@font-face { font-family: 'Poppins'; src: url('/fonts/Poppins-Regular.ttf') format('truetype'); font-weight: 400; font-style: normal; } body { font-family: 'Poppins', sans-serif; } .hero { background: linear-gradient(to right, #003973, #e5e5be); color: white; padding: 60px 30px; text-align: center; } .hero h1 { font-size: 2.5rem; font-weight: 700; } .hero h4 { font-weight: 300; } .article-box { background: white; border-radius: 10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 40px 30px; margin-top: -40px; position: relative; z-index: 1; } .meta-info { font-size: 1em; color: #6c757d; text-align: center; } .alert-warning { font-weight: bold; font-size: 1.05rem; } .section-footer { margin-top: 40px; padding: 20px 0; font-size: 0.95rem; color: #555; border-top: 1px solid #ddd; } .global-footer { background: #343a40; color: white; padding: 40px 20px 20px; margin-top: 60px; } .social-icons i { font-size: 1.4rem; margin: 0 10px; color: #ccc; } .social-icons a:hover i { color: #fff; } .languages { font-size: 0.9rem; color: #aaa; } footer { background-image: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); } body { background: #f5f8fa; } .innner-page-main-about-us-content-right-part { background:#ffffff; border:none; width: 100% !important; float: left; border-radius:10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 0px 30px 40px 30px; margin-top: 3px; } .event-heading-background { background: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); color: white; padding: 20px 0; margin: 0px -30px 20px; padding: 10px 20px; } .viewsreleaseEvent { background-color: #fff3cd; padding: 20px 10px; box-shadow: 0 .5rem 1rem rgba(0, 0, 0, .15) !important; } } @media print { .hero { padding-top: 20px !important; padding-bottom: 20px !important; } .article-box { padding-top: 20px !important; } }
WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভেক্স ২০২৫ এ সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডত ষ্টাৰ্টআপৰ বিনিয়োগৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিছে; সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ বাবে এটা নিবেদিত এঞ্জেল নেটৱৰ্কে কাম কৰিছে

ৱেভছত ৩০ টা ষ্টাৰ্টআপক আগুৱাই নিবলৈ এটা এটাকৈ প্ৰত্যেককে উদগনি যোগোৱা হৈছে

 Posted On: 04 MAY 2025 2:15PM |   Location: PIB Guwahati

 

 

মুম্বাইত অনুষ্ঠিত হৈ থকা বিশ্ব অডিঅ’-ভিজুৱেল এণ্টাৰটেইনমেণ্ট ছামিট (WAVES)ৰ  এক ফ্লেগশ্বিপ ষ্টাৰ্টআপ পদক্ষেপ ৱেভেক্স ২০২৫  হৈছে উদ্ভাৱন, উদ্যোগীকৰণ আৰু বিনিয়োগৰ এক আশাব্যঞ্জক সংযোগস্থল।

 

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ (এম আই বি) যুটীয়া সঞ্চালক শ্ৰী আশুতোষ মোহলে ৱেভেক্সৰ সংক্ষিপ্ত আভাস প্ৰদান কৰি   সংবাদ মাধ্যম আৰু মনোৰঞ্জন  ক্ষেত্ৰৰ ষ্টাৰ্টআপসমূহক আগুৱাই নিয়াৰ   দৃষ্টিভংগীৰ বিষয়ত  আলোকপাত কৰে৷   সংবাদ মাধ্যম আৰু মনোৰঞ্জন ক্ষেত্ৰৰ ষ্টাৰ্টআপবোৰ বহন কৰা সম্ভাৱনা  আৰু সেইবোৰৰ  ধাৰণাসমূহ  বিকশিত কৰিবলৈ  এটা ৰাষ্ট্ৰীয় মঞ্চৰ দৃষ্টিভংগীৰ কথা ব্যক্ত কৰে৷

 

ইণ্টাৰনেট এণ্ড মোবাইল এছ’চিয়েশ্যন অৱ ইণ্ডিয়া (আইএমএআই)ৰ মুখ্য বৃদ্ধি বিষয়া সন্দীপ ঝিংৰাণে এনে পদক্ষেপৰ আশাব্যঞ্জক সঁহাৰিৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে।  সংবাদ মাধ্যম আৰু মনোৰঞ্জন ক্ষেত্ৰৰ ষ্টাৰ্টআপসমূহৰ প্ৰতি  কেন্দ্ৰীভূত মনোযোগ দিবলৈ এনে প্ৰচেষ্টা অতি প্ৰয়োজনীয় বুলি  তেওঁ কয়৷ তেওঁ উল্লেখ কৰে- "আমি হাজাৰৰো অধিক আবেদন লাভ কৰিছো।বিনিয়োগকাৰীৰ কণ্ঠই এই পদক্ষেপৰ পৰিৱৰ্তনশীল সম্ভাৱনাক আৰু অধিকশক্তিশালী কৰিছে ৱাৰ্মআপ ভেঞ্চাৰছৰ ভেন্যু পাৰ্টনাৰ শ্ৰী ৰাজেশ যোশীয়ে ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক হোৱাৰ পৰা বিনিয়োগকাৰী হোৱালৈকে  ব্যক্তিগত যাত্ৰাৰ বিষয়ে কয়৷  তেওঁ  কয়, ‘আমি এতিয়া ১১টা ষ্টাৰ্টআপৰ সৈতে কথা পাতিছো।'

https://static.pib.gov.in/WriteReadData/userfiles/image/4-3-1GK5N.jpg

কেবিলৰ প্ৰতিষ্ঠাপক শ্ৰী মুস্তাফা হাৰ্নেছৱালাই এই ক্ষেত্ৰসমূহত   ধন আগবঢ়োৱাৰ পৰম্পৰাগত অনীহাৰ বিষয়ত আলোকপাত কৰে। “বহুতে সংবাদ মাধ্যম আৰু মনোৰঞ্জনত বিনিয়োগ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে। ৱেভছে  সেই মানসিকতা সলনি কৰিছে। আমি এতিয়া  সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ  বাবে এটা নিবেদিত এঞ্জেল নেটৱৰ্ক সৃষ্টিৰ বাবে কাম কৰি আছো, আনকি আন্তঃৰাষ্ট্ৰীয় স্তৰতো বিভিন্ন  চৰকাৰৰ সৈতে সহযোগিতাৰ জৰিয়তে বিশ্বব্যাপী সংযোগৰ সন্ধানো কৰিছো।”

 

পেনেলে সংবাদ মাধ্যমৰ পৰাও প্ৰশ্ন লাভ কৰি বিকশিত ষ্টাৰ্টআপৰ পৰিৱেশৰ বিষয়ে অন্তৰ্দৃষ্টি আগবঢ়ায়। বিনিয়োগকাৰীয়ে অৰ্থপূৰ্ণ কন্টেন্টৰ পাৰ্থক্য কেনেকৈ বিচাৰ  কৰে বুলি সোধাত ৰাজেশ যোশীয়ে “গিগল”ৰ উদাহৰণ দাঙি ধৰে৷  যিটো এটা ষ্টাৰ্টআপ এপ,  যিয়ে চাইবাৰ বুলিং আৰু যৌন কন্টেন্টৰ পৰা হাত সাৰিবলৈ এটা প্লেটফৰ্ম তৈয়াৰ কৰি আছে, ইয়াক দায়িত্বশীল উদ্ভাৱনৰ এক মান বুলি অভিহিত কৰিব পাৰি।

 

লিংগ প্ৰতিনিধিত্ব সন্দৰ্ভত সন্দীপ ঝিংৰাণে মহিলা উদ্যোগীসকলৰ সীমিত অংশগ্ৰহণৰ কথা স্বীকাৰ কৰে। তেওঁ লগতে কয়, ‘আমি ভাল কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ভৱিষ্যতৰ দিনবোৰত  আমি আশা কৰিছো যে আৰু অধিক মহিলা উদ্যোগী আগুৱাই আহিব।

 

ইভেণ্টৰ ফৰ্মেটৰ বিষয়ে বাখ্যা কৰি সন্দীপ ঝিংৰাণে  কয়  যে দুদিনত ৩০টা ষ্টাৰ্টআপক আগুৱাই যোৱাৰ বাবে  উদগনি যোগোৱা হৈছে৷  মুস্তাফা হাৰ্নেছৱালাই কন্টেন্ট সৃষ্টিকৰ্তাসকলৰ বাবে মুদ্ৰাকৰণ কৌশলৰ প্ৰয়োজনীয়তাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে ৱেভছৰ দৰে পদক্ষেপে সেই ব্যৱধান দূৰ কৰাত সহায় কৰিব।

 

ৱেভেক্স ২০২৫ সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ বাবে ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰত  পট পৰিৱৰ্তনকাৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে৷  পুৰণি দিনৰ  সীমা অতিক্ৰম কৰি   সমগ্ৰ ভাৰতত উদ্ভাৱকসকলৰ বাবে নতুন সুযোগৰ  দুৱাৰ মুকলি কৰি দিছে৷

For official updates on realtime, please follow us:

On X :

https://x.com/WAVESummitIndia

https://x.com/MIB_India

https://x.com/PIB_India

https://x.com/PIBmumbai

On Instagram:

https://www.instagram.com/wavesummitindia

https://www.instagram.com/mib_india

https://www.instagram.com/pibindia

 

* * *

PIB TEAM WAVES 2025 | Rajith/ Poushali/ Nikhitha /Darshana | DM


Release ID: (Release ID: 2126928)   |   Visitor Counter: 9