

সময়সীমাৰ এই সম্প্ৰসাৰণৰ সিদ্ধান্ত সমগ্ৰ দেশৰ চলচ্চিত্ৰ অনুৰাগীসকলৰ অতিশয় আগ্ৰহৰ পিছত গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ উদ্দেশ্য হৈছে অধিক উচ্চাকাংক্ষী অংশগ্ৰহণকাৰীসকলক সুবিধা প্ৰদান কৰা, যিসকলে পূৰ্বৰ সময়সীমা ৭ জুনত এই সুবিধা গ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছিল। ‘এফ টি আই আই’ আৰু ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম – ভাৰত’ৰ ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ’য়ে যৌথভাৱে পৰিচালনা কৰা এই পাঠ্যক্ৰমটো হৈছে সমগ্ৰ ভাৰততে চলচ্চিত্ৰ শিক্ষাৰ সুবিধা গণতান্ত্ৰিক কৰাৰ লক্ষ্যৰে ‘এফ টি আই আই’য়ে গ্ৰহণ কৰা বিস্তৃত প্ৰসাৰণ পদক্ষেপৰ অংশ।

এক নিবিড়, পূৰ্ণকালীন কাৰ্যসূচী হিচাপে আৰ্হি প্ৰস্তুত কৰা এই পাঠ্যক্ৰমটোৱে অংশগ্ৰহণকাৰীসকলক চলচ্চিত্ৰৰ নান্দনিকতা, ইতিহাস আৰু ভাষাৰ এক গাঁথনিগত পৰিচয় প্ৰদান কৰে। ইয়াত বক্তৃতা, প্ৰদৰ্শনী, আৰু আলোচনা অন্তৰ্ভুক্ত কৰা হৈছে, য'ত অধিৱেশনসমূহ সপ্তাহৰ শেহৰ দিনকেইটা বাদ দি দৈনিক পুৱা ৯:৩০ বজাৰ পৰা নিশা ৮:৩০ বজালৈ অনুষ্ঠিত হয়। পাঠ্যক্ৰমটোৰ এটা বিশেষ বৈশিষ্ট্য হ’ল অংশগ্ৰহণকাৰীসকলে ‘৩৫ মিলিমিটাৰ’ আৰু ‘ডিজিটেল’ দুয়োটা ‘ফৰ্মেট’তে চিনেমাৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ পায়।

পাঠ্যক্ৰমটোত ভাৰতীয় আৰু বিশ্ব চিনেমাৰ পৰম্পৰাসমূহত গুৰুত্ব আৰোপ কৰি চিনেমাক কলা আৰু যোগাযোগৰ মাধ্যম হিচাপে অন্বেষণ কৰা হৈছে। অংশগ্ৰহণকাৰীসকলে নিৰ্বাচিত ক্লাছিক—কল্পকাহিনী, অনা কল্পনিক, আৰু তথ্যচিত্ৰ-ৰ—গভীৰ বিশ্লেষণৰ সৈতে জড়িত হ’ব। বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে ‘অতিথিৰে মত বিনিময় অনুষ্ঠান’ এক অবিচ্ছেদ্য অংশ হ’ব। বিশিষ্ট অতিথি অধ্যাপকসকলৰ লগতে ‘এফ টি আই আই’ৰ মূল অধ্যাপকসকলে বক্তৃতা প্ৰদান কৰিব।

এই পাঠ্যক্ৰমৰ সমন্বয়ক হৈছে ‘এফ টি আই আই’-ৰ অধ্যাপক ইন্দ্ৰনীল ভট্টাচাৰ্য আৰু বৈভৱ অবনৱে। সমগ্ৰ ভাৰতৰ শিক্ষক, সংবাদ মাধ্যমৰ পেছাদাৰ, গৱেষক, চলচ্চিত্ৰ সমাজৰ সদস্য, সংবাদ মাধ্যমত কাম কৰা চৰকাৰী বিষয়া আৰু প্ৰেৰিত চিনেমাপ্ৰেমীসকলৰ বাবে এই পাঠ্যক্ৰম যুগুতোৱা হৈছে।

চিনেমা আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ক্ষেত্ৰসমূহত প্ৰদৰ্শিত আগ্ৰহ আৰু অভিজ্ঞতাৰ ভিত্তিত আবেদন পত্ৰসমূহ বিবেচনা কৰা হ’ব। বাহিৰৰ পৰা অহা অংশগ্ৰহণকাৰীসকলৰ বাবে হোষ্টেলত থকাৰ সীমিত সংখ্যক ব্যৱস্থা থাকিব, য’ত ‘বিশেষভাৱে সক্ষম ব্যক্তি’ আৰু মহিলা প্ৰাৰ্থীসকলক প্ৰাথমিকতা প্ৰদান কৰা হ’ব। অন্যথা অংশগ্ৰহণকাৰীসকলে পুনেত নিজৰ ভ্ৰমণ, থকা আৰু খাদ্যৰ ব্যৱস্থা নিজেই কৰিব বুলি আশা কৰা হৈছে।

ইচ্ছুকসকলে তলত দিয়া ‘লিংক’ত উপলব্ধ আবেদন পত্ৰ পূৰণ কৰিব পাৰিব:

https://docs.google.com/forms/d/e/1FAIpQLScJXSd_n0o7n5CBo6yVVRODFgQEx4AcpqeBeSIM8d1LsOJrcQ/ viewform

পাঠ্যক্ৰমৰ মাচুল, যোগ্যতা, আৰু ধন জমা প্ৰক্ৰিয়া সম্পৰ্কে বিৱৰণ ‘এফটিআইআই’-ৰ আনুষ্ঠানিক ‘ৱে’বছাইট’ত উপলব্ধ আছে:

https://ftii.ac.in/p/vtwa/film-appreciation-course-mid-year-2025-23-june-11-july-2025

 

 

* * *

PIB Mumbai | NJ/ DR/KB


(Release ID: 2135261)