তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুজত একত্ৰিত
ফ্ৰান্স ভ্ৰমণৰত সৰ্বদলীয় প্ৰতিনিধিদল
Posted On:
26 MAY 2025 5:45PM by PIB Guwahati
প্ৰাক্তন মন্ত্ৰী, সাংসদ আৰু এজন প্ৰাক্তন ৰাষ্ট্ৰদূত গঠিত এটা সৰ্বদলীয় সংসদীয় প্ৰতিনিধি দল, সন্মানীয় সাংসদ শ্ৰী ৰবি শংকৰ প্ৰসাদৰ নেতৃত্বত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি প্ৰকাশ কৰাৰ মিছন লৈ ২০২৫ চনৰ ২৫-২৭ মে’ত ফ্ৰান্স ভ্ৰমণ কৰিছে।আজি সন্ধিয়া প্ৰতিনিধি দলটো পেৰিছত উপস্থিত হয়।
প্ৰতিনিধি দলৰ সদস্যসকল:
১। ৰবি শংকৰ প্ৰসাদ
মাননীয় সাংসদ (লোকসভা); প্ৰাক্তন কেন্দ্ৰীয় আইন আৰু ন্যায়, যোগাযোগ আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী।
২। ড° ডগ্গুৱতী পুৰন্দেশ্বৰী
মাননীয় সাংসদ (লোকসভা), প্ৰাক্তন কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ আৰু মানৱ সম্পদ উন্নয়ন ৰাজ্যিক মন্ত্ৰী।
৩.শ্ৰীমতী প্ৰিয়ংকা চতুৰ্বেদী
মাননীয় সাংসদ (ৰাজ্য সভা), যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ সংসদীয় সমিতিৰ সদস্য
৪। গুলাম আলী খাটানা
মাননীয় সাংসদ (ৰাজ্য সভা), উৰ্দু ভাষাৰ প্ৰসাৰৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য
৫। ড° অমৰ সিং
মাননীয় সাংসদ (লোকসভা)
৬। সমীক ভট্টাচাৰ্য
মাননীয় সাংসদ (ৰাজ্য সভা), সংসদীয় গৃহ পৰিক্ৰমা স্থায়ী সমিতিৰ সদস্য
৭। ডাঃ এম থাম্বিদুৰাই
মাননীয় সাংসদ (ৰাজ্য সভা), প্ৰাক্তন কেন্দ্ৰীয় আইন, ন্যায় আৰু কোম্পানী পৰিক্ৰমা মন্ত্ৰী
৮। এম জে আকবৰ
মাননীয় প্ৰাক্তন কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী
৯. ৰাষ্ট্ৰদূত পংকজ সাৰণ
ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা; ৰাছিয়াৰ বাংলাদেশস্থিত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত।
ফ্ৰান্সত থকাৰ সময়ছোৱাত প্ৰতিনিধি দলটোৱে চেনেট আৰু ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য, থিংক টেংক, সংবাদ মাধ্যম, আৰু ভাৰতীয় প্ৰব্ৰজনকাৰীৰ এটা ক্ৰছ-ছেকচনৰ সৈতে যোগাযোগ কৰিব।
***
Vivek Vaibhav/DB
(Release ID: 2131507)