তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
‘ৱেভছ ২০২৫’-ত অনুষ্ঠিত ‘ব্ৰেকআউট ছেছন’-য়ে মধ্য প্ৰদেশক ভাৰতৰ ‘উদীয়মান সৃষ্টিশীল কেন্দ্ৰ’ হিচাপে আলোকপাত কৰে
Posted On:
03 MAY 2025 3:10PM
|
Location:
PIB Guwahati
আজি ‘ৱেভছ ২০২৫’-ত "ডিজিটেল ড্ৰীমছ এণ্ড চিনেমেটিক ভিজনছ: মধ্য প্ৰদেশ এজ দ্য নেক্সট ক্ৰিয়েটিভ হাব" শীৰ্ষক এক উচ্চ-পৰ্যায়ৰ ‘ব্ৰেকআউট’ অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনখন পৰিচালনা কৰিছিল ‘ভেৰাইটী’-ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি নমন ৰামচন্দ্ৰনে।
প্ৰখ্যাত প্ৰযোজক-পৰিচালক একতা কাপুৰে ‘মধ্য প্ৰদেশ চৰকাৰৰ চলচ্চিত্ৰ পৰ্যটন নীতি ২০২৫’ আনুষ্ঠানিকভাৱে মুকলি কৰে। অধিৱেশনখনত ‘এভিজিচি এক্সআৰ পলিচী ২০২৫’ আৰু ‘মধ্য প্ৰদেশ ফিল্ম চেল পৰ্টেল’ৰ ‘দ্বিতীয় পৰ্যায়’ৰ শুভাৰম্ভও কৰা হয়।
অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি একতা কাপুৰে কয় যে ‘চলচ্চিত্ৰৰ গন্তব্য স্থান’ বাছনি কৰোঁতে, ৰেহাই, অনুমতি প্ৰাপ্ত কৰাৰ সহজতা, দৃশ্যমান পৰিদৃশ্য, আৰু দৃশ্যগ্ৰহণৰ সহজতাৰ দৰে প্ৰসংগবোৰ সৰ্বাধিক গুৰুত্ব হ’ব।
মধ্য প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগৰ প্ৰধান সচিব শ্ৰী শেখৰ শুক্লাই উল্লেখ কৰে যে মধ্য প্ৰদেশ হৈছে ‘অতুল্য ভাৰত’ৰ হৃদয় আৰু ই দ্ৰুতগতিৰে চলচ্চিত্ৰ নিৰ্মাতাসকলৰো হৃদয় হৈ উঠিছে। তেওঁ ৰাজ্যখনৰ ‘শ্বুটিং-অনুকূল পৰিৱেশ’, ‘সমৃদ্ধ ইতিহাস’ আৰু ‘ঐতিহ্য’ তথা ইতিমধ্যে সাজু হৈ থকা ‘প্ৰতিভা পুল’ৰ কথা উল্লেখ কৰে। ৰাজ্যখনত এক সৰ্বশ্ৰেষ্ঠ মানৰ ‘বিত্তীয় উদগণি নীতি’ আৰু অনুমতিৰ বাবে এক ‘সৰলীকৃত একক পৰ্টেল প্ৰণালী’ আছে, যাৰ ফলত শ্বুটিঙৰ সহজতা নিশ্চিত হয়। তেওঁ উল্লেখ কৰি কয় যে ‘২.০ নীতি’য়ে ‘ৰিপীট শ্বুটিঙ’ৰ বাবে বৰ্ধিত উদগনি আৰু বিশেষ ব্যৱস্থাৰ সৈতে এক উত্তৰণকে চিহ্নিত কৰে। স্থানীয় ভাষা আৰু স্থানীয় প্ৰতিভা ব্যৱহাৰ কৰি চলচ্চিত্ৰৰ লগতে মধ্য প্ৰদেশত দৃশ্যগ্ৰহণ কৰা অন্যান্য ভাৰতীয় ভাষাত নিৰ্মিত চলচ্চিত্ৰসমূহলৈ অতিৰিক্ত উদগণি প্ৰদান কৰা হ'ব। তেওঁ যোগ দি কয় যে মধ্য প্ৰদেশে চলচ্চিত্ৰ নিৰ্মাণৰ সা-সুবিধা আগবঢ়োৱাৰ জৰিয়তে ৰাজ্যখনৰ ‘ব্ৰেণ্ডিং’ কৰি মুম্বাইক ধনে-জনে ইয়ালৈ আকৰ্ষিত কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।
মধ্য প্ৰদেশ চৰকাৰৰ ‘তথ্য প্ৰযুক্তি আৰু ডিএছটি বিভাগ’ৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী সঞ্জয় ডুবেই কয় যে নতুন ‘এভিজিচি নীতি’য়ে ‘প্ৰি’ আৰু ‘পোষ্ট-প্ৰডাকশ্যন’ক সমৰ্থন কৰাৰ লগতে ‘এনিমেশ্যন’, ‘গে’মিং’ আৰু ‘ভিএফএক্স’-ৰ দৰে সম্পৰ্কিত খণ্ডসমূহক উত্সাহিত কৰিব। তেওঁ চলচ্চিত্ৰ নিৰ্মাতাসকলক সমৰ্থন কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সক্ৰিয় আৰু বিপদাশংকা গ্ৰহণৰ দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰে।
‘ক্ৰিয়েটিভলেণ্ড ষ্টুডিঅ'ৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু এগৰাকী অভিজ্ঞ প্ৰযোজক শোভা সাণ্টে স্থানীয় প্ৰতিভা আৰু কলা-কুশলী ব্যৱহাৰ কৰি মধ্য প্ৰদেশত দৃশ্যগ্ৰহণ কৰা ‘স্ত্ৰী ২’ চলচ্চিত্ৰখনত লাভ কৰা তেওঁৰ অভিজ্ঞতা সহভাগ কৰে। তেওঁ ৰাজ্যখনত দৃশ্যগ্ৰহণ কৰা ‘লায়ন’ আৰু ‘এ চুইটেবল বয়’ৰ দৰে আন্তৰ্জাতিক প্ৰযোজনাসমূহৰ উদ্ধৃতি দিয়ে। অষ্ট্ৰেলিয়াৰ সহ-প্ৰযোজনাৰে নিৰ্মিত হ’ব লগা এক ছবিৰ বাবেও মধ্য প্ৰদেশক চিত্ৰগ্ৰহণস্থলী হিচাপে বাছনি কৰিছে। মধ্য প্ৰদেশত দৃশ্যগ্ৰহণৰ বাবে অহা চলচ্চিত্ৰৰ দলসমূহৰ পৰা এই পৰ্যন্ত কোনো অভিযোগ পোৱা হোৱা নাই বুলি মন্তব্য কৰাৰ লগতে তেওঁ কয় যে "মধ্য প্ৰদেশলৈ এবাৰ অহা লোকসকলে পুনৰাই আহিবলৈহে বিচাৰে"।
পেনেলৰ আন বিশিষ্ট ব্যক্তি, ‘আগষ্ট মিডিয়া গ্ৰুপ’ৰ ‘মুখ্য কাৰ্যবাহী বিষয়া’ জ্যোতিৰ্ময় সাহাই কয় যে নতুন নীতিসমূহে সমগ্ৰ ৰাজ্যতে সৃষ্টিশীল কেন্দ্ৰ গঠনত অনুপ্ৰেৰিত কৰিব, আনহাতে ‘এফআইচিচিআই এভিজিচি’ খণ্ডৰ অধ্যক্ষ আশীষ কুলকাৰ্ণীয়ে মধ্য প্ৰদেশৰ ৰন্ধনপ্ৰণালী, জনজাতীয় সংগ্ৰহালয় আৰু ‘গোলকীয় দক্ষতা উদ্যান’কে ধৰি অন্যান্য আকৰ্ষণসমূহৰ প্ৰসংগত বক্তব্য প্ৰদান কৰে।
For official updates on realtime, please follow us:
On X :
https://x.com/WAVESummitIndia
https://x.com/MIB_India
https://x.com/PIB_India
https://x.com/PIBmumbai
On Instagram:
https://www.instagram.com/wavesummitindia
https://www.instagram.com/mib_india
https://www.instagram.com/pibindia
* * *
PIB TEAM WAVES 2025 | Rajith/ Athira/ Darshana | 161/KB
Release ID:
(Release ID: 2126556)
| Visitor Counter:
15