সংযুক্ত লোকসেৱা আয়োগ
ডঃ অজয় কুমাৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে
Posted On:
15 MAY 2025 1:11PM by PIB Guwahati
আজি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব ডঃ অজয় কুমাৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে। আয়োগৰ জ্যেষ্ঠতম সদস্য লেফটেনেন্ট জেনেৰেল ৰাজ শুক্লাই (অৱসৰপ্ৰাপ্ত) তেওঁক শপতবাক্য পাঠ কৰায়।
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কানপুৰৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত বি.টেক. সাং কৰা ডঃ অজয় কুমাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনেছ’টা বিশ্ববিদ্যালয়ৰ পৰা প্ৰায়োগিক অৰ্থনীতিত এম.এছ. আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনেছ’টা বিশ্ববিদ্যালয়ৰ কাৰ্লছন স্কুল অৱ মেনেজমেন্টৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেচনত পিএইচডি গ্ৰহণ কৰিছিল। লগতে তেওঁক ২০১৯-ত এমিটি বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট সন্মান প্ৰদান কৰে।
ডঃ অজয় কুমাৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ (IAS) কেৰালা কেডাৰৰ ১৯৮৫ বেচৰ এগৰাকী বিষয়া আছিল। পঁয়ত্ৰিশ বছৰৰো অধিক সময়জোৰা বৰ্ণাঢ্য কেৰিয়াৰত তেওঁ কেৰালা চৰকাৰৰ লগতে কেন্দ্ৰতো গুৰুত্বপূৰ্ণ পদবীত কাৰ্য্যনিৰ্বাহ কৰিছিল। ৰাজ্যখনত তেওঁৰ কেতবোৰ গুৰুত্বপূৰ্ণ দায়িত্বৰ ভিতৰত আছিল ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি বিভাগৰ পৰিচালন সঞ্চালক; তথ্য-প্ৰযুক্তি বিভাগৰ প্ৰধান সচিবৰ ভূমিকা পালন। কেন্দ্ৰত তেওঁ বিজ্ঞান আৰু প্ৰযুক্তিৰ সঞ্চালক; যোগাযোগ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ যুটীয়া সচিব; ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক প্ৰধান; ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব; প্ৰতিৰক্ষা উৎপাদনৰ সচিবৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। শেষত তেওঁ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

তেওঁ একাধিক ই-গভৰ্নেন্স পদক্ষেপ যেনেঃ “জীৱন প্ৰমাণ” (পেঞ্চনাৰসকলৰ বাবে ডিজিটেল লাইফ চাৰ্টিফিকেট); মাইগভ, প্ৰগতি (প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্স); বাঅ'-মেট্ৰিক উপস্থিতি ব্যৱস্থা; এইমছ-ত অ’পিডি পঞ্জীয়ন ব্যৱস্থা; "ক্লাউড প্ৰথম" নীতি প্ৰৱৰ্তনৰ ক্ষেত্ৰত এটি উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।
ডঃ অজয় কুমাৰৰ একাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত লেখা প্ৰকাশ পাইছে। লগতে, ১৯৯৪-ত নেচনেল স্কাউট আৰু গাইডৰ "ছিলভাৰ এলিফেন্ট" পদক; দেশত ইলেক্ট্ৰনিক্স উদ্যোগৰ প্ৰসাৰৰ বাবে ২০১২-ৰ “ইলেক্ট্ৰনিক্স লিডাৰ”; ২০১৫-ত ইণ্ডিয়া ইলেক্ট্ৰনিক্স এণ্ড ছেমিকণ্ডাক্টৰ এছ'চিয়েচনৰ “টেকন'ভেচন সাৰাভাই বঁটা”; ২০১৭-ত কনজিউমাৰ ইলেক্ট্ৰনিক্স এণ্ড এপ্লাইয়েন্স মেনুফেকচাৰ্ছ এছ'চিয়েচনৰ "চেম্পিয়ন অৱ চেঞ্জ" আদি সন্মানীয় বঁটা লাভ কৰিছে।
***
NKR/PSM/SB
(Release ID: 2128862)