প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

১৪ বছৰ পূৰ্বে শপত গ্ৰহণ কৰা শ্ৰী ৰামপাল কাশ্যপক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 14 APR 2025 7:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ যমুনা নগৰত কাইথালৰ শ্ৰী ৰামপাল কাশ্যপক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে জানি আনন্দিত হয় যে শ্ৰী কাশ্যপে ১৪বছৰ পূৰ্বে শপত লৈছিল যে নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰধানমন্ত্ৰীক লগ নোপোৱালৈকে জোতা নিপিন্ধে। তেওঁ নাগৰিকসকলক সামাজিক কাম-কাজ আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ সৈতে জড়িত অৰ্থপূৰ্ণ কামত জোৰ দিবলৈ আহ্বান জনায়।

এক্সৰ পৃথক পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখে-

“যমুনানগৰত আজিৰ ৰাজহুৱা সভাত মই কাইথালৰ শ্ৰী ৰামপাল কাশ্যপ জীক লগ পালো। তেওঁ ১৪ বছৰ আগতে শপত লৈছিল যে মই প্ৰধানমন্ত্ৰী হোৱাৰ লগতে মোক লগ পোৱাৰ পিছতহে তেওঁ জোতা পিন্ধিব।

ৰামপাল জীৰ দৰে মানুহৰ আগত প্ৰণাম কৰি তেওঁলোকৰো মৰম মানি লওঁ, কিন্তু এনে শপত গ্ৰহণ কৰা সকলোকে অনুৰোধ জনাওঁ যে আপোনালোকৰ মৰমৰ শলাগ লৈছো...সমাজ কাম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ লগত জড়িত কিবা এটাত মনোনিৱেশ কৰক!”

“‘আজি হাৰিয়ানাৰ যমুনানগৰত কাইথালৰ ৰামপাল কাশ্যপ জীক লগ পোৱাৰ সৌভাগ্য হ’ল।১৪ বছৰ পূৰ্বে তেওঁ এটা প্ৰতিজ্ঞা কৰিছিল যে ‘মোদী প্ৰধানমন্ত্ৰী নোহোৱালৈকে আৰু তেওঁক লগ নোপোৱালৈকে মই জোতা নিপিন্ধো।’ আজি তেওঁক জোতা পিন্ধাবলৈ সুযোগ পাইছো।এনে সকলো বন্ধুৰ আৱেগক মই সন্মান কৰো, কিন্তু তেওঁলোকক অনুৰোধ জনাও যে এনে শপত লোৱাৰ পৰিৱৰ্তে তেওঁলোকে কোনো সামাজিক বা ৰাষ্ট্ৰহিতৰ কামৰ বাবে শপত লওক।”

https://x.com/narendramodi/status/1911756643777618032?s=46

https://x.com/narendramodi/status/1911755163636736002?s=46

***

MJPS/SR/DB


(Release ID: 2122534)