প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইলন মাস্কৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক প্ৰযুক্তি সহযোগিতাৰ সম্ভাৱনাত আলোকপাত কৰে
Posted On:
18 APR 2025 1:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী ইলন মাস্কৰ সৈতে এক ফলপ্ৰসূ বাৰ্তালাপত মিলিত হয় আৰু পাৰস্পৰিক স্বাৰ্থ বিজড়িত বিভিন্ন বিষয়ত আলোচনা কৰে। এই বছৰৰ আৰম্ভণিতে ৱাশ্বিংটন ডিচিত অনুষ্ঠিত তেওঁলোকৰ বৈঠকত সামৰি লোৱা বিষয়সমূহ আলোচনাত পুনৰ বিবেচনা কৰা হয়, প্ৰযুক্তিগত উন্নতিৰ বাবে অংশীদাৰী দৃষ্টিভংগীত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ অপৰিসীম সম্ভাৱনাৰ কথা উল্লেখ কৰে। তেওঁ এই ক্ষেত্ৰসমূহত অংশীদাৰিত্ব আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে।
তেওঁ ‘এক্স’ত এটা ‘পোষ্ট’ত লিখিছিল:
“ইলন মাস্কৰ সৈতে বাৰ্তালাপ কৰিলোঁ আৰু বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰিলোঁ, যাৰ ভিতৰত আছে এই বছৰৰ আৰম্ভণিতে ৱাশ্বিংটন ডিচিত আমাৰ বৈঠকত আমি সামৰি লোৱা বিষয়সমূহ। আমি প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ অপৰিসীম সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিছিলোঁ। ভাৰতে এই ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে আমাৰ অংশীদাৰিত্ব আগবঢ়াই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।"
***
MJPS/SR/KB
(Release ID: 2123107)
Visitor Counter : 21
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam