গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

‘নক্সালমুক্ত ভাৰত’ৰ সংকল্পত এক ঐতিহাসিক সফলতা লাভ কৰি নিৰাপত্তা বাহিনীয়ে ছত্তীশগড়-তেলেংগানা সীমান্তৰ কাৰেগুট্টালু পাহাৰ (কেজিএইচ)ত নক্সালবাদৰ বিৰুদ্ধে এই পৰ্যন্ত চলোৱা সৰ্ববৃহত্ অভিযানত ৩১ টা নক্সালবাদীক নিহত কৰে

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, এসময়ত ‘ৰঙা সন্ত্ৰাস’ৰ দ্বাৰা শাসিত কাৰেগুট্টালু পাহাৰে এতিয়া গৌৰৱেৰে ত্ৰিৰংগ উত্তোলন কৰিছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি নক্সালবাদক শিপাৰে সৈতে উভালি পেলাবলৈ বদ্ধপৰিকৰ আৰু ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত নক্সালমুক্ত হোৱাৰ বাবে সাজু হৈছে ভাৰত

আমাৰ নিৰাপত্তা বাহিনীয়ে মাত্ৰ ২১ দিনতে নক্সাল বিৰোধী এই সৰ্ববৃহৎ অভিযানটো সম্পূৰ্ণ কৰিছে আৰু এই অভিযানত কোনো নিৰাপত্তাৰক্ষীৰ হতাহতি হোৱা নাই

প্ৰতিকূল বতৰে সৃষ্টি কৰা কঠোৰ পৰিস্থিতি আৰু পাহাৰীয়া ভূখণ্ডৰ দুৰ্গমতাৰ মাজতো নক্সালবাদীৰ সৈতে সাহস আৰু বীৰত্বৰে মুখামুখি হোৱা আমাৰ চি আৰ পি এফ, এছ টি এফ আৰু ডি আৰ জি-ৰ জোৱানসকললৈ অভিনন্দন, সমগ্ৰ দেশ আপোনালোকৰ বাবে গৌৰৱান্বিত

এই অভিযান বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ মাজত সমন্বয় আৰু মোদী চৰকাৰৰ ‘সমগ্ৰ চৰকাৰ’ দৃষ্টিভংগীৰ এক উৎকৃষ্ট উদাহৰণ

‘কেজিএইচ’-ৰ অত্যন্ত কঠিন পৰিস্থিতি আৰু ৪৫ ডিগ্ৰীতকৈয়ো অধিক উষ্ণতাৰ মাজতো জোৱানসকলৰ মনোবল অটুট আছিল আৰু তেওঁলোকে সম্পূৰ্ণ সাহস আৰু উৎসাহেৰে নক্সালবাদীৰ বিৰুদ্ধে অভিযান অব্যা

Posted On: 14 MAY 2025 8:11PM by PIB Guwahati

 

‘নক্সালমুক্ত ভাৰত’ৰ সংকল্পত এক ঐতিহাসিক সফলতা অৰ্জন কৰি নিৰাপত্তা বাহিনীয়ে নক্সালবাদৰ বিৰুদ্ধে এই পৰ্যন্ত চলোৱা সৰ্ববৃহৎ অভিযানত, ছত্তীশগড়-তেলেংগানা সীমান্তৰ কাৰেগুটালু পাহাৰত (কেজিএইচ) ৩১টা নক্সালবাদীক নিহত কৰে।

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ‘এক্স’-ত প্ৰেৰণ কৰা এটা ‘পোষ্ট’-ত কয় যে এসময়ত ‘ৰঙা সন্ত্ৰাস’ৰে শাসিত কাৰেগুট্টালু পাহাৰে এতিয়া গৌৰৱেৰে ত্ৰিৰংগ উত্তোলন কৰিছে। কাৰেগুট্টালু পাহাৰ আছিল ‘পিএলজিএ বেটেলিয়ন ১’, ‘ডিকেএছজেডচি’, ‘টিএছচি’, আৰু ‘চিআৰচি’-ৰ দৰে প্ৰধান নক্সাল সংগঠনৰ একত্ৰিত মুখ্য কাৰ্যালয়, য'ত নক্সাল প্ৰশিক্ষণৰ লগতে ৰণকৌশলৰ প্ৰস্তুতি তথা অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা হৈছিল। শ্ৰী শ্বাহে কয় যে আমাৰ নিৰাপত্তা বাহিনীয়ে মাত্ৰ ২১ দিনতে এই সৰ্ববৃহৎ নক্সাল বিৰোধী অভিযানটো সম্পূৰ্ণ কৰিলে, আৰু এই অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীৰ কোনো হতাহতি নোহোৱাটো হৈছে অপৰিসীম আনন্দৰ বিষয়। প্ৰতিকূল বতৰ আৰু ঠেক পাহাৰীয়া অঞ্চলৰ দুৰ্গমতাৰ মাজতো নক্সালবাদীৰ সৈতে সাহসেৰে মুখামুখি হোৱা ‘চি আৰ পি এফ’, ‘এছ টি এফ’, আৰু ‘ডি আৰ জি’-ৰ জোৱানসকলক অভিনন্দন জনাই গৃহমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ বাবে সমগ্ৰ দেশেই আজি গৌৰৱান্বিত। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি নক্সালবাদক শিপাৰে সৈতে উভালি পেলাবলৈ বদ্ধপৰিকৰ হৈছোঁ। তেওঁ দেশৰ নাগৰিকসকলক আশ্বস্ত কৰে যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভাৰত নক্সালমুক্ত হ’ব।

#NaxalFreeBharatৰ সংকল্পত এক ঐতিহাসিক সফলতা অৰ্জন কৰি নিৰাপত্তা বাহিনীয়ে নক্সালবাদৰ বিৰুদ্ধে এই পৰ্যন্ত চলোৱা সৰ্ববৃহৎ অভিযানত ছত্তীশগড়-তেলেংগানা সীমান্তৰ কুৰাগুট্টালু পাহাৰ(কেজিএইচ)ত ৩১টা কুখ্যাত নক্সালবাদীক নিহত কৰে।

এসময়ত ৰঙা আতংকৰ ৰাজত্ব চলা পাহাৰটোত আজি গৌৰৱেৰে থিয় হৈ আছে...

— অমিত শ্বাহ (@AmitShah) ১৪ মে’, ২০২৫

 

ছত্তীশগড়ৰ বিজাপুৰত ‘কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষীবাহিনী’ৰ সঞ্চালক প্ৰধান শ্ৰী জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে ছত্তীশগড়ৰ আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী অৰুণ দেৱ গৌতম, আৰু ছত্তীশগড়ৰ এডিজি (নক্সেল বিৰোধী অভিযান)ৰ সৈতে যৌথ সংবাদমেলত এই অভিযান সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰে। ছত্তীশগড়-তেলেংগানা সীমান্তত নক্সালবাদীৰ অদম্য দুৰ্গ বুলি গণ্য কৰা কাৰেগুট্টালু পাহাৰ (কেজিএইচ)ত ২১ দিন ধৰি সংঘটিত ২১টা সংঘৰ্ষৰ অন্তত ছত্তীশগড় আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে ইউনিফৰ্ম পৰিহিত ১৬গৰাকী মহিলা নক্সালবাদীকে ধৰি ৩১গৰাকী ইউনিফৰ্ম পৰিহিত নক্সালবাদীৰ মৃতদেহ আৰু ৩৫টা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। এই পৰ্যন্ত ২৮টা নক্সালবাদীক চিনাক্ত কৰা হৈছে, তেওঁলোকৰ বাবে ঘোষণা কৰা মুঠ পুৰস্কাৰৰ পৰিমাণ হৈছে ১ কোটি ৭২ লাখ টকা। ২০২৫ চনৰ ২১ এপ্ৰিলৰ পৰা ২০২৫ চনৰ ১১ মে’লৈকে সংঘটিত হোৱা নক্সাল বিৰোধী অভিযানে ইংগিত দিয়ে যে সংঘৰ্ষস্থালীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহসমূহ নিষিদ্ধ, অবৈধ, আৰু আটাইতকৈ শক্তিশালী সশস্ত্ৰ নক্সাল সংগঠন, ‘পিএলজিএ বেটেলিয়ন’, ‘চিআৰচি কোম্পানী’, আৰু ‘তেলেংগানা ৰাজ্যিক সমিতি’ৰ কেডাৰৰ হ’ব পাৰে।

‘পি এল জি এ বেটেলিয়ন’, ‘চি আৰ চি কোম্পানী’, ‘তেলেংগানা ষ্টেট কমিটী’ৰ দৰে শক্তিশালী সশস্ত্ৰ সংগঠনকে ধৰি নক্সালবাদীৰ দুৰ্গ চুকমা আৰু বিজাপুৰৰ সীমান্তৱৰ্তী অঞ্চলত কেবাজনো শীৰ্ষ কেডাৰে বাস কৰি আহিছে। এই অঞ্চলত প্ৰত্যাহ্বানমূলক পৰিস্থিতিত নিৰাপত্তা বাহিনীয়ে অসংখ্য নতুন নিৰাপত্তা শিবিৰ স্থাপন কৰিছিল, যাৰ ফলত তেওঁলোকৰ আধিপত্য বৃদ্ধি পাইছিল। ফলত নক্সালবাদীসকলে ‘ইউনিফাইড কমাণ্ড’ গঠন কৰি ছত্তীশগড়ৰ বিজাপুৰ আৰু তেলেংগানাৰ মুলুগুৰ সীমান্তত অৱস্থিত অদৃশ্য বুলি গণ্য কৰা কাৰেগুট্টালু পাহাৰ (কেজিএইচ)ত আশ্ৰয় লয়। ‘কেজিএইচ’ হৈছে অতি দুৰ্গম পাহাৰীয়া অঞ্চল, প্ৰায় ৬০ কিলোমিটাৰ দীঘল আৰু ৫ৰ পৰা ২০ কিলোমিটাৰ বহল, ইয়াৰ ভৌগোলিক ভূখণ্ড অতি দুৰ্গম আৰু প্ৰত্যাহ্বানমূলক। বিগত ডেৰ-দুবছৰত এই অঞ্চলত নক্সালবাদীয়ে নিজৰ ঘাটি স্থাপন কৰিছিল, য’ত ‘পিএলজিএ বেটেলিয়ন’ৰ কাৰিকৰী বিভাগ (টিডি ইউনিট) আৰু অন্যান্য গুৰুত্বপূৰ্ণ সংগঠনকে ধৰি প্ৰায় ৩০০-৩৫০ টা সশস্ত্ৰ কেডাৰে আশ্ৰয় লৈছিল। লাভ কৰা তথ্যৰ ভিত্তিত এক বিস্তৃত আৰু সুসমন্বিত পৰিকল্পনা প্ৰস্তুত কৰা হয়, আৰু ২০২৫ চনৰ ২১ এপ্ৰিলত ছত্তীশগড় আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে বৃহৎ পৰিসৰৰ যৌথ অভিযান আৰম্ভ কৰে।

‘কে জি এইচ’ত চলোৱা এই অভিযানত বিভিন্ন চোৰাংচোৱা সংস্থাৰ পৰা পোৱা কাৰিকৰী, মানৱ চোৰাংচোৱা আৰু ক্ষেত্ৰভিত্তিক তথ্য সংগ্ৰহ, সংকলন আৰু বিশ্লেষণৰ বাবে বহু সংস্থাৰ বিশেষ দল গঠন কৰা হৈছিল। সংগ্ৰহ কৰা চোৰাংচোৱা তথ্য ব্যৱহাৰ কৰি দলটোৱে নিয়োজিত বাহিনীৰ শক্তি নিৰ্ণয় কৰা, নিৰন্তৰ সংগঠনৰ সময়সূচী নিৰ্ধাৰণ কৰা আৰু সময়মতে সলনি কৰাৰ ব্যৱস্থা কৰাকে ধৰি অভিযানৰ নিখুঁত পৰিকল্পনা কৰিছিল। চোৰাংচোৱাৰ তথ্যসমূহ অহৰহ বিশ্লেষণ কৰি বাস্তৱ সময়ত ‘ফিল্ড কমাণ্ডাৰ’সকললৈ প্ৰেৰণ কৰা হৈছিল, যাৰ ফলত নিৰাপত্তা বাহিনীসমূহে নক্সালবাদী কৰ্মী, তেওঁলোকৰ আত্মগোপন স্থান আৰু অস্ত্ৰ-শস্ত্ৰৰ খেপবোৰ বিচাৰি উলিয়াব পাৰিছিল আৰু লগতে কেবাবাৰো ‘ইম্প্ৰভাইজড এক্সপ্লছিভ ডিভাইচ’ (আই ই ডি)ৰ পৰা হোৱা হতাহতি ৰোধ কৰাত সহায় কৰিছিল। এই চোৰাংচোৱা তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে যথেষ্ট পৰিমাণৰ ‘আই ই ডি’, ‘বি জি এল’ গোলা আৰু অন্যান্য বিস্ফোৰক সামগ্ৰী সফলতাৰে উদ্ধাৰ কৰে। এই অভিযান— এক ঐক্যবদ্ধ মঞ্চত একেলগে কাম কৰা বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ মাজত নিৰৱচ্ছিন্ন সহযোগিতাৰ এক উল্লেখযোগ্য উদাহৰণ হোৱাৰ লগতে এই পৰ্যন্ত হোৱা সৰ্ববৃহৎ, ব্যাপক আৰু সুসমন্বিত নক্সাল বিৰোধী অভিযান হিচাপে পৰিগণিত হৈছে।

এই অভিযানত এতিয়ালৈকে মুঠ ২১৪টা নক্সালৰ আত্মগোপনস্থলী আৰু বাংকাৰ ধ্বংস কৰা হৈছে আৰু মুঠ ৪৫০টা ‘আই ই ডি’, ৮১৮টা ‘বি জি এল শ্বেল’, ৮৯৯টা ‘ক’ডেক্স’ৰ বাণ্ডিল, ‘ডিটনেটৰ’ আৰু বিপুল পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰিও প্ৰায় ১২ হাজাৰ কিলোগ্ৰাম খাদ্য সামগ্ৰীও উদ্ধাৰ কৰা হৈছে। ২১ দিনজোৰা এই ঐতিহাসিক নক্সাল বিৰোধী অভিযানত পোৱা তথ্যৰ বিশ্লেষণৰ পৰা অনুমান কৰিব পাৰি যে অভিযানৰ সময়ত কেবাটাও নক্সাল কেডাৰ হয় নিহত হৈছে নহয় গুৰুতৰভাৱে আহত হৈছে। কিন্তু ভৌগোলিক জটিল পৰিস্থিতিৰ বাবে এতিয়াও নিৰাপত্তা বাহিনীয়ে আহত বা নিহত সকলো নক্সালবাদী বা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

এই ঐতিহাসিক অভিযানৰ কাৰ্য পৰিকল্পনা ৰূপায়ণৰ বাবে পেছাদাৰীভাৱে বৃহৎ সংখ্যক বাহিনী, সঁজুলি আৰু অন্যান্য লজিষ্টিক সংগঠিত কৰা হৈছিল। যৌথ নিৰ্দেশনা প্ৰদানৰ সময়ত বাহিনীসমূহক মূলতঃ ‘কেজিএইচ’ৰ কঠিন আৰু প্ৰত্যাহ্বানমূলক ভূখণ্ড, লুকাই থাকিবলৈ শ শ গুহা, ‘এম্বুছ পইণ্ট’, আই ই ডিৰ বিপদৰ বিষয়ে সতৰ্ক কৰি দিয়া হৈছিল। কোনো ধৰণৰ বিভ্ৰান্তিৰ যাতে সৃষ্টি নহয় তাৰ বাবে নিৰাপত্তা বাহিনীক তেওঁলোকৰ অভিযান এলেকা সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰা হয়।

এই অভিযানৰ অংশ হিচাপে নিৰাপত্তা বাহিনীয়ে ‘বিজিএল’-ৰ গোলা, ঘৰতে নিৰ্মাণ কৰা অস্ত্ৰ, আইইডি, আৰু অন্যান্য মাৰাত্মক অস্ত্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা চাৰিটা ‘নক্সাল কাৰিকৰী ইউনিট’কো ধ্বংস কৰে। অভিযানৰ সময়ত নক্সালৰ বিভিন্ন আত্মগোপনথলী আৰু বাংকাৰৰ পৰা বৃহৎ পৰিমাণৰ ৰেচন সামগ্ৰী, ঔষধ, দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীও উদ্ধাৰ কৰা হয়।

এই উল্লেখযোগ্য অভিযানৰ সময়ত বিভিন্ন ‘আই ই ডি’ বিস্ফোৰণত ‘কমাণ্ডো বেটেলিয়ন ফৰ ৰিজ’লিউট একশ্যন’ (কোব্ৰা), ‘স্পেচিয়েল টাস্ক ফ’ৰ্চ’ (এছ টি এফ) আৰু ‘ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড’ (ডি আৰ জি)ৰ মুঠ ১৮ জন জোৱান আহত হয়। আহত আটাইকেইজন জোৱান এতিয়া বিপদৰ পৰা মুক্ত হৈ বিভিন্ন চিকিৎসালয়ত সম্ভৱপৰ উত্তম চিকিৎসা গ্ৰহণ কৰি আছে। কাৰেগুট্টালু পাহাৰৰ পৰিস্থিতি অত্যন্ত দুৰ্গম, আৰু দিনৰ তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছতকৈয়ো অধিক হোৱাৰ বাবে বহু সৈন্যই পানীলগাত ভূগিছিল। ইয়াৰ পিছতো সৈন্যবাহিনীৰ মনোবল কমি যোৱা নাছিল, সম্পূৰ্ণ সাহস আৰু উৎসাহেৰে নক্সালবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল। এই অভিযান হৈছে বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ মাজত সমন্বয় আৰু মোদী চৰকাৰৰ ‘সমগ্ৰ চৰকাৰ’ দৃষ্টিভংগীৰ এক উৎকৃষ্ট উদাহৰণ। এই অভিযানৰ উদ্দেশ্য আছিল নক্সালবাদীৰ সশস্ত্ৰ সামৰ্থ্য হ্ৰাস কৰা, সশস্ত্ৰ দল নিষ্ক্ৰিয় কৰা, নক্সালীক দুৰ্গম অঞ্চলৰ পৰা খেদি পঠিওৱা আৰু নিষ্ঠুৰ নক্সাল সংগঠন ‘পি এল জি এ বেটেলিয়ন’ক নিশ্চিহ্ন কৰা।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে যৌথ কাৰ্য-পৰিকল্পনাৰ অধীনত নক্সাল বিৰোধী অভিযান চলাই আছে। এই অভিযানৰ মূল উপাদানসমূহ হ’ল- নতুন নিৰাপত্তা শিবিৰ স্থাপন কৰি নিৰাপত্তাৰ ব্যৱধান পূৰণ কৰা, অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে নক্সাল প্ৰভাৱিত জিলাসমূহত উন্নয়ন আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ কৰা, যাতে স্থানীয় নাগৰিকসকলে লাভৱান হ’ব পাৰে, আৰু নক্সালবাদী কেডাৰ আৰু নক্সালবাদীৰ সমগ্ৰ পৰিৱেশতন্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা। এই কাৰ্য-পৰিকল্পনা ৰূপায়ণৰ ফলত নিৰাপত্তা বাহিনীয়ে নক্সালবাদীৰ মূল কেডাৰ আৰু পৰিৱেশ তন্ত্ৰৰ যথেষ্ট ক্ষতিসাধন কৰিছে, যাৰ ফলত নক্সালবাদী প্ৰভাৱত থকা অঞ্চলটো যথেষ্ট হ্ৰাস পাইছে।

মন কৰিবলগীয়া যে ২০২৪ চনত নক্সাল বিৰোধী অভিযানৰ সফলতাক ভিত্তি কৰি ২০২৫ চনত চলি থকা নক্সাল বিৰোধী অভিযানৰ অংশ হিচাপে যোৱা ৪ মাহত নিৰাপত্তা বাহিনীয়ে ১৯৭টা গোড়া নক্সালবাদীক নিষ্ক্ৰিয় কৰে। ২০১৪ চনত ৩৫খন জিলা নক্সালবাদৰ দ্বাৰা সৰ্বাধিক প্ৰভাৱিত হৈছিল, আৰু ২০২৫ চনত এই সংখ্যা মাত্ৰ ৬খনলৈ হ্ৰাস পাইছে। একেদৰে, ২০১৪ চনত ৭৬খন জিলাৰ ৩৩০ খন থানাত ১০৮০ টা নক্সালবাদী কাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ২০২৪ চনত ৪২ খন জিলাৰ ১৫১ খন থানাত মাত্ৰ ৩৭৪ টা কাণ্ড সংঘটিত হৈছিল। ২০১৪ চনত নক্সালবাদী হিংসাত ৮৮ জন নিৰাপত্তাৰক্ষী শ্বহীদ হৈছিল, যিটো ২০২৪ চনত ১৯ লৈ হ্ৰাস পাইছিল। ইফালে, সংঘৰ্ষত নিহত হোৱা নক্সালৰ সংখ্যা ৬৩ৰ পৰা ২০৮৯ লৈ বৃদ্ধি পাইছে। ২০২৪ চনত ৯২৮ টা নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছিল, আৰু এতিয়ালৈকে ২০২৫ চনৰ পৰা প্ৰথম চাৰি মাহত ৭১৮ টাই আত্মসমৰ্পণ কৰিছে। ২০১৯ চনৰ পৰা ২০২৫ চনলৈ কেন্দ্ৰীয় বাহিনীয়ে ৰাজ্যিক আৰক্ষীৰ সহযোগত নক্সাল প্ৰভাৱিত ৰাজ্যসমূহত মুঠ ৩২০টা শিবিৰ স্থাপন কৰিছে, য’ত ৬৮টা ‘নাইট লেণ্ডিং হেলিপেড’ও আছে। ২০১৪ চনত  ‘সুৰক্ষাবেষ্টনীযুক্ত’ ৬৬খন থানাৰ সংখ্যা এতিয়া ৫৫৫খনলৈ বৃদ্ধি পাইছে।

নক্সালবাদীৰ বিৰুদ্ধে এই বিস্তৃত অভিযানৰ দীৰ্ঘম্যাদী ফলাফল পৰ্যবেক্ষণ কৰা হৈছে, যেনে বৃহৎ আৰু ‘সশস্ত্ৰ নক্সাল ইউনিট’ক কেইবাটাও সৰু ‘ইউনিট’ত বিভক্ত কৰা। এই অঞ্চলসমূহৰ ওপৰত নিৰাপত্তা বাহিনীৰ দখল অধিক শক্তিশালী হৈছে, আৰু বিজাপুৰ জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় উদ্যান অঞ্চল আৰু নাৰায়ণপুৰ জিলাৰ অন্তৰ্গত মাদ অঞ্চলত তেওঁলোক অহৰহ আগবাঢ়ি আছে।

****

RK / VV / RR / PR / PS/ KB


(Release ID: 2128790)