গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মধ্যপ্ৰদেশৰ নীমুচত চি আৰ পি এফ দিৱস পেৰেড-২০২৫ সম্বোধন কৰে

দেশৰ নিৰাপত্তাৰ বাবে তেওঁলোকৰ সৰ্বোচ্চ ত্যাগৰ কথা স্মৰণ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কৃতজ্ঞ ৰাষ্ট্ৰৰ হৈ ২,২৬৪ গৰাকী চি আৰ পি এফ জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰই চি এ পি এফসকলৰ বাবে কেইবাটাও কল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰিছে

চি আৰ পি এফৰ জোৱানসকলে দেশৰ একতা আৰু অখণ্ডতা বৰ্তাই ৰাখিবলৈ সৰ্বোচ্চ ত্যাগ কৰি আহিছে
চি আৰ পি এফৰ কোব্ৰা বেটেলিয়ন দেখি নক্সালবাদীসকল আতংকিত হৈ উঠে

চি আৰ পি এফৰ বাবেই পশুপতিনাথৰ পৰা তিৰুপতিলৈকে ৰক্ত সন্ত্ৰাস বিয়পোৱাৰ সপোন দেখা নক্সালসকল আজি ৪ খন জিলাত সীমাবদ্ধ হৈ পৰিছে

দেশক নক্সালবাদৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত চি আৰ পি এফে সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব

বিগত ৫ বছৰত চি আৰ পি এফে নক্সালবাদ প্ৰভাৱিত অঞ্চলসমূহত ৪০০ৰো ফৰৱাৰ্ড অপাৰেচন শিবিৰ স্থাপন কৰিছে, যাৰ ফলত ১০ বছৰত নক্সাল-জড়িত হিংসা ৭০ শতাংশতকৈও অধিক হ্ৰাস পাইছে

Posted On: 17 APR 2025 3:41PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি মধ্যপ্ৰদেশৰ নীমুচত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) দিৱসৰ পেৰেডত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড0 মোহন যাদৱ আৰু চি আৰ পি এফৰ সঞ্চালকপ্ৰধানকে ধৰি বহু গণ্য-মান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত আছিল।

নিজৰ ভাষণত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে দেশৰ নিৰাপত্তাৰ স্বাৰ্থত ২,২৬৪ গৰাকী চি আৰ পি এফ জোৱানে আগবঢ়োৱা সৰ্বোচ্চ ত্যাগৰ কথা স্মৰণ কৰে আৰু কৃতজ্ঞ ৰাষ্ট্ৰৰ হৈ তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰত প্ৰতিটো ক্ষেত্ৰতে বিশ্বৰ নেতা হোৱাৰ দিশে আগবাঢ়িছে আৰু ছহিদ চি আৰ পি এফ জোৱানসকলৰ ত্যাগে এই লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছে। শ্ৰী শ্বাহে কয় যে চি আৰ পি এফৰ ছহিদসকলৰ সাহসিকতাৰ অমৰ কাহিনী স্বাধীনতাৰ ১০০ বছৰৰ সোণালী কিতাপত সোণালী আখৰত লিপিবদ্ধ কৰা হ'ব। তেওঁ কয় যে চি আৰ পি এফৰ জোৱানসকলে দেশৰ একতা আৰু অখণ্ডতা বৰ্তাই ৰাখিবলৈ সদায় সৰ্বোচ্চ ত্যাগ কৰি আহিছে। সেয়েহে অশান্ত অঞ্চলসমূহত চি আৰ পি এফৰ জোৱানসকলৰ উপস্থিতিয়ে তেওঁলোক নিশ্চিতভাৱে বিজয়ী হ'ব বুলি আত্মবিশ্বাস গঢ়ি তোলে।

শ্ৰী অমিত শ্বাহে কয় যে ২০১৯ চনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন হোৱাৰ পিছত এইবুলি সিদ্ধান্ত লোৱা হৈছে যে দেশৰ বিভিন্ন প্ৰান্তত নিৰাপত্তা বাহিনীসমূহৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব। এই সিদ্ধান্তৰ অধীনত আজি নীমুচত চি আৰ পি এফৰ এই বাৰ্ষিক কুচকাৱাজৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে চি আৰ পি এফৰ অৱদানক দেশৰ নিৰাপত্তাৰ পৰা পৃথক কৰিব নোৱাৰি। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়া, উত্তৰ-পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখা অথবা নক্সালসকলৰ কাৰ্যকলাপ কেৱল চাৰিখন জিলাত সীমাবদ্ধ কৰা আদি সকলোবোৰ ক্ষেত্ৰতে আমাৰ চি আৰ পি এফৰ জোৱানসকলে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে ১৯৩৯ চনত ক্রাউন প্ৰতিনিধি আৰক্ষীৰ নামত চি আৰ পি এফ গঠন কৰা হৈছিল। এই বাহিনীক বৰ্তমানৰ নতুন ৰূপ আৰু পতাকা প্ৰদানৰ কাম দেশৰ প্ৰথমগৰাকী গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে কৰিছিল। তেওঁ কয় যে চৰ্দাৰ পেটেলে কেৱল চি আৰ পি এফ প্ৰতিষ্ঠা কৰা আৰু ইয়াক পতাকা প্ৰদান কৰাই নহয়, ইয়াৰ চনদ স্পষ্টভাৱে চিনাক্ত কৰাৰ কামো কৰিছিল। চৰ্দাৰ পেটেলৰ পথ অনুসৰণ কৰি চি আৰ পি এফে এক দীঘলীয়া গৌৰৱোজ্জ্বল যাত্ৰা সম্পূৰ্ণ কৰিছে। তেওঁ কয় যে আজি দেশৰ শান্তি আৰু নিৰাপত্তাৰ বাবে ২৪৮ টা বেটালিয়ন, ৪ টা আঞ্চলিক মুখ্য কাৰ্যালয়, ২১ টা খণ্ডৰ মুখ্য কাৰ্যালয়, ২ টা কাৰ্য্যকৰী খণ্ডৰ মুখ্য কাৰ্যালয়, ১৭ টা ৰেঞ্জ আৰু ৩৯ টা প্ৰশাসনিক ৰেঞ্জত প্ৰায় ৩ লাখ চি আৰ পি এফ জোৱান মোতায়েন কৰা হৈছে। শ্ৰী শ্বাহে কয় যে চি আৰ পি এফে কেৱল ভাৰততে নহয়, বৰং বিশ্বৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনী হোৱাৰ গৌৰৱ অৰ্জন কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে স্বাধীনতাৰ ৭৬ বছৰীয়া ইতিহাসত চি আৰ পি এফে দেশৰ সন্মান আৰু গৌৰৱ ৰক্ষা কৰাৰ বহুতো ঘটনাৰ সাক্ষী হৈ ৰৈছে। তেওঁ কয় যে ১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখৰ হট স্প্ৰিঙত চীনা সেনাৰ সৈতে যুঁজি থকাৰ সময়ত চি আৰ পি এফৰ জোৱানসকল ছহিদ হৈছিল আৰু সেয়েহে দেশৰ সকলো আৰক্ষী বাহিনীয়ে প্ৰতি বছৰে ২১ অক্টোবৰৰ দিনটো আৰক্ষী স্মৃতি দিৱস হিচাপে উদযাপন কৰে। তেওঁ কয় যে ২০১৮ চনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে শ্বহীদ আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চি এ পি এফ) স্মৃতিত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক নিৰ্মাণ কৰি হট স্প্ৰিঙৰ ছহিদসকলক গৌৰৱেৰে অমৰ কৰি তুলিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ১৯৬৫ চনত কুচ্চৰ ৰাণৰ চৰ্দাৰ পোষ্টত চি আৰ পি এফৰ জোৱানসকলক নিযুক্তি দিয়া হৈছিল, যিয়ে পাকিস্তানী সেনাক উপযুক্ত প্ৰত্যুত্তৰ দিছিল আৰু সেয়েহে প্ৰতি বছৰে ৯ .এপ্ৰিলত সমগ্ৰ দেশে শৌৰ্য দিৱস উদযাপন কৰে। তেওঁ কয় যে ২০০১ চনত আমাৰ গণতন্ত্ৰৰ প্ৰতীক সংসদ ভৱনত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল যিটো চিআৰপিএফৰ দ্বাৰা নিষ্ক্ৰিয় কৰা হৈছিল। একেদৰে, ২০০৫ চনত শ্ৰীৰাম জন্মভূমিৰ ওপৰতো সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল আৰু চিআৰপিএফে এই আক্ৰমণটো বিফল কৰি মন্দিৰটো সুৰক্ষিত কৰি ৰাখিছিল। শ্ৰী শ্বাহে কয় যে পশুপতিনাথৰ পৰা তিৰুপতিলৈকে ৰক্ত সন্ত্ৰাস বিয়পোৱাৰ সপোন দেখা নক্সালবাদীসকল আজি ৪খন জিলাত সীমাবদ্ধ হৈ আছে, ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ অৱদান হৈছে চিআৰপিএফৰ। তেওঁ কয় যে চিআৰপিএফৰ আটাইতকৈ ডাঙৰ ভূমিকা আৰু অৱদান হ"ব দেশক নক্সালবাদৰ পৰা মুক্ত কৰা। চি. আৰ. পি. এফ.ৰ কোব্ৰা বেটালিয়ন আহি থকা দেখি ভয়তে নক্সালবাদীসকল আতংকিত হৈ পৰেতেওঁ কয় যে কোব্ৰা বেটালিয়নৰ নেতৃত্বত আন চিআৰপিএফ জোৱানসকলে নক্সালবাদ নিৰ্মূল কৰাৰ ক্ষেত্ৰত এক বৃহৎ অৱদান আগবঢ়াইছে। গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা নক্সালবাদ চিৰদিনৰ বাবে নিৰ্মূল কৰা হ'ব আৰু চিআৰপিএফৰ শক্তিৰ ভিত্তিতে এই লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পিছত কাশ্মীৰত শান্তি বৰ্তাই ৰখাৰ বাবেই হওক বা প্ৰতিটো নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ বাবেই হওক, চিআৰপিএফ জোৱানসকলে সকলো ঠাইতে প্ৰকৃত সহৃদয়তাৰে তেওঁলোকৰ কৰ্তব্য পালন কৰিছে। তেওঁ কয় যে ৩৭০ নং অনুচ্ছেদ বাতিলৰ পিছত কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সেই সময়ত জনসাধাৰণৰ বহু ধৰণৰ আশংকা আছিল, কিন্তু আমাৰ চি আৰ পি এফ আৰু অন্যান্য নিৰাপত্তা বাহিনীয়ে নিৰাপত্তা নিশ্চিত কৰিছিল আৰু এটাও বুথ লুণ্ঠনৰ বা এটাও গুলী চলোৱাৰ কোনো খবৰ পোৱা নাছিল। শ্ৰী শ্বাহে কয় যে এইটো এটা অতি ডাঙৰ কৃতিত্বতেওঁ কয় যে যোৱা বছৰত চিআৰপিএফে নক্সাল প্ৰভাৱিত অঞ্চলসমূহত ৪০০ৰো অধিক ফৰৱাৰ্ড অপাৰেটিং শিবিৰ স্থাপন কৰিছে আৰু ইয়াৰ ফলত ১০ বছৰত নক্সাল-জড়িত হিংসা ৭০ শতাংশতকৈও অধিক হ্ৰাস পাইছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে চি আৰ পি এফৰ জোৱানসকলে শ্ৰীলংকা, হাইটি, কছোভো আৰু লাইবেৰিয়াসহ বহু ঠাইত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ অধীনত শান্তি স্থাপনৰ বাবে কাম কৰিছে। তেওঁ কয় যে এতিয়ালৈকে চি. আৰ. পি. এফে মুঠ ২৭০টা বিভিন্ন পদক লাভ কৰিছে যিটো সকলো চি. এ. পি. এফৰ ভিতৰত সৰ্বাধিক। তেওঁ কয় যে অমৰনাথ যাত্ৰা, মাতা বৈষ্ণো দেৱী যাত্ৰা, ৰাম জন্মভূমিৰ নিৰাপত্তা, কৃষ্ণ জন্মভূমিৰ নিৰাপত্তা বা মহাকুম্ভৰ অনুষ্ঠান যিয়েই নহওক, চিআৰপিএফৰ জোৱানসকলে সকলো ঠাইতে আইন-শৃংখলা বৰ্তাই ৰখাত তেওঁলোকে সম্পূৰ্ণ প্ৰচেষ্টাৰে অৰিহণা যোগাই আহিছে।

শ্ৰী অমিত শ্বাহে কয় যে চি আৰ পি এফে স্বচ্ছ ভাৰত, হৰ ঘৰ তিৰংগা, এক ভাৰত শ্ৰেষ্ঠ ভাৰত, স্বচ্ছতা হি সেৱা, এক পেড় মা কে নামৰ দৰে বহুতো অভিযান অতি ভালদৰে ৰূপায়ণ কৰিছে আৰু লগতে প্ৰমাণ কৰিছে যে চি আৰ পি এফে দেশ আৰু সমাজৰ বাবে কাম কৰিবলৈ সদায় সতৰ্ক অৱস্থাত থাকে। তেওঁ কয় যে সকলো চি. এ. পি. এফে যোৱা ৫ বছৰত ৫ কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই অভিযানৰ অধীনত তেওঁ নিজেই গুৰুগ্ৰামৰ চি. আৰ. পি. এফ. গ্ৰুপ চেণ্টাৰত প্ৰথমটো গছপুলি ৰোপণ কৰিছিল, চি. আৰ. পি. এফ. নান্দেড় শিবিৰত এক কোটি গছ ৰোপণ কৰা হৈছিল, উত্তৰ প্ৰদেশৰ চি. আৰ. পি. এফ. শিবিৰত চাৰি কোটি গছপুলি ৰোপণ কৰা হৈছিল  আৰু আজি ৬ কোটিৰো অধিক গছপুলি ৰোপণ কৰি সকলো চি. এ. পি. এফে পৰিৱেশৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে কাম কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে সকলো চি. এ. পি. এফ.ৰ কল্যাণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে দেশৰ ৭টা দূৰৱৰ্তী অঞ্চলত এয়াৰ কুৰিয়াৰ সেৱা আৰম্ভ কৰা হৈছে আৰু শেহতীয়াকৈ ভাৰত চৰকাৰেও দৰমহা আৰু ভাট্টাসমূহৰ নিৰন্তৰ উন্নতিৰ বাবে অষ্টম দৰমহা আয়োগ ঘোষণা কৰিছে। তেওঁ কয় যে ৪২ লাখতকৈও অধিক আয়ুষ্মান চি. এ. পি. এফ. কাৰ্ড প্ৰদান কৰা হৈছে যাৰ অধীনত আজি চি. এ. পি. এফ. কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে হাজাৰ হাজাৰ চিকিৎসালয় উপলব্ধ। তেওঁ কয় যে গৃহ নিৰ্মাণ আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ সন্তুষ্টিৰ অনুপাত প্ৰায় ৯.৫ শতাংশ বৃদ্ধি পাইছে, চি. এ. পি. এফ.ৰ ই-হাউছিং ৱেব প'ৰ্টেল মুকলি কৰি ৬.৫ লাখ চি. এ. পি. এফ. কৰ্মচাৰীক খালী ঘৰ প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে আৰু এক লাখৰো অধিক ঘৰ আবণ্টন কৰা হৈছে। তেওঁ কয় যে এতিয়া মহিলাসকলকো এই বাহিনীত নিযুক্তি দিয়া হৈছে আৰু তেওঁলোকৰ বাবে ১২৪টা বেৰেক অনুমোদন কৰা হৈছে, যাৰ ভিতৰত ১০৯টা নিৰ্মাণ কৰা হৈছে আৰু গৃহ মন্ত্ৰালয়ে নতুনকৈ ৪৫০টা বেৰেক নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী বৃত্তি আঁচনিৰ অধীনত চি. এ. পি. এফ.ৰ কৰ্মচাৰীসকলৰ সন্তানসকলক শৈক্ষিক সুবিধা প্ৰদান কৰা হৈছে, কেন্দ্ৰীয় অনুগ্ৰহমূলক ধনৰাশি বৈজ্ঞানিক কৰা হৈছে, অক্ষমতাৰ অনুগ্ৰহমূলক ধনৰাশি ৫০ শতাংশ বৃদ্ধি কৰা হৈছে আৰু কেন্দ্ৰীয় আৰক্ষী কল্যাণ ষ্ট"ৰসমূহকো ১১৯ টা মাষ্টাৰ ষ্ট"ৰ আৰু ১৭৯৪ টা উপ-ষ্ট"ৰৰ জৰিয়তে অধিক জনমুখী কৰি তোলা হৈছে।

 

*****

RK/VV/PR/PS/NB/KD


(Release ID: 2122522) Visitor Counter : 25