গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৫-২৬ বৰ্ষৰ বাবে কুঁহিয়াৰৰ এফআৰপি প্ৰতি কুইণ্টলত ₹৩৫৫ টকা নিৰ্ধাৰণ কৰাৰ লগতে মেঘালয়ৰ মাউলিংখুঙৰ পৰা অসমৰ পঞ্চগ্ৰামলৈ ফ’ৰলেন গ্ৰীণফিল্ড ৰাষ্ট্ৰীয় ঘাইপথত অনুমোদন জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে

মোদী চৰকাৰৰ এই সিদ্ধান্তই প্ৰায় ৫ কোটি কুঁহিয়াৰ খেতিয়ক আৰু তেওঁলোকৰ পৰিয়ালৰ লগতে চেনি কলত নিয়োজিত প্ৰায় ৫ লাখ শ্ৰমিকক উপকৃত কৰিব

কুঁহিয়াৰ খেতিয়কৰ সমৃদ্ধি আৰু তেওঁলোকৰ আয় বৃদ্ধিৰ প্ৰতি দায়বদ্ধ হৈ মোদীজীৰ এই সিদ্ধান্তই কৃষকৰ জীৱন আৰু অধিক উন্নত আৰু সহজ কৰি তুলিব

গৃহমন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত মোদী চৰকাৰে সদায় শীৰ্ষ অগ্ৰাধিকাৰ দি আহিছে

এই সিদ্ধান্তই পৰিবহণ ব্যৱস্থা সুৰক্ষিত আৰু নিৰৱচ্ছিন্ন কৰি ভাৰতৰ অষ্টলক্ষ্মীৰ বাবে উন্নয়নৰ এক নতুন দ্ৰুত পথ মুকলি কৰিব

Posted On: 30 APR 2025 8:21PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০২৫-২৬ বৰ্ষৰ বাবে কুঁহিয়াৰৰ এফ আৰ পি প্ৰতি কুইণ্টলত ৩৫৫ টকা নিৰ্ধাৰণ কৰি মেঘালয়ৰ মাউলিংখুঙৰ পৰা অসমৰ পঞ্চগ্ৰামলৈ ফ’ৰলেনযুক্ত গ্ৰীণফিল্ড ৰাষ্ট্ৰীয় ঘাইপথত অনুমোদন জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

এক্স প্লেটফৰ্মৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে কয় যে মোদী চৰকাৰে কুঁহিয়াৰ খেতিয়কক উপহাৰ দিয়াৰ এই সিদ্ধান্তই প্ৰায় ৫ কোটি কুঁহিয়াৰ খেতিয়ক আৰু তেওঁলোকৰ পৰিয়ালৰ লগতে চেনি কলত নিয়োজিত প্ৰায় ৫ লাখ শ্ৰমিকক উপকৃত কৰিব।

শ্ৰী অমিত শ্বাহে কয় যে কুঁহিয়াৰ খেতিয়কৰ সমৃদ্ধি আৰু তেওঁলোকৰ আয় বৃদ্ধিৰ প্ৰতি দায়বদ্ধ হৈ মোদীজীৰ এই সিদ্ধান্তই কৃষকৰ জীৱন আৰু অধিক উন্নত আৰু সহজ কৰি তুলিব।

আন এটা পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত মোদী চৰকাৰে সদায় সৰ্বোচ্চ অগ্ৰাধিকাৰ দি আহিছে। তেওঁ মেঘালয়ৰ মাউলিংখুঙৰ পৰা অসমৰ পঞ্চগ্ৰামলৈ ফ’ৰলেনযুক্ত গ্ৰীণফিল্ড ৰাষ্ট্ৰীয় ঘাইপথৰ অনুমোদন পোৱাৰ বাবে উত্তৰ-পূবৰ আমাৰ ভগ্নী ভাতৃ সকলক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী শ্বাহে কয় যে এই সিদ্ধান্তই পৰিবহণ ব্যৱস্থাক অধিক সুৰক্ষিত আৰু নিৰৱচ্ছিন্ন কৰি ভাৰতৰ অষ্টলক্ষ্মীৰ বাবে উন্নয়নৰ এক নতুন দ্ৰুত পথ মুকলি কৰিব। ঐতিহাসিক পৰিৱৰ্তন আনিব পৰা এই সিদ্ধান্তৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীক কৃতজ্ঞতা জ্ঞাপন কৰে।

*****

RK / VV / RR / PS


(Release ID: 2125814)