বিত্ত মন্ত্ৰালয়
উত্তৰ-পূবত দুটা অভিযানত ডি আৰ আইৰ দ্বাৰা প্ৰায় ২৩.৫ কোটি টকা মূল্যৰ হেৰ’ইন আৰু মেথামফেটামাইন জব্দ; চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
Posted On:
28 MAY 2025 12:16PM by PIB Guwahati
উত্তৰ-পূব অঞ্চলত নিষিদ্ধ ড্ৰাগছৰ চোৰাং সৰবৰাহ আৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (ডি আৰ আই) অসম ৰাইফলছৰ ১৯ বেটেলিয়নৰ সহায়ত মণিপুৰৰ ননীত ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ত ২১.০৫.২০২৫ত এখন ট্ৰাক আটক কৰে আৰু ৫৬৯ গ্ৰাম হেৰ’ইন আৰু ১,০৩৯ গ্ৰাম মেথামফেটামাইন টেবলেট জব্দ কৰে। নিষিদ্ধ ড্ৰাগছ থকা পেকেটবোৰ ট্ৰাকৰ চেছিছত বিশেষভাৱে তৈয়াৰী গহ্বৰ/চেম্বাৰত লুকুৱাই অনা হৈছিল।

আন এটা অভিযানত ডি আৰ আয়ে অসম ৰাইফলছৰ এফ আই ইউ ইউনিট, শিলচৰৰ সহায়ত অসমৰ হাইলাকান্দি জিলাৰ আলোইচেৰাত ২২.০৫.২০২৫ত এখন ট্ৰাক আটক কৰে আৰু ২,৬৪০.৫৩ গ্ৰাম হেৰ’ইন জব্দ কৰে। ড্ৰাগছৰ পেকেটবোৰ ট্ৰাকখনত বিশেষভাৱে সাজি লোৱা গহ্বৰত লুকুৱাই অনা হৈছিল।

১৯৮৫ চনৰ এন ডি পি এছ আইনৰ অধীনত জব্দ কৰা নিচাযুক্ত দ্ৰব্যখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় কলা বজাৰত ২৩.৫ কোটি টকা হ’ব আৰু এই সংক্ৰান্তত চাৰিজনক গ্ৰেপ্তাৰ কৰা হৈছে।
চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ডি আৰ আয়ে উত্তৰ-পূৰ্বাঞ্চলত ১৭৩ কোটি টকা মূল্যৰ গাঞ্জা, মেথামফেটামাইন টেবলেট আৰু হেৰ’ইনৰ দৰে নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে আৰু ২৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে।
****
NB/KMN/HS
(Release ID: 2131998)