গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

দুটা পৰ্যায়ত জাতি গণনাৰ লগতে অনুষ্ঠিত হ’ব লোকপিয়ল-২০২৭

লোকপিয়ল - ২০২৭ৰ বাবে ৰেফাৰেন্সৰ তাৰিখ হ’ব ২০২৭ চনৰ মাৰ্চ মাহৰ প্ৰথম দিনটোৰ ০০:০০ বজা

কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ আৰু জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু হিমাচল প্ৰদেশ তথা উত্তৰাখণ্ডৰ অ-সময়ত হিমপাত হোৱা অঞ্চলৰ বাবে ৰেফাৰেন্স তাৰিখ হ’ব ২০২৬ চনৰ অক্টোবৰৰ প্ৰথম দিনটোৰ ০০.০০ ঘণ্টা

Posted On: 04 JUN 2025 5:30PM by PIB Guwahati

জাতি গণনাৰ লগতে দুটা পৰ্যায়ত জনসংখ্যা লোকপিয়ল-২০২৭ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। জনসংখ্যা লোকপিয়ল - ২০২৭ ৰ ৰেফাৰেন্স তাৰিখ হ'ব মাৰ্চ, ২০২৭ চনৰ প্ৰথম দিনৰ ০০:০০ বজা।কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড ৰাজ্যৰ অ-সময়ত হিমপাত হোৱা এলেকাৰ বাবে ৰেফাৰেন্স তাৰিখ হ'ব ২০২৬ চনৰ অক্টোবৰ মাহৰ প্ৰথম দিনটোৰ  ০০.০০ ঘণ্টা। ওপৰৰ উল্লেখ কৰা তাৰিখসমূহৰ সৈতে জনসংখ্যা লোকপিয়ল চলোৱাৰ উদ্দেশ্যে   ১৯৪৮ চনৰ লোকপিয়ল আইন ১৯৪৮ৰ ধাৰা ৩ৰ বিধান অনুসৰি অধিসূচনা ১৬.০৬.২০২৫ তাৰিখে আংশিকভাৱে চৰকাৰী ৰাজপত্ৰত প্ৰকাশ কৰা হ’ব।

 

ভাৰতৰ লোকপিয়ল জনগণনা আইন, ১৯৪৮ আৰু লোকপিয়ল নিয়ম, ১৯৯০ৰ বিধান অনুসৰি কৰা হয়।ভাৰতৰ অন্তিমটো লোকপিয়ল ২০১১ চনত দুটা পৰ্যায়ত কৰা হৈছিল। সেইবোৰ হৈছে ক্ৰমে  i) প্ৰথম পৰ্যায় – গৃহ তালিকাভুক্তকৰণ (HLO) (১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ ২০১০) আৰু (ii) দ্বিতীয় পৰ্যায় – জনসংখ্যা গণনা (PE) (০৯ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ২০১১) । ৰেফাৰেন্স তাৰিখৰ আছিল  - ২০১১ চনৰ মাৰ্চ মাহৰ প্ৰথমটো  দিনৰ ০০:০০ বজাত। জম্মু আৰু কাশ্মীৰ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ অসময়ত হিমপাত হোৱা  অঞ্চলৰ  বাবে ২০১০ চনৰ ১১ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৰেফাৰেন্স তাৰিখ ২০১০ চনৰ অক্টোবৰৰ প্ৰথম দিনটোৰ ০০.০০ ঘণ্টা অনুসৰি   অনুষ্ঠিত কৰা হৈছিল।

 

২০২১ চনৰ লোকপিয়লো  ২০২০ চনৰ এপ্ৰিল-ছেপ্টেম্বৰৰ ভিতৰত প্ৰথম পৰ্যায় আৰু ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত দ্বিতীয় পৰ্যায়ৰে দুটা পৰ্যায়ত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল।২০২১ চনত অনুষ্ঠিত হ’বলগীয়া লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা কিছু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ক্ষেত্ৰভিত্তিক কাম আৰম্ভ কৰাৰ কথা আছিল।কিন্তু ২০২০ চনত কোভিড-১৯ মহামাৰীৰ  প্ৰাদুৰ্ভাৱৰ বাবে সমগ্ৰ দেশত  লোকপিয়লৰ কাম স্থগিত ৰখা হৈছিল ।

 

 

RK / VV / RR / PS / DM


(Release ID: 2133939)