তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
এখন শক্তিশালী মঞ্চ হিচাপে WAVES এ বিশ্ব তথা ভাৰতৰ গল্পকাৰসকলৰ মাজত সৃষ্টিশীল সহযোগিতাক বিকশিত কৰিছে: নেটফ্লিক্সৰ সহ-মুখ্য কাৰ্যবাহী বিষয়া টেড চাৰাণ্ডোছ
Posted On:
03 MAY 2025 3:56PM
|
Location:
PIB Guwahati
মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত প্ৰথমবাৰ্ষিক বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট চমুকৈ WAVES ৰ তৃতীয় দিনটোত নেটফ্লিক্সৰ সহ-চিইঅ’ টেড চাৰাণ্ডোছে অভিনেতা ছঈফ আলী খানৰ সৈতে হোৱা এক মনোজ্ঞ বাৰ্তালাপত মন্তব্য কৰে যে ভাৰতত চলচ্চিত্ৰ নিৰ্মাণৰ উন্মুক্ত বাতাবৰণ তথা উদাৰ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত ষ্ট্ৰীমিং প্লেটফৰ্মে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

“ষ্ট্ৰীমিং দ্য নিউ ইণ্ডিয়া: কালচাৰ, কানেক্টিভিটি, এণ্ড ক্ৰিয়েটিভ কেপিটেল” শীৰ্ষক এই বাৰ্তালাপত ডিজিটেল যুগত ষ্ট’ৰীটেলিংৰ বা কাহিনী কথকতাৰ পৰিৱৰ্তিত পৰিৱেশৰ ওপৰত গভীৰভাৱে গুৰুত্ব আৰোপ কৰা হৈছিল, বিশেষকৈ ষ্ট্ৰীমিঙে কিদৰে সৃষ্টিশীলতাৰ অত্যাৱশ্যকীয় স্বাধীনতা বৃদ্ধি কৰিছে আৰু বিশ্ব মনোৰঞ্জন উদ্যোগত ভাৰতৰ পৰিবৰ্ধিত আৰু সম্প্ৰসাৰিত স্থানৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছিল।
ষ্ট’ৰীটেলিংৰ ভৱিষ্যতৰ বিষয়ে সোধাত চাৰাণ্ডোছে কয়, “ষ্ট’ৰী-টেলিং বিষয়টো ক’লৈ গৈ আছে সেইটো ভৱিষ্যদ্বাণী কৰাটো অতি কঠিন। কিন্তু যিটো উদ্দেশ্য এতিয়াও একেই আছে সেয়া হৈছে দৰ্শকৰ সৈতে সংযোগ স্থাপন। ভাৰতত আমাৰ বিনিয়োগে ক’ভিডৰ পিছত ২ বিলিয়ন ডলাৰৰ অধিক অৰ্থনৈতিক প্ৰভাৱৰ সৃষ্টি কৰিছে। যথেষ্ট পৰিমাণত সংস্থাপন সৃষ্টি হৈছে, দক্ষতা বিকাশ হৈছে, আৰু আন্তঃগাঁথনিৰ উত্তৰণ সাধন হৈছে। আমি সমগ্ৰ ভাৰতৰ ২৩খন ৰাজ্যৰ শতাধিক চহৰে নগৰে চিত্ৰগ্ৰহণ কৰিছো, আৰু এইবোৰত ২৫,০০০ ৰো অধিক স্থানীয় অভিনেতা-অভিনেত্ৰী আৰু অন্যান্য কাম-কাজত প্ৰয়োজনীয় কৰ্মচাৰীৰ সংযোগ ঘটিছিল।

জনপ্ৰিয় ধাৰাবাহিক ছেক্ৰেড গেমছত নেটফ্লিক্সৰ সৈতে কাম কৰাৰ অভিজ্ঞতা সুঁৱৰি ছঈফ আলী খানে ষ্ট্ৰীমিং প্লেটফৰ্মৰ পৰিৱৰ্তনশীল শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “আগতে আমি এটা স্থিৰ আৰু অনমনীয় ফৰ্মেটৰ লগত খাপ খাব লাগিছিল। ষ্ট্ৰীমিঙে অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলক সেই বাধাৰ পৰা মুক্ত কৰিছে। এতিয়া সমগ্ৰ বিশ্বৰ মানুহে আমাৰ কাহিনীবোৰ চাব পাৰে, যিবোৰ তেওঁলোকে হয়তো পৰম্পৰাগত চিনেমাত দেখিবলৈ পোৱা নাছিল।”
ভাৰতত চলচ্চিত্ৰ নিৰ্মাণৰ উদাৰীকৰণৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি তেওঁ কয় যে, “চলচ্চিত্ৰৰ উদাৰীকৰণৰ ফলত এতিয়া দৰ্শকে যিকোনো সময়তে বৈচিত্ৰ্যপূৰ্ণ কাহিনীসমূহ চোৱাৰ সুবিধা লাভ কৰিছে, আৰু নিৰ্মাতাসকলেও সেইবোৰ প্ৰকাশ কৰাৰ অধিক স্বাধীনতা লাভ কৰিছে। ই চিনেমা বা কাহিনীৰ কথকতা চোৱা আৰু নিৰ্মাণৰ এক অবিৰত চক্ৰ।”

চিনেমা আৰু ষ্ট্ৰীমিংৰ সহাৱস্থানক সম্বোধন কৰি চাৰাণ্ডোছে পুনৰ কয় যে ছবিগৃহত চলচ্চিত্ৰ মুক্তি দিয়াৰ এতিয়াও গুৰুত্ব আছে। তেওঁ কয়, ‘চিনেমা হলবোৰ পুৰণি হোৱা নাই। ষ্ট্ৰীমিং আৰু চিনেমা হল প্ৰতিদ্বন্দী নহয়। আমাৰ সমূখৰ বজাৰখন বিশাল কৰাৰ বাবে পৰস্পৰে পৰস্পৰক সহায় কৰি আগবাঢ়িব পাৰে।’
ছঈফ আলী খানে ভাৰতীয় সংস্কৃতিৰ প্ৰতি আবেগ প্ৰদৰ্শন কৰি কয় যে তেওঁৰ হৃদয়ৰ আটাইতকৈ ওচৰৰ প্ৰকল্পসমূহ হৈছে ভাৰতীয় সংস্কৃতিত গভীৰভাৱে শিপাই থকা প্ৰকল্পসমূহ। ভাৰতৰ চহকী আখ্যানমূলক ঐতিহ্যক বিশ্ব মঞ্চত প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ আৰু আবেগৰ কথা উল্লেখ কৰি তেওঁ কয়, “যদি বিদেশৰ কোনোবাই মোক মোৰ ছবিৰ বিষয়ে সোধে, মই ওমকাৰা বা পৰিনীতাৰ কথা কওঁ, যি আমাৰ সাংস্কৃতিক পৰিচয়ৰ সৈতে গভীৰভাৱে জড়িত ছবি। আমাৰ নিজৰ কাহিনী বিশ্বৰ আগত তুলি ধৰাৰ ক্ষেত্ৰত কিবা এটা অবিশ্বাস্যভাৱে ৰোমাঞ্চকৰ অনুভূ্তি আছে।”
টেড চাৰাণ্ডোছ আৰু ছঈফ আলী খান দুয়োজনেই WAVES ক ভাৰত আৰু বিশ্বৰ অনবদ্য ষ্ট’ৰীটেলাৰসকলৰ মাজত সৃষ্টিশীল সহযোগিতাৰ পোষকতা কৰা এক শক্তিশালী মঞ্চ হিচাপে প্ৰশংসা কৰে। ছাৰাণ্ডোছে এই পদক্ষেপক প্ৰশংসা কৰি কয়, “যদি ইয়াত উপস্থাপন কৰা ধাৰণাসমূহে কাম কৰে, তেন্তে সেইবোৰ কল্পনাতীতভাৱে সফল হ’ব। WAVES সেই গতিময় সৃষ্টিৰ বাবে এক কল্পনাতীত মঞ্চ।”
WAVES শীৰ্ষ সন্মিলনে আলোচনা, উদ্ভাৱন, আৰু সাংস্কৃতিক বিনিময়ৰ জৰিয়তে মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যত গঢ় দিবলৈ সমগ্ৰ বিশ্বৰ দূৰদৰ্শী আৰু উদ্যোগ বিশেষজ্ঞসকলক একত্ৰিত কৰিছে।
*****
PIB TEAM WAVES | Rajith/LekshmiPriya/Riyas/CShekhar |163
Release ID:
(Release ID: 2126895)
| Visitor Counter:
4