আয়ুষ
azadi ka amrit mahotsav

২০২৫ চনৰ ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত গণ অংশগ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ; বিশ্বজুৰি ক্ৰমবৰ্ধমান উৎসাহ আৰু যুৱ-নেতৃত্বাধীন উদ্ভাৱনক প্ৰশংসা

এইবেলি কিবা এক আমোদজনক ধৰণে ‘যোগ দিৱস’ উদযাপনৰ কথা ভাবকচোন: প্ৰধানমন্ত্ৰী

এইবাৰ বিশাখাপট্টনমত ‘যোগ দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুযোগ পামঃ প্ৰধানমন্ত্ৰী

Posted On: 25 MAY 2025 4:49PM by PIB Guwahati

 

একাদশ ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ (আইডিওৱাই)লৈ মাজত এমাহতকৈয়ো কম সময়হে থকাৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কী বাত’ কাৰ্যক্ৰমৰ ১২২ সংখ্যক খণ্ডত সমগ্ৰ বিশ্বৰ নাগৰিকসকলক সামগ্ৰিক মংগল আৰু সজীৱ জীৱন-যাপনৰ বাবে যোগাসনক আকোৱালি ল’বলৈ প্ৰেৰণাদায়ক আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘যোগ দিৱস’ৰ প্ৰতি উৎসাহ অব্যাহত আছে। "২০১৫ চনৰ ২১ জুনত 'যোগ দিৱস' আৰম্ভ হোৱাৰে পৰাই ইয়াৰ প্ৰতি আকৰ্ষণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এইবাৰো ‘যোগ দিৱস’ক লৈ সমগ্ৰ পৃথিৱীৰ জনতাৰ মাজত থকা উদ্যম আৰু উৎসাহ যথেষ্ট পৰিমাণে দেখা গৈছে।" প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানটো উদযাপনৰ ক্ষেত্ৰত আৰু অধিক সৃষ্টিশীলভাৱে চিন্তা কৰিবলৈ আহ্বান জনায়। ‘যোগ শৃংখল’ গঠনৰ পৰা আৰম্ভ কৰি ঐতিহাসিক স্থানসমূহত যোগাসন কৰালৈকে মানুহে ‘আইডিওৱাই’-ক এক গতিশীল আৰু সমাৱেশী আন্দোলনলৈ ৰূপান্তৰিত কৰিছে।

তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰ প্ৰদেশৰ প্ৰচেষ্টাক প্ৰশংসা কৰে, য’ত ৰাজ্যখনত এক শক্তিশালী যোগ সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্যৰে ‘যোগঅন্ধ্ৰ’ অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানে ১০ লাখ নিয়মীয়া যোগাসনকাৰীৰ এটা ‘পুল’ গঢ়ি তোলাৰ আকাংক্ষা কৰিছে, যিয়ে ৰাজ্যসমূহে কেনেকৈ সুস্থতা-বিপ্লৱত সন্মুখৰ পৰা নেতৃত্ব দিব পাৰে তাৰ উদাহৰণ দাঙি ধৰিছে। ব্যক্তিগত আৰু ৰাষ্ট্ৰীয় উভয়ৰ উন্নয়নতে যোগৰ গুৰুত্ব উল্লেখ কৰি বিশাখাপট্টনমত এইবাৰৰ ‘আইডিওৱাই’ উদযাপনত যোগদান কৰিবলৈ পোৱা সুযোগক লৈ হোৱা তেওঁৰ আনন্দৰ অনুভূতি সহভাগ কৰে।

যোগাসনত বৃদ্ধি পোৱা কৰ্প’ৰেটৰ অংশগ্ৰহণক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, “আমাৰ কৰ্প’ৰেটসমূহো এই ক্ষেত্ৰত পিছ পৰি থকা নাই। কিছুমান প্ৰতিষ্ঠানে নিজৰ কাৰ্যালয়ত যোগাভ্যাসৰ বাবে সুকীয়া স্থান সাজু কৰি ৰাখিছে। কিছুমান ষ্টাৰ্ট-আপে ‘অফিচ যোগা আৱাৰ্ছ’ নিৰ্দ্ধাৰিত কৰিছে।” তেওঁ কয় যে ব্যক্তিগত খণ্ডই দেশৰ স্বাস্থ্য আন্দোলনত কেনেদৰে অৰিহণা যোগাইছে এয়া হৈছে তাৰ ইতিবাচক সংকেত।

‘যোগ দিৱস’ উদযাপনৰ এটা দশকৰ স্মৃতিত আৰু ‘আইডিওৱাই’ৰ ১১ সংখ্যক সংস্কৰণ উপলক্ষে আয়ুষ মন্ত্ৰালয়ে ১০টা ‘ছিগনেশ্যাৰ ইভেণ্ট’-ৰ বিশেষ দিহা কৰিছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে বিভিন্ন সামাজিক আৰু পেছাদাৰী পৰিৱেশত যোগৰ প্ৰসাৰ আৰু প্ৰাসংগিকতা বিস্তাৰিত কৰা।

ইয়াৰ ভিতৰত ‘যোগ সংগম’-ত ইতিমধ্যে ৬,০০০ৰো অধিক সংস্থাই কাৰ্যসূচী আয়োজন কৰিবলৈ পঞ্জীয়ন কৰা দেখা গৈছে, যাৰ ফলত ই দেশৰ ইতিহাসৰ অন্যতম বৃহৎ সম্প্ৰদায়-সঞ্চালিত সুস্থতা অনুষ্ঠান হোৱাৰ বাবে সাজু হৈছে। যুৱক-যুৱতীসকলক কেন্দ্ৰ কৰি ‘যোগ আনপ্লাগড’-য়ে দ্ৰুতগতিত আকৰ্ষন লাভ কৰিছে, পৰৱৰ্তী প্ৰজন্মৰ অনুশীলনকাৰীসকলক প্ৰেৰণা যোগাবলৈ আগশাৰীৰ প্ৰতিষ্ঠানসমূহ আগবাঢ়ি আহিছে। ইফালে, ‘সমযোগ—এক যুগান্তকাৰী পদক্ষেপ’—য়ে আয়ুৰ্বেদ, হোমিঅ’পেথী, ইউনানী, সিদ্ধ, প্ৰাকৃতিক চিকিৎসা, আৰু ‘সোৱা ৰিগপা’কে ধৰি মূলসুঁতিৰ স্বাস্থ্যসেৱা ব্যৱস্থাত প্ৰমাণভিত্তিক ‘যোগ’ক একত্ৰিত কৰিব বিচাৰিছে।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱাৰ দৰে “যোগে আপোনালোকৰ জীৱন যাপনৰ ধৰণ সলনি কৰিব।” নাগৰিক, কৰ্পৰেট, প্ৰতিষ্ঠান, আৰু যুৱক-যুৱতীসকলক ‘আইডিওৱাই ২০২৫’ অৰ্থপূৰ্ণ আৰু উদ্ভাৱনীমূলকভাৱে উদযাপন কৰিবলৈ আহ্বান জনোৱা হৈছে, যাতে যোগ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হোৱাটো নিশ্চিত হয়।

আয়ুষ মন্ত্ৰালয়ে সকলোকে এই পৰিৱৰ্তনশীল উদযাপনৰ অংশ হ'বলৈ আমন্ত্ৰণ জনাইছে। ২১ জুনলৈ ওলোটা গণনা চলি থকাৰ মুহূৰ্তত বাৰ্তাটো স্পষ্ট হৈ পৰিছে যে ‘যোগ কেৱল এক অনুশীলনেই নহয়— ই ৰাষ্ট্ৰীয় স্বাস্থ্য, আভ্যন্তৰীণ শান্তি আৰু বিশ্ব মংগলৰ বাবে এক আন্দোলনো।’

****

MV/AKS/KB


(Release ID: 2131243)