যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূব অঞ্চলৰ ক্ৰীড়া সম্ভাৱনাক সদ্ব্যৱহাৰ কৰিবলৈ চৰকাৰে প্ৰতি বছৰে খেলো ইণ্ডিয়া নৰ্থ-ইষ্ট গেমছৰ আয়োজন কৰিবঃ ড° মনসুখ মাণ্ডবিয়া

ক্ৰীড়া মন্ত্ৰালয়ে সমগ্ৰ দেশতে প্ৰতিভা চিনাক্তকৰণ অভিযান আৰম্ভ কৰিব, য’ত যিকোনো নাগৰিকে এন এছ আৰ এছ পৰ্টেলত খেলুৱৈৰ প্ৰদৰ্শনৰ ভিডিঅ’ আপলোড কৰিব পাৰিব আৰু তেওঁলোক যদি যোগ্য বুলি চিহ্নিত তেন্তে তেওঁলোকক কে আই চি, এন চি অ’ ইত অন্তৰ্ভুক্ত কৰা হ’ব

Posted On: 24 MAY 2025 7:49PM by PIB Guwahati

 

উত্তৰ-পূৰ্বাঞ্চলক ক্ৰীড়া প্ৰতিভাৰ শক্তিশালী স্থান হিচাপে চিনাক্ত কৰি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডবিয়াই শনিবাৰে কয় যে ভাৰত চৰকাৰে প্ৰতি বছৰে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ভিতৰত এখনত খেলো ইণ্ডিয়া নৰ্থ-ইষ্ট গেমছ আয়োজন কৰাকে ধৰি একাধিক পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ ক্ৰীড়া পৰিৱেশতন্ত্ৰক শক্তিশালী কৰাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। এই ৰাজ্যসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা আদি উল্লেখযোগ্য।

আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ ছামিট ২০২৫ত ভাষণ  আগবঢ়াই কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে। ড০ মনসুখ মাণ্ডবিয়াই কয় যে উত্তৰ-পূবক মানুহে ভাৰতৰ প্ৰথম সূৰ্য্য উদয় হোৱা  অঞ্চল বুলিহে জানি আহিছে যদিও   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ ১০ বছৰত উত্তৰ-পূবে উন্নয়নৰ দিশত লক্ষ্যণীয় অগ্ৰগতি লাভ কৰিছে। তেওঁ কয় যে উত্তৰ-পূবে ‘নতুন  ভাৰত’ৰ উন্নয়নৰ দিশত অহৰহ অৰিহণা যোগাই আহিছে।

 

২০৩০ চনত কমনৱেলথ গেমছ আৰু ২০৩৬ চনত গ্ৰীষ্মকালীন অলিম্পিক আয়োজন কৰাৰ লক্ষ্যৰ কথা উল্লেখ কৰি  ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ দৰে বিশাল দেশখন গোটেই বছৰজুৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে এক নিখুঁত স্থান। এই বিষয়ে বিশদভাৱে উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান ভাৰত তিনিটা ঋতুৰ সন্মুখীন হৈছে – দক্ষিণ ভাৰতত বাৰিষা, হিমালয়ৰ ওপৰৰ অঞ্চলত বৰফ পৰা আৰু পশ্চিম ভাৰতত গ্ৰীষ্মকালীন গৰম। তেওঁৰ মতে, প্ৰধানমন্ত্ৰী  মোদীৰ ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ দৰে ‘প্লে ইন ইণ্ডিয়া’ৰ বাবেও ভাৰত সকলোৰে  প্ৰথম পছন্দৰ দেশ হৈ উঠিছে ।

 

তেওঁ কয়, ‘উত্তৰ-পূৱৰ যি ধৰণে ৰূপান্তৰ ঘটিছে, ক্ৰীড়া  উদ্যোগ আৰু ক্ৰীড়া পৰিৱেশ তন্ত্ৰৰ বিকাশ ঘটিছে, সেই দিনটো বহু দূৰৈত নহয়,  যেতিয়া বিশ্বই উত্তৰ-পূবত একত্ৰিত হৈ খেলিব।আজি ভাৰতৰ শ্ৰেষ্ঠ খেলুৱৈসকল উত্তৰ-পূবৰ পৰা আহিছে।তেওঁলোকে শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি ভাৰতীয় ক্ৰীড়াক আগুৱাই লৈ গৈছে।খেলো ইণ্ডিয়া যুৱ গেমছ আৰু ইউনিভাৰ্চিটি গেমছৰ সৈতে সংগতি ৰাখি আমি প্ৰতি বছৰে  খেলো ইণ্ডিয়া নৰ্থ-ইষ্ট আয়োজন  কৰিম।  ই   প্ৰতিভা বিকাশ  কৰাত সহায় কৰাই নহয়, সম্ভাৱনাক ব্যৱহাৰ কৰিব আৰু  আমাৰ পৰম্পৰাগত খেলসমূহো প্ৰদৰ্শন কৰিবলৈ  এখন মঞ্চ প্ৰদান কৰিব।’-ড০ মাণ্ডবিয়াই কয়।

 

ড০ মনসুখ মাণ্ডবিয়াই লগতে কয় যে উত্তৰ-পূবৰ ক্ৰীড়া আন্তঃগাঁথনি দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু বৰ্তমান ৮৬টা প্ৰকল্প  ইয়াৰ বাবে ব্যৱহাৰ হৈ আছে। খেলো ইণ্ডিয়া আঁচনিৰ অধীনত সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ ৬৪টা ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ২০২১ চনত ৪৩৯ কোটি টকা অনুমোদন জনোৱা হৈছিল। ইয়াৰ ভিতৰত আছে কৃত্ৰিম টাৰ্ফ, বহুমুখী হল, চুইমিং পুল আৰু হোষ্টেল।

 

ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয় যে এই অঞ্চলত ৮ হাজাৰৰো অধিক খেলুৱৈক প্ৰশিক্ষণ দিয়া ২৫০টা খেলো ইণ্ডিয়া চেণ্টাৰ (KICE) আৰু ৮টা খেলো ইণ্ডিয়া ষ্টেট চেণ্টাৰ অৱ এক্সেলেন্স (KISCE) আছে।  যিবোৰে ক্ৰীড়াৰ ক্ষেত্ৰত এক শক্তিশালী তৃণমূল পৰ্যায়ৰ পৰিৱেশ তন্ত্ৰৰ পথ প্ৰশস্ত কৰিছে। বৰ্তমানলৈকে গুৱাহাটী, ইটানগৰ, আৰু ইম্ফলৰ তিনিটা ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ (এনচিঅ’ই)য়ে ৬০০ খেলুৱৈক বিশ্বমানৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে।

মহিলাৰ বাবে খেলো ইণ্ডিয়াৰ ফ্লেগশ্বিপ আঁচনিৰ উদাহৰণ দাঙি ধৰি  ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰ উত্তৰ-পূবৰ প্ৰায় ১৩ হাজাৰ ছোৱালীয়ে বিভিন্ন শাখাত আছমিটা লীগত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এই কথাই  প্ৰমাণ কৰিছে  যে কেনেকৈ অঞ্চলটো ক্ৰমান্বয়ে প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰত আগুৱাই গৈছে  আৰু  ইয়েই পিছলৈ জাতীয় দলৰ  বাবে এক শক্তি প্ৰদান কৰিব ।

 

ড০ মাণ্ডবিয়াই লগতে কয়  যে চৰকাৰে সমগ্ৰ উপমহাদেশখনতে এক বৃহৎ প্ৰতিভা চিনাক্তকৰণ অভিযান আৰম্ভ কৰিব,  য’ত যিকোনো ব্যক্তিয়ে খেলুৱৈৰ প্ৰদৰ্শনৰ ভিডিঅ’ শ্বুট কৰি ৰাষ্ট্ৰীয় ক্ৰীড়া ভঁৰাল ব্যৱস্থা (এন এছ আৰ এছ) পৰ্টেলত আপলোড কৰি ক্ৰীড়া মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিব পাৰিব। ছাইয়ে ইভেণ্টৰ স্থানলৈ প্ৰতিভা সন্ধানকাৰীক প্ৰেৰণ কৰিব আৰু খেলুৱৈগৰাকীৰ  প্ৰদৰ্শন মূল্যায়ন কৰাৰ পিছত তেওঁলোকৰ সম্ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁক খেলো ইণ্ডিয়া চেণ্টাৰ বা এনচিঅ’ইত অন্তৰ্ভুক্ত কৰিব।

 

২০২৩ চনত উত্তৰ-পূব অঞ্চলত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ অষ্টলক্ষ্মী অনুষ্ঠিত হৈছিল।এথলেটিক্স, ফুটবল, বক্সিং আৰু ধনুৰ্বিদ্যাৰ  দৰে শাখাত বৃহৎ পৰিসৰৰ ৰাষ্ট্ৰীয় ইভেণ্ট আয়োজন কৰাৰ বাবে উত্তৰ-পূবৰ  সামৰ্থ্য প্ৰদৰ্শনৰ সেয়া এক ঐতিহাসিক  মুহূৰ্ত আছিল ।

Manish Gautam/Divyanshu Kumar/DM


(Release ID: 2131049)
Read this release in: English , Urdu , Hindi , Gujarati