গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

I4C য়ে ধৰ্মীয় প্ৰতিষ্ঠান আৰু পৰ্যটন সেৱাৰ নামত হৈ থকা অনলাইন বুকিং জালিয়াতিৰ বিষয়ে জনসাধাৰণক সতৰ্ক কৰে

Posted On: 19 APR 2025 10:50AM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (I4C)য়ে জনসাধাৰণক অনলাইন বুকিং জালিয়াতিৰ বিষয়ে সতৰ্ক কৰি দিছে। বিশেষকৈ এনে বিষয়সমূহক লৈ সতৰ্ক কৰা হৈছে, য’ত দেশত ধৰ্মীয় তীৰ্থযাত্ৰী আৰু পৰ্যটকক লক্ষ্য কৰি লোৱা হৈছে। ভুৱা ৱেবছাইট, বিভ্ৰান্তিকৰ ছ’চিয়েল মিডিয়া পেজ, ফেচবুক পোষ্ট আৰু গুগলৰ দৰে চাৰ্চ ইঞ্জিনত পেইড বিজ্ঞাপন আদিৰ জৰিয়তে এই প্ৰৱঞ্চনা সংঘটিত হৈ আছে।

এই কেলেংকাৰীসমূহত পেছাদাৰী চেহেৰাৰ কিন্তু ভুৱা ৱেবছাইট, ছ’চিয়েল মিডিয়া প্ৰফাইল আৰু হোৱাটছএপ একাউণ্ট তৈয়াৰ কৰি তলত দিয়া সেৱাসমূহ প্ৰদান কৰাহয়:

  • কেদাৰনাথ, চাৰ ধামৰ বাবে হেলিকপ্টাৰ বুকিং
  • তীৰ্থযাত্ৰীৰ বাবে অতিথিশালা আৰু হোটেল বুকিং
  • অনলাইন কেব/টেক্সি সেৱা বুকিং
  • ছুটীৰ পেকেজ আৰু ধৰ্মীয় ভ্ৰমণ

সন্দেহহীন লোকে এই পৰ্টেলসমূহৰ জৰিয়তে ধন পৰিশোধ কৰাৰ পিছত, প্ৰায়ে তেতিয়া প্ৰৱঞ্চিত হোৱা বুলি তেওঁলোকে উপলব্ধি কৰে যেতিয়া বুকিং বা সেৱাৰ কোনো নিশ্চয়তা লাভ নকৰে আৰু যোগাযোগৰ বাবে প্ৰদান কৰা নম্বৰসমূহ লাভ কৰিব নোৱৰা (Unreachable) হৈ পৰে।

মানুহক অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে:

১। যিকোনো ধৰণৰ ধন পৰিশোধ কৰাৰ আগতে সদায় ৱেবছাইটৰ সত্যতা পৰীক্ষা কৰক।

২। গুগল, ফেচবুক বা হোৱাটছএপত “sponsored” বা অজ্ঞাত লিংকত ক্লিক কৰাৰ আগতে পৰীক্ষা কৰক।

৩। বুকিং কেৱল আনুষ্ঠানিক চৰকাৰী পৰ্টেল বা বিশ্বাসযোগ্য ট্ৰেভেল এজেন্সীৰ জৰিয়তেহে কৰক।

৪। এনে ৱেবছাইটসমূহৰ বিষয়ে তৎক্ষণাত ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল: www.cybercrime.gov.in ত ৰিপৰ্ট কৰক বা কোনো ধৰণৰ জালিয়াতিৰ ক্ষেত্ৰত ১৯৩০ নম্বৰত ফোন কৰক।

৫। কেদাৰনাথ হেলিকপ্টাৰ বুকিং https://www.heliyatra.irctc.co.in ৰ জৰিয়তে কৰিব পাৰিব।

৬। সোমনাথ ট্ৰাষ্টৰ আনুষ্ঠানিক ৱেবছাইট হৈছে https://somnath.org আৰু ইয়াৰ জৰিয়তে অতিথিশালা বুকিং কৰিব পাৰিব।

এই কেলেংকাৰীসমূহ ৰোধ কৰিবলৈ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই বহুমুখী কৌশল গ্ৰহণ কৰিছে:

  • কেলেংকাৰী সংকেত বিনিময় (Scam Signal Exchange)– সক্ৰিয় ধৰা পেলোৱাৰ বাবে নিয়মিতভাৱে গুগল, হোৱাটছএপ, ফেচবুকৰ দৰে আই টি মধ্যস্থতাকাৰীৰ সৈতে কেলেংকাৰী সংকেত শ্বেয়াৰ কৰা হৈছে।
  • বলবৎকৰণ (Enforcement) – চাইবাৰ অপৰাধৰ হটস্পট চিনাক্ত কৰা হৈছে আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সংবেদনশীল কৰা হৈছে।
  • চাইবাৰ পেট্ৰ’লিং (Cyber Patrolling) – নাগৰিকক সুৰক্ষা দিবলৈ ভুৱা ৱেবছাইট/বিজ্ঞাপনৰ প্ৰৱেশ আৰু ছ’চিয়েল মিডিয়া একাউণ্টৰ ছদ্মবেশ অক্ষম কৰা হৈছে।
  • সন্দেহযুক্ত পৰীক্ষা আৰু প্ৰতিবেদন (Suspect Checking and Reporting) - ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেলত সন্দেহযুক্তৰ পৰীক্ষা আৰু প্ৰতিবেদনৰ সুবিধা বিকশিত কৰা হৈছে যাতে প্ৰতিবেদন অৰ্থাৎ অভিযোগ দাখিল কৰাত কোনো সমস্যা নহয়।

**********

RK/VV/RR/PR/PS


(Release ID: 2122927)