WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

সৃষ্টিশীলতা আৰু অনুৰাগী সংস্কৃতিৰ এক উদযাপন- ৱেভছ কচপ্লে প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগীসকলৰ নাম ঘোষণা কৰা হৈছে

 Posted On: 16 APR 2025 2:01PM |   Location: PIB Guwahati

 যোৱা শনিবাৰে মাইণ্ডস্পেচ ছ’চিয়েলত অনুষ্ঠিত হোৱা ৱৰ্ল্ড অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট সন্মিলন (ৱেভছ) কচপ্লে প্ৰতিযোগিতাৰ সাক্ষাৎকাৰৰ সময়ত হায়দৰাবাদ চহৰত সৃষ্টিশীলতা আৰু অনুৰাগীৰ বিস্ফোৰণ দেখা গৈছিল। এম ই এ আই, ইণ্ডিয়ান কমিক্স এছ’চিয়েশ্যনআৰু ক্ৰিয়েটাৰ্ছ ষ্ট্ৰীটৰ দ্বাৰা আয়োজিত,এপিকো-কনৰ দ্বাৰা পৰিচালিত তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, টিভিএজিএ আৰু ফৰবিডেন ভাৰ্চৰ সহযোগিতাত আয়োজিতঅনুষ্ঠানটোৱে বৃহৎ সফলতা লাভ কৰে, যি সপ্তাহটোৰ অন্তত কচপ্লে সম্প্ৰদায় আৰু এনিমে ফ’ৰামত এক বহুল প্ৰচলিত বিষয় হৈ পৰিছিল।

সমগ্ৰ হায়দৰাবাদ আৰু মুম্বাইতধাৰাবাহিকভাৱে চলা উচ্চ-পৰ্যায়ৰ বৈঠকৰ পাছতআয়োজকসকলে ৱেভছ কচপ্লে প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ত স্থান লাভ কৰা ২৯গৰাকী আটাইতকৈ প্ৰতিভাশালী কচপ্লেয়াৰক বাচনি কৰে। এই চূড়ান্ত প্ৰতিযোগীসকলে ৱেভছ ২০২৫-ৰ সময়ত ক্ৰিয়েটোস্ফিয়েৰত তেওঁলোকৰ দক্ষতা আৰু সৃষ্টিশীলতা প্ৰদৰ্শন কৰিব।

ফৰবিডেন ভাৰ্চৰ প্ৰতিষ্ঠাপক আৰু কচপ্লে ইভেণ্টৰ আয়োজকসকলৰ মাজৰ অন্যতম অজয় কৃষ্ণই কয় যে এই প্ৰতিযোগিতাক আন প্ৰতিযোগিতাৰ পৰা পৃথক কৰাৰ কাৰণ হ’ল ইয়াক বিশেষভাৱে ভাৰতীয় পৌৰাণিক কাহিনী আৰু জনপ্ৰিয় সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে ডিজাইন কৰা হৈছে।

ৱেভছৰ মূল প্ৰতিযোগিতাৰ পূৰ্বে পৰৱৰ্তী অনুষ্ঠানহৈছে অহা ১৯এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া মুম্বাই ৱাইল্ডকাৰ্ড মিটআপ। এই অনুষ্ঠানৰ যোগেৰে কিছু সংখ্যক প্ৰতিযোগীক ৱাইল্ডকাৰ্ড যোগে চূড়ান্ত পৰ্য্যায়ত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত কৰা হ'ব, যি অপ্ৰত্যাশিত প্ৰতিভা কঢ়িয়াই আনিব আৰু প্ৰতিযোগিতাখনক সম্পূৰ্ণ নতুন স্তৰলৈ উন্নীত কৰিব। বিস্ময়, তীব্ৰতা আৰু বিশ্বমানৰ কচপ্লেৰে ভৰা এখন প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি হওক!

চূড়ান্ত প্ৰতিযোগীঃ

 

১.কাইজাদ শেশ্ববৰাদৰণ-মুম্বাই

২.পুনিত ভি-বেংগালুৰু

৩.শ্বেইখ সমীৰ কালিম-লাটুৰ

৪.তেজল সঞ্জয় মুলিক-মুম্বাই

৫. অনুপ ভাটিয়া-পুনে

৬.নৱদীপ সিং পান্নু-মুম্বাই

৭. আকাশী গৌতম-লক্ষ্ণৌ

৮. আদিত্য কালেবেৰে-পুনে

৯.স্বৰাজ কালেবেৰে-পুনে

১০.শ্ৰীহৰ্ষ নৰৱাড়ে-পুনে

১১.বিবেক দিলীপ মানে-পুনে

১২. ঈশা যোশী-মুম্বাই

১৩.কেদাৰ পণ্ডিত-মুম্বাই

১৪.আৰ্চি দেউৰী-গুৱাহাটী

১৫.মাৰ্ছি দেউৰী-গুৱাহাটী

১৬.মহম্মদ পিয়াল শ্বেইখ-মুম্বাই

১৭. প্ৰণয় পানপাটিল-মুম্বাই

১৮.গৌৰৱ বিশ্বকৰ্মা-পুনে

১৯.অখিল-হায়দৰাবাদ

২০.ষ্টায়া-হায়দৰাবাদ

২১.নুপুৰ মুণ্ডা-হায়দৰাবাদ

২২নক্ষত্ৰ-হায়দৰাবাদ

২৩.ৰুচিৰা কৰোলিন-হায়দৰাবাদ

২৪.সোণালী-হায়দৰাবাদ

২৫.নীৰজ কুমাৰ-হায়দৰাবাদ

২৬. শ্ৰাৱনী-হায়দৰাবাদ

২৭. অখিল চি এইচ-হায়দৰাবাদ

২৮.নয়না ছাই শ্ৰী-হায়দৰাবাদ

২৯.লীলাধৰ-হায়দৰাবাদ

চূড়ান্ত প্ৰতিযোগীসকলক তেওঁলোকৰ শিল্পকলা, মৌলিকতা, প্ৰদৰ্শন আৰু চৰিত্ৰৰ সত্যতাৰ প্ৰতি সমৰ্পণৰ ওপৰত ভিত্তি কৰি বাছনি কৰা হৈছিল।

 

ৱেভছৰ বিষয়ে

মিডিয়া আৰু মনোৰঞ্জন খণ্ডৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হোৱা প্ৰথমখন বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট সন্মিলন ভাৰত চৰকাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত ২০২৫ চনৰ ১ মে’ ৰ পৰা ৪মে’লৈকে আয়োজন কৰিব।

আপুনি উদ্যোগৰ ক্ষেত্ৰখনত পেছাদাৰী, বিনিয়োগকাৰী, সৃষ্টিকৰ্তা বা উদ্ভাৱক হওক, এইসন্মিলনখনেএম এণ্ড ই দৃশ্যপটত সংযোগ, সহযোগিতা, উদ্ভাৱন আৰু অৰিহণা যোগাবলৈ চূড়ান্ত বিশ্বব্যাপী মঞ্চ প্ৰদান কৰিব।

ৱেভছহৈছে সমল সৃষ্টি, বৌদ্ধিক সম্পত্তি আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ইয়াৰ স্থিতি বৃদ্ধি কৰাৰ বাবে ভাৰতৰ সৃষ্টিশীল শক্তিক বিৱৰ্ধিত কৰাৰ এক সংহতি। উদ্যোগ আৰু গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিণ্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল এফেক্টছ, গেমিং, কমিক্স, ছাউণ্ড আৰু সংগীত, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ’চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ কৃত্ৰিম বুদ্ধিমত্তা, আগুমেণ্টেড ৰিয়েলিটি(এ আৰ), ভাৰ্চুৱেল ৰিয়েলিটি(ভিআৰ) আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এক্স আৰ)। 

* * *

PIB TEAM WAVES 2025 | RiyasBabu/ Darshana | 94/MK


Release ID: (Release ID: 2122114)   |   Visitor Counter: 26