গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে পশ্চিম বংগৰ কলকাতাস্থিত কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (CFSL)ৰ নতুন ভৱন উদ্বোধন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে স্পষ্ট দৃষ্টিভংগীৰে এক সুৰক্ষিত, স্বচ্ছ আৰু প্ৰমাণ-ভিত্তিক ফৌজদাৰী ন্যায় ব্যৱস্থা গঢ়ি তুলিছে

অতিশয় দৰিদ্ৰ লোকেও আত্মবিশ্বাসেৰে থানালৈ গৈ সময়মতে ন্যায় লাভ কৰা এক ন্যায় ব্যৱস্থা গঢ়ি তোলাৰ বাবে মোদী চৰকাৰ অংগীকাৰবদ্ধ

নতুন আইন প্ৰৱৰ্তনৰ পিছত প্ৰায় ৬০% গোচৰৰ চাৰ্জশ্বীট ৬০ দিনৰ ভিতৰত দাখিল কৰাটো এক বৃহৎ সফলতা

এফএছএল-কলকাতাৰ জৰিয়তে পশ্চিম বংগ, ঝাৰখণ্ড, বিহাৰ, ওড়িশা, অসম, ছিকিম আৰু সমগ্ৰ উত্তৰ-পূবত প্ৰমাণ-ভিত্তিক ফৌজদাৰী ন্যায় ব্যৱস্থা গঢ়ি তোলাত সহায় হ’ব

মোদী চৰকাৰে প্ৰতিখন বৃহৎ ৰাজ্যতে এখনকৈ ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় স্থাপন আৰু প্ৰতিখন জিলাতে এখনকৈ ভ্ৰাম্যমাণ ফৰেনছিক ভেনৰ ব্যৱস্থাৰ দিশত কাম কৰি আছে

অপৰাধীয়ে সন্দেহৰ সুবিধা লাভ কৰিব নোৱাৰা আৰু ভুক্তভোগীয়ে ন্যায় লাভ কৰাটো নিশ্চিতকৰণৰ অৰ্থে মোদী চৰকাৰে দেশৰ ফৌজদাৰী ন্যায় ব্যৱস্থাক যুক্তি আধাৰিতৰপৰা প্ৰমাণ-ভিত্তিকলৈ ৰূপান্তৰিত কৰিছে

Posted On: 01 JUN 2025 4:17PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি পশ্চিম বংগৰ কলকাতাস্থিত কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (CFSL)ৰ নতুন ভৱন উদ্বোধন কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় গৃহ সচিব আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইয়াত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে স্পষ্ট দৃষ্টিভংগীৰে এক সুৰক্ষিত, স্বচ্ছ আৰু প্ৰমাণ-ভিত্তিক ফৌজদাৰী ন্যায় ব্যৱস্থা গঢ়ি তুলিছে। তেওঁ কয় যে আজি এই প্ৰচেষ্টাত আন এক গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ সংযোজন ঘটিছে। তেওঁ কয় যে কলকাতাত ৮৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ (FSL) জৰিয়তে পশ্চিম বংগ, ঝাৰখণ্ড, বিহাৰ, ওড়িশা, অসম, ছিকিম আৰু সমগ্ৰ উত্তৰ-পূবত প্ৰমাণ-ভিত্তিক ফৌজদাৰী ন্যায় ব্যৱস্থা গঢ়ি তোলাত সহায় হ’ব। শ্ৰী শ্বাহে কয় যে আমাৰ তিনি নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত এই এফএছএলে প্ৰমাণ, ফৰেনছিক বিজ্ঞানৰ গুৰুত্ব বুজি পোৱা, অভিযোজনা আৰু প্ৰতিখন থানাতে দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত এটি উল্লেখযোগ্য ভূমিকা পালন কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে মোদী চৰকাৰে ফৌজদাৰী ন্যায় ব্যৱস্থাক প্ৰমাণ-ভিত্তিক কৰি তুলিবলৈ ৩–৪ খন ৰাজ্যৰ ক্লাষ্টাৰ গঠনেৰে সমগ্ৰ দেশতে এফএছএল-ৰ নেটৱৰ্ক স্থাপনৰ কাম কৰি আছে। তেওঁ কয় যে এই ক্লাষ্টাৰ পদ্ধতিৰে ২০২৬-ৰ জানুৱাৰীৰ পৰা ফৰেনছিক বিজ্ঞানক থানা পৰ্য্যায়লৈকে ওচৰ চপাই অনাৰ এক অভিযান আৰম্ভ কৰা হ’ব, প্ৰতিখন আদালতত প্ৰমাণ হিচাপে ইয়াৰ গুৰুত্ব প্ৰতিষ্ঠা কৰা হ’ব আৰু থানাসমূহৰ প্ৰতিগৰাকী তদন্তকাৰী বিষয়াক ইয়াৰ তাৎপৰ্য্য সম্পৰ্কে অৱগত কৰিবলৈ প্ৰয়াস কৰা হ’ব। অপৰাধীয়ে সন্দেহৰ সুবিধা লাভ কৰিব নোৱাৰা আৰু ভুক্তভোগীয়ে ন্যায় লাভ কৰাটো নিশ্চিতকৰণৰ অৰ্থে মোদী চৰকাৰে দেশৰ ফৌজদাৰী ন্যায় ব্যৱস্থাক যুক্তি আধাৰিতৰপৰা প্ৰমাণ-ভিত্তিকলৈ ৰূপান্তৰিত কৰিছে। শ্ৰী শ্বাহে কয় যে এই সমগ্ৰ প্ৰক্ৰিয়াটো তেতিয়াহে সম্ভৱ হৈ উঠিব যেতিয়া আৰক্ষী থানা, পাব্লিক প্ৰচিকিউটৰ আৰু আদালতে ইয়াৰ গুৰুত্ব অনুধাৱন কৰিব, ইয়াৰ অভিযোজনা কৰিব আৰু ইয়াক নিজৰ কাৰ্য্যকলাপত অগ্ৰাধিকাৰ প্ৰদান কৰিব। তেওঁ লগতে কয় যে এফএছএল নেটৱৰ্ক গঢ়ি ক্লাষ্টাৰ পদ্ধতিৰ অভিযোজনাৰে জটিল গোচৰসমূহত বিশেষজ্ঞসকলৰ অংশগ্ৰহণে অধিক ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণত সহায় কৰিব, ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটিব। তেওঁ লগতে কয় যে আজি আনুষ্ঠানিকভাৱে নাৰ্ক’টিক্স ভাৰ্চন ২.০ আৰু এক্সপ্ল’ছিভ ভাৰ্চন ২.০ মুকলি কৰা হৈছে, যিয়ে সমগ্ৰ দেশৰ ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ ভিন্ন কাম সহজ কৰি তুলিব।

শ্ৰী অমিত শ্বাহে কয় যে আজি একবিংশ শতিকাত আমাৰ লেন-দেন, যোগাযোগ, পৰিচয়, মৌলিক তথ্য সকলো একে ঠাইতে থকাৰ পৰিপ্ৰেক্ষিতত অপৰাধৰ স্বৰূপো দ্ৰুতগতিত সলনি হৈছে। তেওঁ কয় যে অপৰাধ ৰোধ কৰাসকল অপৰাধীতকৈ দুখোজ আগুৱাই থকাটো অতিশয় প্ৰয়োজনীয় আৰু যদি আমি এই প্ৰচেষ্টাত বিজ্ঞান তথা স্পষ্ট আইন ব্যৱহাৰ নকৰোঁ, তেন্তে আমি অপৰাধীক কৰায়ত্ব কৰিব নোৱাৰিম। তেওঁ কয় যে এতিয়া ফৰেনছিক অডিটৰ জৰিয়তে বৃহৎ বিত্তীয় কেলেংকাৰি উন্মোচিত হৈছে আৰু আমাৰ ফৌজদাৰী ন্যায় ব্যৱস্থাই এক নতুন যুগত প্ৰৱেশ কৰিছে।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীজনে কয় যে ভাৰতীয় ন্যায় সংহিতা (BNS), ভাৰতীয় নাগাৰিক সুৰক্ষা সংহিতা (BNSS) আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম (BSA) হৈছে ভাৰতৰ জনসাধাৰণৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰিবলৈ ভাৰতীয় জনসাধাৰণে নিৰ্বাচিত কৰা সাংসদে প্ৰস্তুত কৰা আইন। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে ১৬০ বছৰ পুৰণি ইংৰাজে প্ৰণয়ন কৰা আইনৰ বিলুপ্তিৰে নতুন ভাৰতৰ বাবে নতুন আইন প্ৰৱৰ্তন কৰিছে। তেওঁ কয় যে এই কাৰ্য্য ৰাইজৰ ন্যায় লাভৰ দিশত এক বৈপ্লৱিক পৰিৱৰ্তন, কিয়নো এতিয়া প্ৰমাণৰ অভাৱত দোষী সাৰি যাব নোৱাৰিব। তেওঁ লগতে কয় যে এই আইনসমূহত আগন্তুক ১০০ বছৰত হ’ব পৰা সকলো সম্ভাৱ্য প্ৰযুক্তিগত পৰিৱৰ্তনক ইতিমধ্যে অন্তৰ্ভুক্ত আৰু সংজ্ঞায়িত কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে নতুন ফৌজদাৰী আইনসমূহে অপৰাধস্থলীৰ তদন্ত আৰু বিচাৰৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰক আইনী ভিত্তি প্ৰদান কৰিছে। তেওঁ কয় যে সাত বছৰৰো অধিক কাৰাদণ্ডৰ শাস্তিযোগ্য অপৰাধত ফৰেনছিক বিজ্ঞানৰ দলৰ ভ্ৰমণ বাধ্যতামূলক কৰা হৈছে। তেওঁ কয় যে এই আইনসমূহে সময়মতে ন্যায় লাভ কাৰ্য্য নিশ্চিত কৰিছে, ইয়াত ৬০ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিলৰ ব্যৱস্থা আছে। তেওঁ লগতে কয় যে এতিয়া প্ৰায় ৬০% গোচৰৰ চাৰ্জশ্বীট ৬০ দিনৰ ভিতৰত দাখিল কৰাটো এক বৃহৎ সফলতা। তেওঁ লগতে কয় যে "ট্ৰায়েল এবচেন্টিয়া"ৰ জৰিয়তে বিচাৰ চলোৱা হ'ব আৰু পলাতকবোৰৰ অনুপস্থিতিতো শাস্তি ঘোষণা কৰা হ'ব তথা আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ অধীনত সিহঁতক ঘূৰাই অনা হ'ব। তেওঁ কয় যে দেশৰ ১৭,১৮৪ খন থানা চিচিটিএনএছ-ৰ সৈতে সংযুক্ত তথা অনলাইন হৈছে আৰু সামূহিকভাৱে তথ্য সৃষ্টি হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে ভাৰত চৰকাৰে প্ৰতিখন জিলাতে এখনকৈ ফৰেনছিক ম’বাইল ভেনৰ বাবে সহায় আগবঢ়াইছে আৰু একাধিক ৰাজ্যই পঞ্জীয়ন হোৱা এফআইআৰ-ৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি নিজাববীয়াকৈ এনে ভেনৰ সংখ্যা বৃদ্ধি কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ (NFSU) ১৬ টা কেম্পাছত অনুমোদন জনোৱা হৈছে, ইয়াৰে ৭ টা স্থাপন কৰা হৈছে আৰু বাকীসমূহৰ স্থাপন প্ৰক্ৰিয়া অব্যাহত আছে। তেওঁ কয় যে ইয়াৰ উপৰিও প্ৰশিক্ষণপ্ৰাপ্ত জনশক্তিৰ উপলব্ধতা নিশ্চিত কৰিবলৈ প্ৰতিখন বৃহৎ ৰাজ্যতে এনএফএছইউ মহাবিদ্যালয় স্থাপন কৰা হ’ব। তেওঁ কয় যে দেশৰ ২৬ টা কেম্পাছৰ পৰা বছৰি ৩৬,০০০ ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী, ডিপ্লমা আৰু পিএইচডি লাভ কৰিব। দেশখনত প্ৰতি বছৰে ৩০,০০০ প্ৰশিক্ষণপ্ৰাপ্ত পেছাদাৰীৰ প্ৰয়োজন হৈছে। এইদৰে প্ৰয়োজন অনুসৰি মানৱ সম্পদ সৃষ্টিৰ কাম আগতীয়াকৈ সম্পূৰ্ণ কৰা হৈছে। শ্ৰী শ্বাহে লগতে কয় যে ১,৩০০ কোটি টকা ব্যয়সাপেক্ষে আৰু ৯ টা এনএফএছইউ কেম্পাছ স্থাপন কৰা হ’ব আৰু উত্তৰ প্ৰদেশ, ছত্তীশগড়, ওড়িশা, ৰাজস্থান, তামিলনাডু, কেৰালা তথা বিহাৰত ৮৬০ কোটি টকা ব্যয় সাপেক্ষে ৭ টা নতুন চিএফএছএল স্থাপন কৰা হ’ব। তেওঁ কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্যসমূহৰ ফৰেনছিক বিজ্ঞানৰ আন্তঃগাঁথনি নিৰ্মাণত সহায় আগবঢ়াই আহিছে। তেওঁ লগতে কয় যে ফৰেনছিক ক্ষমতাৰ আধুনিকীকৰণৰ বাবে ২,০৮০ কোটি টকাৰ এক পৰিকল্পনা যুগুত কৰা হৈছে আৰু ২০০ কোটি টকা ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় ফৰেনছিক ডাটা চেন্টাৰ স্থাপন কৰা হ’ব।

শ্ৰী অমিত শ্বাহে কয় যে আমাৰ সংবিধানৰ প্ৰণেতাসকলে সংবিধানত স্বাধীনতাৰ মনোভাৱ প্ৰোথিত কৰিছিল, কিন্তু আমি ইয়াক তৃণমূল পৰ্য্যায়ত কাৰ্য্যকৰীকৰণৰ কাম অতিশয় পলমকৈ আৰম্ভ কৰিছোঁ। তেওঁ কয় যে অতিশয় দৰিদ্ৰ লোকেও আত্মবিশ্বাসেৰে থানালৈ গৈ সময়মতে ন্যায় লাভ কৰা এক ন্যায় ব্যৱস্থা গঢ়ি তোলাৰ বাবে মোদী চৰকাৰ অংগীকাৰবদ্ধ।

*****

RK/VV/PR/PS/SB


(Release ID: 2133201)