তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
“ মই বিশ্বাস কৰোঁ যে ৱেভছে ভাৰতৰ সৃষ্টিশীল বিষয়বস্তুক সমল হিচাবে লৈ বিশ্বক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক বিশেষ মঞ্চ হিচাবে পৰিগণিত হ’ব:” আল্লু অৰ্জুন
प्रविष्टि तिथि:
01 MAY 2025 9:48PM
|
Location:
PIB Guwahati
বৃহস্পতিবাৰে মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত শুভাৰম্ভ কৰা বিশ্ব অডিঅ’ ভিজুৱেল এণ্টাৰটেইনমেণ্ট ছামিট (ৱেভছ) ২০২৫ত বহু স্বনামধন্য অভিনেতা-অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰে৷ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনেও অনুষ্ঠানটোৰ জেউতি চৰায়৷ অভিনেতাগৰাকীৰ এগামনৰ লগে লগে যেন সপোনৰ চহৰখন অধিক উজ্জ্বল হৈ পৰিল। টিভি৯ নেটৱৰ্কৰ এমডি আৰু মুখ্য কাৰ্যবাহী সদস্য বৰুণ দাসে আঁত ধৰা ‘টেলেণ্ট বিয়ণ্ড বৰ্ডাৰছ’ শীৰ্ষক বহু প্ৰত্যাশিত ‘মত-বিনিময়’ অধিৱেশনখন এক অনন্য মাষ্টাৰক্লাছৰ দৰে হৈ পৰে৷ অনুষ্ঠানত উপস্থিত থাকি অভিনেতা আল্লু অৰ্জুনে এই শীৰ্ষ সন্মিলনক গল্প কথনৰ ক্ষেত্ৰত ভাৰতৰ উত্থানৰ সাক্ষ্য বুলি প্ৰশংসা কৰে।তেওঁ কয় 'ভাৰতত সংস্কৃতিৰ আত্মা নিহিত হৈ আছে।এতিয়া, আমাৰ ওচৰত এখন সুন্দৰ মঞ্চ আছে। মই বিশ্বাস কৰোঁ যে ৱেভছে ভাৰতৰ সৃষ্টিশীল বিষয়বস্তুক সমল হিচাবে লৈ বিশ্বক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক বিশেষ মঞ্চ হিচাবে পৰিগণিত হ’ব।”
পুষ্পা খ্যাত অভিনেতাগৰাকীয়ে তেওঁৰ জীৱন সলনি কৰা এক দুৰ্ঘটনাৰ কথা উল্লেখ কৰি ছমাহৰ বিৰতি ল'বলগীয়া হোৱাৰ বিষয়েও কয়। তেওঁ কয়, “সেই বিৰতি দৰাচলতে আছিল এক প্ৰকাৰৰ আশীৰ্বাদ। অভিনেতাগৰাকীয়ে কয় "ই মোৰ দৃষ্টিক অধিক প্ৰসাৰিত কৰিলে৷ ষ্টাণ্টৰ পৰা বাস্তৱলৈ মই বহু কথাই উপলব্ধি কৰিলো। মই উপলব্ধি কৰিলোঁ, পেশীবোৰ দুৰ্বল হোৱাৰ লগে লগে তাৰ শক্তি পুনৰ আয়ত্ত কৰিব লাগিব। অভিনয়কলৈ মই নতুনকৈ চিন্তা কৰাৰ অৱকাশ পালো ।"
অভিনেতাগৰাকীয়ে পৰিচালক এটলীৰ সৈতে তেওঁ কৰিবলগীয়া আগন্তুক প্ৰকল্পৰ কথা উল্লেখ কৰি ইয়াক “ভাৰতীয় আৱেগৰ সৈতে শিপাই থকা এক বিষয়” বুলি অভিহিত কৰে। তেওঁ কয় “আমি আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তিৰ সৈতে দেশৰ সাংস্কৃতিক আত্মাৰ মিলন ঘটাবলৈ প্ৰয়াস কৰিছো -- ভাৰতৰ বাবে আৰু ভাৰতৰ পৰা, বিশ্বলৈকে এখন ছবি বিয়পাই দিব বিচাৰিছো ,”৷ কথাখিনি কোৱাৰ সময়ত তেওঁৰ নয়নযুগল আবেগেৰে জলমলাই উঠে৷
আলোচনাকালত অভিনেতাগৰাকীয়ে নিত্য বিকাশশীল উদ্যোগ এটাত অস্তিত্ব ৰখাৰ ক্ষেত্ৰত আহি পৰা প্ৰত্যাহ্বানসমূহৰ বিষয়েও গভীৰভাৱে আলোকপাত কৰে। অভিনেতাগৰাকীয়ে এইবুলি পৰামৰ্শ দিয়ে ‘প্ৰতিটো ভাষাতে অসাধাৰণ প্ৰতিভাশালী অভিনেতা-অভিনেত্ৰীৰ উত্থান ঘটিছে।মাত্ৰ আপুনি সপ্ৰতিভ আৰু আস্থাশীল হৈ থাকিব লাগিব, সৃষ্টিৰ বাবে আগ্ৰহী হৈ থাকিব লাগিব আৰু বহুমুখী হ’ব লাগিব।’।তেওঁ কয় “এয়া কেৱল এটা উদ্যোগ নহয়, ই সৃষ্টিশীলতা, স্থিতিস্থাপকতা আৰু বিৱৰ্তনৰ এখন যুদ্ধক্ষেত্ৰ।”
তেওঁৰ অভিনয় জীনৱনৰ শিপাৰ কথা কওঁতে সমগ্ৰ প্ৰেক্ষাগৃহৰ দৰ্শকসকলে কেৱল মন্ত্ৰমুগ্ধ হৈ তেওঁৰ কথা শুনিছিল৷ অভিনেতাগৰাকীয়ে কোৱা প্ৰতিটো শব্দতে আছিল আবেগৰ প্ৰলেপ৷ অভিনেতা অৰ্জুনে তেওঁৰ বিখ্যাত পৰিয়ালটোৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি কয়: তেওঁৰ দাদা আল্লু ৰামলিংগিয়া, পিতৃ আৰু প্ৰযোজক আল্লু ৰবিন্দ আৰু তেওঁৰ ককাক তথা তেওঁৰ আজীৱন প্ৰেৰণা চিৰঞ্জীৱী। তেওঁ স্বীকাৰ কৰে “মই নিজে নিজে গঢ় লোৱা মানুহ নহয়৷ মোৰ চৌপাশৰ লোকসকলে মোক কৰা পথ প্ৰদৰ্শন, সমৰ্থন আৰু মহানতাৰে বাবেই মই আজি এই অৱস্থাত উপনীত হৈছো। মই ধন্য।”
তেওঁৰ শক্তি তথা জনপ্ৰিয়াৰ বিষয়ে সোধাত তেওঁ কয় যে এই সকলোবোৰ কেৱল তেওঁৰ অনুৰাগীৰ বাবেহে সম্ভৱ হৈছে। অনুৰাগীক উদ্দেশ্যি আবেগিক ভাবে তেওঁ কয় "যেতিয়া লাইটবোৰ নুমাই হৈ যায় আৰু হাতচাপৰি ম্লান পৰি যায়, তেতিয়া মোক তুলি লোৱা তুমিয়েই। মই কিয় এই কামটো কৰিব লাগে সেই কথাও সোঁৱৰাই দিয়া তুমিয়েই। মোৰ শক্তি... তুমিয়েই।"
উল্লেখ্য প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে মুম্বাইত উদ্বোধন কৰা ৱেভছ ২০২৫ ভাৰতৰ সৃষ্টিশীলতাৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে৷ **
Team PIB WAVES 2025 | Rajith/Poushali/Riyas/CShekhar |139
रिलीज़ आईडी:
2126041
| Visitor Counter:
33