প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পশ্চিম বংগৰ আলিপুৰদুৱাৰত চিটি গেছ বিতৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
Posted On:
29 MAY 2025 2:51PM by PIB Guwahati
কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী, পশ্চিমবংগ বিধানসভাৰ বিৰোধী দলৰ নেতা সুকান্তো মজুমদাৰ জী, সুৱেন্দু অধিকাৰী জি, আলিপুৰদুৱাৰৰ জনপ্ৰিয় সাংসদ ভাতৃ মনোজ টিগ্গা জী, অন্যান্য সাংসদ, বিধায়ক, আৰু মোৰ বংগৰ ভাই-ভনীসকল! এই ঐতিহাসিক ভূমি আলিপুৰদুৱাৰৰ পৰা সকলো বংগবাসীলৈ মোৰ শুভেচ্ছা! আলিপুৰদুৱাৰৰ এই ভূমি কেৱল সীমাৰেখাই নহয় সংস্কৃতিৰ দ্বাৰাও সংযুক্ত। এফালে ভূটানৰ সীমা, আনফালে অসমৰ প্ৰণাম। এফালে জলপাইগুৰিৰ সৌন্দৰ্য, আনফালে কুচ বিহাৰৰ গৌৰৱ। আজি এই সমৃদ্ধিশালী ভূমিত আপোনালোক সকলোকে লগ পোৱাৰ সৌভাগ্য লাভ কৰিছো।
বন্ধুসকল,
আজি যেতিয়া ভাৰতে উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত আগবাঢ়িছে, তেতিয়া বংগৰ অংশগ্ৰহণ আশা কৰা আৰু অপৰিহাৰ্য দুয়োটা। এই উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে ইয়াত আন্তঃগাঁথনি, উদ্ভাৱন আৰু বিনিয়োগক অহৰহ নতুন গতি প্ৰদান কৰি আছে। বংগৰ বিকাশ ভাৰতৰ ভৱিষ্যতৰ ভেটি। আৰু আজি সেই ভেটিত আৰু এটা মজবুত ইটা যোগ কৰাৰ দিন। কিছু সময়ৰ আগতে আমি এই মঞ্চৰ পৰাই আলিপুৰদুৱাৰ আৰু কুচবিহাৰত চিটি গেছ বিতৰণ প্ৰকল্প আৰম্ভ কৰিছিলো। এই প্ৰকল্পৰ জৰিয়তে ২.৫ লাখৰো অধিক পৰিয়াললৈ পাইপলাইনৰ জৰিয়তে পৰিষ্কাৰ, নিৰাপদ আৰু সস্তা গেছ যোগান ধৰা হ’ব। ইয়াৰ দ্বাৰা পাকঘৰৰ বাবে চিলিণ্ডাৰ কিনাৰ চিন্তা নাইকিয়া হোৱাই নহয় পৰিয়ালসমূহলৈ নিৰাপদ গেছৰ যোগানো নিশ্চিত হ’ব। ইয়াৰ সমান্তৰালকৈ চিএনজি ষ্টেচন নিৰ্মাণে সেউজ ইন্ধনৰ সুবিধাও সম্প্ৰসাৰণ কৰিব। ইয়াৰ ফলত ধন, সময় ৰাহি হোৱাৰ লগতে পৰিৱেশলৈও সকাহ পাব। এই নতুন আৰম্ভণিৰ বাবে আলিপুৰদুৰৱাৰ আৰু কুচবিহাৰৰ নাগৰিকসকলক অভিনন্দন জনাইছো। চহৰৰ গেছ বিতৰণৰ এই প্ৰকল্পটো কেৱল পাইপলাইন প্ৰকল্প নহয়; ই চৰকাৰী আঁচনিসমূহৰ দুৱাৰমুখতে ডেলিভাৰীৰ উদাহৰণো।
বন্ধুসকল,
যোৱা কেইবছৰমানৰ পৰা শক্তিৰ ক্ষেত্ৰত ভাৰতে যি অগ্ৰগতি লাভ কৰিছে সেয়া অভূতপূৰ্ব। আজি আমাৰ দেশ গেছ ভিত্তিক অৰ্থনীতিৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে। ২০১৪ চনৰ পূৰ্বে দেশৰ ৬৬খন জিলাত চিটি গেছৰ সুবিধা আছিল। আজি চহৰৰ গেছ বিতৰণ নেটৱৰ্ক ৫৫০ খনতকৈও অধিক জিলাত উপনীত হৈছে। এই নেটৱৰ্ক এতিয়া আমাৰ গাঁও আৰু সৰু চহৰবোৰলৈ গৈ আছে। লাখ লাখ ঘৰত পাইপৰ জৰিয়তে গেছ পোৱা গৈছে। চিএনজিৰ বাবে ৰাজহুৱা পৰিবহণতো পৰিৱৰ্তন হৈছে। ইয়াৰ ফলত প্ৰদূষণ হ্ৰাস পাইছে। অৰ্থাৎ দেশবাসীৰ স্বাস্থ্যৰ উন্নতি ঘটিছে আৰু পকেটৰ বোজাও কমি আহিছে।
বন্ধুসকল,
উৰ্জা গংগা প্ৰকল্পৰ লগতো আপোনালোক সকলোৱে পৰিচিত। এই প্ৰকল্পটো গেছ ভিত্তিক অৰ্থনীতিৰ দিশত এক বৈপ্লৱিক পদক্ষেপ। এই আঁচনিৰ অধীনত পূব ভাৰতৰ ৰাজ্যসমূহৰ সৈতে গেছ পাইপলাইন সংযোগৰ কাম চলি আছে। এতিয়া পাইপৰ যোগেদি পশ্চিম বংগকে ধৰি পূব ভাৰতৰ বহু ৰাজ্যত গেছ গৈ আছে। ভাৰত চৰকাৰৰ এই সকলো প্ৰচেষ্টাই চহৰতেই হওক বা গাঁৱতেই হওক, নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। পাইপলাইন স্থাপনৰ পৰা আৰম্ভ কৰি গেছ যোগানলৈকে প্ৰতিটো স্তৰতে নিয়োগ বৃদ্ধি পাইছে। গেছ ভিত্তিক উদ্যোগসমূহেও ইয়াৰ পৰাই বুষ্ট লাভ কৰিছে। এতিয়া আমি এনে এখন ভাৰতৰ দিশে আগবাঢ়িছো য’ত শক্তি সস্তা, পৰিষ্কাৰ, আৰু সকলোৰে বাবে সুলভ।
বন্ধুসকল,
পশ্চিম বংগ ভাৰতীয় সংস্কৃতি আৰু জ্ঞান আৰু বিজ্ঞানৰ এক প্ৰধান কেন্দ্ৰ হৈ আহিছে। উন্নত ভাৰতৰ সপোন বংগৰ উন্নয়ন অবিহনে পূৰণ হ’ব নোৱাৰে। আৰু এই কথা মনত ৰাখি কেন্দ্ৰীয় চৰকাৰে বিগত ১০ বছৰত ইয়াত হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূলক কাম আৰম্ভ কৰিছে।পূৰ্বা এক্সপ্ৰেছৱেই হওক বা দুৰ্গাপুৰ এক্সপ্ৰেছৱেই হওক, শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰৰ আধুনিকীকৰণ হওক বা কলকাতা মেট্ৰ’ সম্প্ৰসাৰণ হওক, নিউ জলপাইগুৰি ষ্টেচনৰ সজীৱতা হওক বা দুৱাৰছ পথত নতুন ৰে’ল পৰিচালনা হওক, কেন্দ্ৰীয় চৰকাৰে বংগৰ উন্নয়নৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে। আজি আৰম্ভ হোৱা প্ৰকল্পটো কেৱল পাইপলাইন নহয়; ই হৈছে প্ৰগতিৰ জীৱনৰেখা। আপোনাৰ জীৱনটো সহজ আৰু আপোনাৰ ভৱিষ্যত উজ্জ্বল কৰি তোলাৰ আমাৰ প্ৰচেষ্টা। আমাৰ বংগই উন্নয়নৰ দিশত দ্ৰুতগতিত আগবাঢ়িব লাগে বুলি আশাৰে আকৌ এবাৰ এই সকলোবোৰ সুবিধাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া ৫ মিনিটৰ পিছত ইয়াৰ পৰা এটা মুকলি প্লেটফৰ্মলৈ যাম। আপুনি মোৰ পৰা বহু কথা শুনিব বিচাৰিব, সেই প্লেটফৰ্মখন অধিক উপযুক্ত, গতিকে বাকী কথাবোৰ ৫ মিনিটৰ পিছত ক’ম। এই কাৰ্যসূচীত এয়াই যথেষ্ট, আপোনালোকে উদ্যম আৰু উৎসাহেৰে এই উন্নয়নৰ যাত্ৰা আগুৱাই নিব লাগে। শুভেচ্ছা, বহুত বহুত ধন্যবাদ।
***
MJPS/VJ/SS/MS
(Release ID: 2132622)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada