তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
সৃষ্টিশীলতাৰ সৈতে সংপৃক্ত হৈছে এআই: ৱেভছ ২০২৫ত উদ্যোগৰ শীৰ্ষ ব্যক্তিসকলে ডিজিটেল প্ৰয়োগৰ ভৱিষ্যত নিৰূপনত ভাৰতৰ ভূমিকাৰ ৰূপৰেখা দাঙি ধৰে
“এআই-এ চাকৰিৰ ঠাই অধিগ্ৰহণ কৰিবলৈ অহা নাই—এয়া বৃদ্ধিৰ এটা উপায়হে।” — ৰিচাৰ্ড কেৰিছ, এনভিডিয়া
“সৃষ্টিশীলতাই প্ৰতিটো উদ্যোগক ৰূপান্তৰিত কৰিছে।” — শান্তনু নাৰায়ণ, এডোব
Posted On:
01 MAY 2025 8:52PM
|
Location:
PIB Guwahati
ৱেভছ ২০২৫ শীৰ্ষ সন্মিলন উদ্ভাৱন, সৃষ্টিশীলতা আৰু অত্যাধুনিক প্ৰযুক্তিৰ অভিসৰণৰ সাক্ষী হৈছে। এই বিষয়ক বক্তৃতাসমূহৰ মূলতে থকা বিষয়সমূহৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তাও এটা। মুম্বাইত শীৰ্ষ সন্মিলনৰ উদ্বোধনী দিনটোতে বিশ্বৰ এই উদ্যোগৰ সৈতে জড়িত শীৰ্ষ ব্যক্তিসকলৰ নেতৃত্বত অনুষ্ঠিত তিনিখন অধিৱেশনে সংবাদ মাধ্যম, গল্প কথন আৰু ডিজিটেল উৎপাদনৰ সৈতে এআইৰ গতিশীল সংযোগৰ পৰিকল্পনা প্ৰস্তুত কৰে। এনে পদক্ষেপে সৃষ্টিশীল-প্ৰযুক্তিগত বিৱৰ্তনত ভাৰতৰ বৃদ্ধি পোৱা গুৰুত্বকে পুনৰ বাৰ দৃঢ় কৰি তুলিছে।
“সৃষ্টিশীলতাই প্ৰতিটো উদ্যোগক ৰূপান্তৰিত কৰিছে।” — শান্তনু নাৰায়ণ, এডোব
"এআইৰ যুগত ডিজাইন, মিডিয়া আৰু সৃষ্টিশীলতা" শীৰ্ষক মূল ভাষণত এড'বৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া শান্তনু নাৰায়নে বিকশিত সৃষ্টিশীল অৰ্থনীতিৰ বিষয়ত এক মনোগ্ৰাহী দৃষ্টিভংগী আগবঢ়ায়। ইণ্টাৰনেটৰ পৰা মোবাইল আৰু এতিয়া কৃত্ৰিম বুদ্ধিমত্তালৈ ডিজিটেল যাত্ৰাৰ অন্বেষণ কৰি নাৰায়নে সমল সৃষ্টিৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাৰ কথালৈ আঙুলিয়াই দিয়ে। তেওঁ ৫০ কোটিতকৈ অধিক ভাৰতীয়ই অনলাইন কন্টেন্ট গ্ৰহণ কৰা আৰু আঞ্চলিক ভাষাৰ দিশত উল্লেখযোগ্য পৰিৱৰ্তনৰ দিশটোৰ কথাও উল্লেখ কৰে।
তেওঁ কয় যে এআইয়ে সৃষ্টিশীলতাৰ ঠাই লোৱা নাই বৰঞ্চ ইয়াক বৃদ্ধিহে কৰিছে। তেওঁ কয় “জেনেৰেটিভ এআইয়ে ভাৰতীয় সমল সৃষ্টিকৰ্তাসকলক পৰম্পৰাগত মাধ্যমসমূহক অতিক্ৰম কৰিবলৈ সক্ষম কৰি তুলিছে,” । ই ইমেজিং, ভিডিঅ’, আৰু ডিজাইনৰ মাজেৰে বৈচিত্ৰ্যময় কাহিনী বৰ্ণনা কৰা কাৰ্যক সমৰ্থন কৰে। চিনেমাৰ পৰা ৰিয়েল টাইম মোবাইল ফোনত কাহিনী বৰ্ণনা কৰালৈকে সৃষ্টিশীল সম্ভাৱনা এতিয়া বৃদ্ধি পাইছে।
এআই-চালিত কাঠামো নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ অনন্য স্থিতিৰ বিষয়ত আলোকপাত কৰি—এপ্লিকেচনৰ পৰা ডাটা আন্তঃগাঁথনিলৈকে—নাৰায়ণে চাৰিবিধ কৌশলৰ ৰূপৰেখা দাঙি ধৰে: অনন্য সৃষ্টিশীলতা আৰু উৎপাদন, ব্যৱসায়িক মডেল উদ্ভাৱন কৰা, এআই-ত দক্ষ কৰ্মশক্তিৰ নেতৃত্ব দিয়া আৰু উদ্যোগীকৰণৰ মনোভাবক লালন-পালন কৰা। ভাষণৰ সামৰণি মাৰি তেওঁ ভাৰত চৰকাৰ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক ৱেভছৰ দৰে দূৰদৰ্শী মঞ্চ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
“এআই-এ চাকৰিৰ ঠাই অধিগ্ৰহণ কৰিবলৈ অহা নাই—এয়া বৃদ্ধিৰ এটা উপায়হে।” — ৰিচাৰ্ড কেৰিছ, এনভিডিয়া
“এআই বিয়ণ্ড ৱৰ্ক” শীৰ্ষক এক চিন্তাকৰ্ষক আলোচনাত এনভিডিয়াৰ উপ-সভাপতি ৰিচাৰ্ড কেৰিছ আৰু এনভিডিয়া ইণ্ডিয়াৰ পৰিচালন সঞ্চালক বিশাল ধুপাৰে এআইয়ে ব্যক্তিগত কম্পিউটিং আৰু সৃষ্টিশীল উৎপাদনশীলতাক কেনেদৰে পুনৰ সংজ্ঞায়িত কৰিছে সেই বিষয়ে অন্বেষণ কৰে।
কম্পিউটাৰ (পিচি) যুগৰ বিৱৰ্তনৰ কথা উল্লেখ কৰি ধূপাৰে কয়, “কম্পিউটাৰে অফিচৰ সময়ৰ পিছত শুইছিল।কিন্তু মানুহে শুই নাথাকে।” তেওঁ বুজাই দিয়ে যে এনভিডিয়াৰ প্ৰাৰম্ভিক দৃষ্টিভংগী—পিচিক সৃষ্টিশীল সংগী হিচাপে কল্পনা কৰা—এতিয়া এআইৰ দ্বাৰা চালিত এখন পৃথিৱীত ইয়াৰ অনুৰণন ঘটিছে।
কেৰিছে অতীতৰ থ্ৰীডি এনিমেচন আয়ত্ত কৰাৰ জটিলতাৰ কথা স্মৰণ কৰি মনোগ্ৰাহী মন্তব্য প্ৰদান কৰে। তেওঁ কয়, ‘এতিয়া জেনেৰেটিভ এআইৰ সহায়ত আমি নিত্য নতুন ধাৰণাৰ পৰা সৃষ্টিলৈকে সকলোতে বহু বেছি দ্ৰুতগতিত কাম কৰিব পাৰিম। তথাপিও তেওঁ মৌলিক কথাবোৰ যাতে হেৰাই নাযায় সেই বিষয়তো সতৰ্ক কৰি দিয়ে: তেওঁ কয় “আমাৰ সকলোৰে ফোনত কেমেৰা আছে বুলিয়েই আমি সকলোৱেই মহান ফটোগ্ৰাফাৰ নহয়।”
বক্তাসকলে এই কথাত একমত প্ৰকাশ কৰে যে এআইয়ে মানুহৰ সৃষ্টিশীলতাৰ ঠাই দখল কৰাতকৈ ইয়াক বৃদ্ধিহে কৰিছে। “এআইয়ে আপোনাৰ হাতত সঁজুলি তুলি দিছে—কিন্তু কলাৰ ক্ষেত্ৰত মূল কথাবোৰ জনাটো এতিয়াও অতি প্ৰয়োজনীয়,” কেৰিছে দৃঢ়তাৰে কয়।সামৰণিত ধুপাৰেকয়: “সৃষ্টিশীল মানুহে নিজৰ কামৰ মাজেৰে জীয়াই থাকে।এআইয়ে তাৰ ঠাই লোৱা নাই—ই ইয়াক অধিক সক্ষম কৰিহে তুলিছে।”
“জেনেৰেটিভ এআইৰ সৈতে কাহিনীক জীৱন্ত কৰি তোলা ” — অনিশ মুখাৰ্জী, এনভিডিয়া
তৃতীয় অধিৱেশনত এনভিডিয়াৰ ছলিউচন আৰ্কিটেক্ট অনিশ মুখাৰ্জীৰ মাষ্টাৰক্লাছত সংবাদ মাধ্যমত জেনেৰেটিভ এআইৰ ব্যৱহাৰিক প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। “জেন এআইৰ সৈতে কাহিনীসমূহক জীৱন্ত কৰি তোলা” শীৰ্ষক এই অধিৱেশনে এনভিডিয়াৰ প্লেটফৰ্ম পদ্ধতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।ইয়াত হাৰ্ডৱেৰৰ উপৰি পৰিৱৰ্তনশীল সঁজুলি আদি সকলো বিষয় সামৰি লোৱা হয়।
মুখাৰ্জীয়ে ষ্টেটিক ছবিক ডিজিটেললৈ ৰূপান্তৰিত কৰা, বহুভাষিক ভইচ-অভাৰ আৰু অডিঅ’-ভিত্তিক চৰিত্ৰ এনিমেচনকে ধৰি এআই-চালিত সমাধানৰ বিষয়ে প্ৰদৰ্শন কৰে। এনভিডিয়া ৰ ফুগাটোৰ আৰ্হি ব্যৱহাৰ কৰি তেওঁ এআই-ৰ দ্বাৰা প্ৰস্তুত কৰা সংগীত আৰু ডাবিঙৰ বাবে বাস্তৱিক লিপ-চিংকিং প্ৰদৰ্শন কৰে। তেওঁ অম্নিভাৰ্ছ প্লেটফৰ্মৰ জৰিয়তে ভিডিঅ’ আৰু চিমুলেচন ভিত্তিক প্ৰশিক্ষণৰ মূল মডেলৰ এটা চুইট কচমছো প্ৰদৰ্শন কৰে।
এআই এনিমেচন আৰু ডিএলএছএছৰ সৈতে বৃহৎ ভাষাৰ মডেলৰ অভিসৰণৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ বিশেষকৈ গেম ডেভেলপমেণ্টত গল্প কথনৰ অভিজ্ঞতা সৃষ্টি কৰাত সেইবোৰৰ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয়, ‘এআই-ৰ জড়িয়তে সৃষ্ট চৰিত্ৰসমূহে বুদ্ধিমানৰ ৰূপত উপবিষ্ট হয় , তেনে চৰিত্ৰই কাহিনী এটাক পুনৰ সংজ্ঞায়িত কৰে।
মুখাৰ্জীয়ে কম্পিউটিঙৰ শক্তি, সমৃদ্ধ ডাটাছেট আৰু এলগৰিদমিক শক্তি ব্যৱহাৰ কৰি জেনেৰেটিভ এআইৰ সম্পূৰ্ণ সম্ভাৱনাৰ লাভ অৰ্জন কৰিবলৈ আহ্বান জনায়। নেমোষ্টেককে ধৰি এনভিডিয়াৰ পৰিৱেশতন্ত্ৰই সমল সৃষ্টিকৰ্তাসকলক কাষ্টম মডেল বিকশিত কৰিবলৈ শক্তিশালী কৰি তুলিছে, যিয়ে উদ্যোগসমূহৰ মাজত উদ্ভাৱনৰ যাত্ৰাক অধিক আগুৱাই লৈ গৈছে।
ৱেভছ ২০২৫ : এআই-নেতৃত্বাধীন সৃষ্টিশীল ৰূপান্তৰৰ বাবে মঞ্চ নিৰ্ধাৰণ
অধিৱেশনসমূহত আলোচনা চলি থকাৰ লগে লগে এটা ঐক্যবদ্ধ বাৰ্তাৰ উন্মেষো ঘটিছে, সেয়া হৈছে -এআই হৈছে সবলীকৰণৰ আহিলা, ই আগ্ৰাসনৰ বাবে নহয়। ডিজাইন, চলচ্চিত্ৰ, এনিমেচন বা গল্প কথনৰ ক্ষেত্ৰতেই হওক, ভৱিষ্যত সেইসকলৰ, যিয়ে মূল কথাবোৰ বুজি পায়, নতুন সঁজুলিসমূহ দায়িত্বশীলভাৱে ব্যৱহাৰ কৰে আৰু নৈতিকতা, সৃষ্টিশীলতা তথা অন্তৰ্ভুক্তিৰ মাজত শিপাই থকা ব্যৱস্থা এটা গঢ়ি তোলে। এইদৰে ৱেভছ ২০২৫-এ ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাক পুনৰবাৰ প্ৰতীয়মান কৰিবলৈ সক্ষম হৈছে।
TEAM PIB WAVES 2025 Rajith/Lekshmi Priya/Poushali/Edgar/Nikhitha/CShekhar |DM
Release ID:
(Release ID: 2126123)
| Visitor Counter:
18