পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ২০২৫বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ পূৰ্বে আৰম্ভ কৰিলে বিশেষ অভিযান

বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে ‘এক জাতি, এক অভিযান: প্লাষ্টিক প্ৰদূষণৰ সমাপ্তি ঘটাওক’ শীৰ্ষক অভিযান আৰম্ভ

একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰিৱৰ্তে পৰিৱেশ-বন্ধুত্বপূৰ্ণ বিকল্পক প্ৰসাৰিত কৰাৰ বাবে দেশজোৰা অভিযান

Posted On: 22 MAY 2025 2:05PM by PIB Guwahati

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে আজি   বিশ্ব পৰিৱেশ দিৱস ২০২৫ৰ পূৰ্বে দেশজোৰা গণ  অভিযান ‘এক জাতি, এক অভিযান: প্লাষ্টিক প্ৰদূষণৰ সমাপ্তি ঘটাওক   ’ অভিযান আৰম্ভ কৰে।

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন  দপ্তৰৰ মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই প্ৰচাৰৰ পূৰ্বে  এটা ভিডিঅ’ মুকলি কৰি প্লাষ্টিক প্ৰদূষণৰ অন্ত পেলাই এা  বহনক্ষম জীৱনশৈলীক আঁকোৱালি লৈ সকলোকে সামূহিকভাৱে সজাগতাৰ দিশত  আগবাঢ়ি যোৱাৰ  আহ্বান জনায়।

বছৰি ৫ জুনত উদযাপন কৰা বিশ্ব পৰিৱেশ দিৱসে পৰিৱেশ সুৰক্ষাৰ বাবে বিশ্ব সজাগতা আৰু এই বিষয়ক  কাৰ্য্যক উৎসাহিত কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰধান মঞ্চ হিচাপে কাম কৰি আহিছে। মিছন লাইফ থিম: ‘একক ব্যৱহাৰৰ প্লাষ্টিকক না বুলি কওক’,-এ এই বছৰৰ উদযাপনৰ বাৰ্তাক শক্তিশালী কৰি তুলিছে ।

অভিযানে সামৰি লবলগীয়া  মূল অঞ্চলসমূহ:

 

প্লাষ্টিক প্ৰদূষণ সম্পৰ্কে সজাগতা

একক ব্যৱহাৰৰ প্লাষ্টিককে ধৰি প্লাষ্টিক আৱৰ্জনাসমূহৰ ব্যৱহাৰ আৰু উৎপাদন হ্ৰাস কৰাৰ বিষয়ত সজাগতা সৃষ্টি

প্লাষ্টিক আৱৰ্জনাৰ পৃথকীকৰণ, সংগ্ৰহ, নিষ্কাশন আৰু পুনঃব্যৱহাৰৰ জৰিয়তে একক ব্যৱহাৰৰ প্লাষ্টিককে ধৰি প্লাষ্টিক আৱৰ্জনাৰ সঠিক  পৰিচালনা কৰা।

একক ব্যৱহাৰৰ প্লাষ্টিকৰ বহনক্ষম বিকল্পৰ বিকাশৰ প্ৰসাৰ ঘটোৱা।

 

 

অভিযানৰ কাৰ্য্যকলাপ

২০২৫ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে এই অভিযানে প্লাষ্টিক প্ৰদূষণৰ বিপদৰ বিষয়ে সজাগতা সৃষ্টি আৰু পৰিৱেশ অনুকূল বিকল্প গ্ৰহণৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ লক্ষ্য হৈছে সম্প্ৰদায়ৰ মাজত এই বিষয়ত  শিক্ষা , আচৰণ পৰিৱৰ্তনৰ পদক্ষেপ আৰু বহনক্ষম সামগ্ৰীৰ উদ্ভাৱনৰ জৰিয়তে মানুহক অধিক পৰিৱেশ-বন্ধুত্বপূৰ্ণ জীৱনশৈলীৰ দিশত আগুৱাই নিয়া।

 

এই অভিযানত কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ, স্থানীয় সংস্থা, শিক্ষানুষ্ঠান, উদ্যোগ, নাগৰিক সমাজ, আৰু সমাজৰ বিভিন্ন গোটসমূহৰ মাজত ব্যাপক কাৰ্য্যকলাপ অনুষ্ঠিত কৰা  হ’ব। অভিযানটো  সম্প্ৰসাৰিত  হোৱাৰ মূল ক্ষেত্ৰসমূহ হ’ল:

১/ ছ’চিয়েল মিডিয়া অভিযান, নুক্কাদ নাটক, ৰাজহুৱা প্ৰতিশ্ৰুতি, পোষ্টাৰ আৰু ৰচনা প্ৰতিযোগিতা, মাৰাথনৰ দৰে কাৰ্যসূচীৰ জৰিয়তে সজাগতা আৰু প্ৰচাৰ অভিযান

 

২) বিল, উদ্যান, নদীৰ পাৰ, চৌহদ , পৰ্যটনস্থলী, ৰেল ষ্টেচন, আৰু গ্ৰাম্য অঞ্চল আদিত চাফাই   অভিযান ।

 

৩) একক ব্যৱহাৰযোগ্য  প্লাষ্টিকৰ বিকল্প আৰু বহনক্ষম পদ্ধতি তথা বিকল্প সন্দৰ্ভত  কৰ্মশালা আৰু ৱেবিনাৰ

 

৪) পুনঃব্যৱহৃত প্লাষ্টিকৰ পৰা শিল্পজাত সামগ্ৰী  সৃষ্টিকে ধৰি শিক্ষামূলক কাৰ্য্যকলাপ, বিদ্যালয়ত প্ৰদৰ্শনী, হেকাথন, কুইজ, আৰু মূল বিষয়বস্তুকলৈ  ইন্টাৰেক্টিভ গেম

 

৫) স্থানীয় আৱৰ্জনা পৃথকীকৰণ আৰু পুনঃব্যৱহাৰৰ প্ৰচেষ্টাত আৰ ডব্লিউ এ, পৌৰসভাৰ দৰে  সংস্থা, অংগনবাড়ী কৰ্মী, সমবায়  আদিক জড়িত কৰোৱা।

 

চৰকাৰী মন্ত্ৰালয়, ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, সংযুক্ত প্ৰতিষ্ঠান, আৰু ব্যক্তিগত সংস্থাকে ধৰি সকলো অংশগ্ৰহণকাৰী অংশীদাৰক অভিযানৰ বিষয়বস্তুৰ সৈতে নিজৰ পদক্ষেপসমূহ জড়িত  কৰিবলৈ আৰু ‘মেৰী লাইফ’ পৰ্টেলত কাৰ্য্যকলাপৰ বিৱৰণ আপলোড কৰিবলৈ উৎসাহিত কৰা  হৈছে । এই প্ৰচেষ্টাসমূহৰ লক্ষ্য হৈছে বহনক্ষম জীৱন-যাপনৰ দিশত শক্তিশালী গণ আন্দোলন গঢ়ি তোলা।

 

মন্ত্ৰালয়ে সকলো নাগৰিককে এই অভিযানত অংশগ্ৰহণ কৰি প্লাষ্টিক প্ৰদূষণৰ অন্ত পেলোৱাত অৰিহণা যোগাবলৈ আহ্বান জনাইছে।

 

 

VM/GS/DM


(Release ID: 2130644)