তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
"কিংবদন্তী আৰু উত্তৰাধিকাৰ: ভাৰতৰ আত্মাক গঢ় দিয়া কাহিনীসমূহ" বিষয়ক আলোচনাৰে আৰম্ভ হ'ল ৱেভছ ২০২৫
“ৱেভছ ভাৰত চৰকাৰৰ এক সুন্দৰ পদক্ষেপ। ইয়াৰ অংশ হ’বলৈ পাই মই আনন্দিত হৈছো:” হেমা মালিনীয়ে
“মই কলাত্মক আৰু বাণিজ্যিক চিনেমাৰ মাজত পাৰ্থক্য নাৰাখো – গল্প কথনে মানুহক আকৰ্ষিত কৰে:” মোহনলাল
“শৈশৱৰ পৰাই অভিনয় মোৰ প্ৰথম প্ৰেমঃ” চিৰঞ্জীৱী
Posted On:
01 MAY 2025 4:32PM
|
Location:
PIB Guwahati
মুম্বাইৰ ঐতিহ্যমণ্ডিত জিঅ’ ৱৰ্ল্ড চেণ্টাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ৱৰ্ল্ড অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (WAVES) আৰম্ভ হয় "কিংবদন্তী আৰু উত্তৰাধিকাৰ: ভাৰতৰ আত্মাক গঢ় দিয়া কাহিনীসমূহ" শীৰ্ষক এক আকৰ্ষণীয় পেনেল আলোচনাৰ জৰিয়তে। গল্প কথন, সৃষ্টিশীলতা আৰু সাংস্কৃতিক উত্তৰাধিকাৰৰ বিষয়েৰে সমৃদ্ধ এই মনোমোহা আলোচনাত ভাৰতৰ চিনেমাৰ বহু নমস্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ উদ্বোধনী অনুষ্ঠানৰ এই পেনেল আলোচনাত বহু প্ৰশংসিত বিশিষ্ট ব্যক্তি – হেমা মালিনী, মোহনলাল আৰু চিৰঞ্জীৱীয়ে অংশগ্ৰহণ কৰে৷

ছুপাৰষ্টাৰ অক্ষয় কুমাৰে আঁত ধৰা এই অনুষ্ঠানত ভাষণ দি ড্ৰিম গাৰ্ল হেমা মালিনীয়ে কয় “এয়া ভাৰত চৰকাৰৰ এক সুন্দৰ পদক্ষেপ। ইয়াৰ অংশ হ’বলৈ পাই মই আনন্দিত হৈছো। প্ৰধানমন্ত্ৰী মোদীৰ কৃপাত – তেওঁৰ দৃষ্টিভংগী আৰু নেতৃত্বই ৱেভছক সমল সৃষ্টিকৰ্তা আৰু উদ্ভাৱকৰ বাবে এক উল্লেখযোগ্য মঞ্চ কৰি তুলিছে।” প্ৰখ্যাত মালয়ালম অভিনেতা মোহনলালে চিনেমাৰ বিৱৰ্তনশীল প্ৰকৃতিৰ বিষয়ত নিজৰ অন্তৰ্দৃষ্টি ব্যক্ত কৰে। তেওঁ কয় যে কলাত্মক চিনেমা আৰু মনোৰঞ্জন চিনেমাৰ মাজত ৰেখাডাল অতি পাতল কাৰণ কলাত্মক ছবিৰ মনোৰঞ্জন মূল্যও আছে। “মই কলাত্মক আৰু বাণিজ্যিক চিনেমাৰ মাজত পাৰ্থক্য নাৰাখো – কাহিনী কথনে মানুহক গতিশীল কৰি ৰাখে” অভিনেতাগৰাকী কয়। প্ৰবীণ অভিনেতা চিৰঞ্জীৱীয়ে তেওঁৰ চিনেমাৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰে, যিটো অদম্য আবেগ আৰু উৎকৃষ্টতাৰ অপৰিসীম সাধনাৰ দ্বাৰা চিহ্নিত হৈ আছে। এইক্ষেত্ৰত তেওঁৰ প্ৰাৰম্ভিক আকাংক্ষাৰ কথা কৈ তেওঁ কয়, ‘অভিনয় মোৰ শৈশৱৰ পৰাই প্ৰথম প্ৰেম। ছবিত অভিনয় কৰাৰ ইচ্ছাই মোক সদায় পৰিচালিত কৰিছিল।মই নিজকে অহৰহ সুধিছিলো—এজন ভাল অভিনেতা হ’বলৈ মই কি অনন্য গুণ আৰহণ কৰিব পাৰো?” তেওঁ দৃঢ়তাৰে কয়, ‘মই সদায় বিচাৰিছিলো যে দৰ্শকে মোক তেওঁলোকৰ কাষৰে ল’ৰা এজন হিচাপে চাওক।সেইবাবেই মই মোৰ অভিনয়ক যিমান পাৰি স্বাভাৱিক আৰু বাস্তৱসন্মত কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। তেওঁৰ এই যাত্ৰাত গতি প্ৰদান কৰা কিংবদন্তিসকলকো তেওঁ শ্ৰদ্ধাঞ্জলি জনায়৷ মিথুন চক্ৰৱৰ্তী, অমিতাভ বচ্চন, আৰু কমল হাছানৰ দৰে চিনেমাৰ নসম্য ব্যক্তিসকলে তেওঁক অভিনেতা হিচাপে গঢ় দিয়াত গভীৰ প্ৰভাৱ পেলোৱা বুলিও তেওঁ স্বীকাৰ কৰে।
* * *
PIB TEAM WAVES 2025 | Rajith/ Swadhin/ Lekshmipriya/ Darshana | DM
Release ID:
(Release ID: 2125852)
| Visitor Counter:
15