তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ৱেভছ ২০২৫ - থিম মিউজিক প্ৰতিযোগিতা, ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জৰ বিজয়ীসকলৰ নাম ঘোষণা
Posted On:
11 APR 2025 6:34PM by PIB Guwahati
ভাৰতীয় সংগীত উদ্যোগৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৩২ টা ৱেভছ - ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জৰ ধাৰাবাহিকৰ ভিতৰত অন্যতম থিম মিউজিক প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। ২০২৫ চনৰ ০১ মে’ৰ পৰা ০৪ মে’লৈ মুম্বাইত অনুষ্ঠিত হ’ব প্ৰথম বিশ্ব অডিঅ’ এণ্ড ভিডিঅ’ এণ্টাৰটেইনমেণ্ট ছামিট (WAVES 2025)।ভাৰতৰ বৈচিত্ৰ্যময় সংগীত প্ৰতিভাক আলোকপাত কৰিবলৈ আয়োজন কৰা এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিকে অংশগ্ৰহণ কৰে। প্ৰতিযোগীসকলৰ মৌলিকতা, সংগীতৰ মধুৰতা আৰু ৱেভছ থিমৰ সৈতে মিল থকা আদি বিষয়ৰ মূল্যায়নৰ পিছত এটা বিশিষ্ট জুৰীয়ে ছজন বিজয়ীক নিৰ্বাচন কৰে। প্ৰতিযোগিতাখনৰ জুৰীৰ ভিতৰত আছিল ভাৰতীয় সংগীত জগতৰ বিখ্যাত ব্যক্তি: সোমেশ কুমাৰ মাথুৰ – হিন্দুস্তানী শাস্ত্ৰীয় কণ্ঠশিল্পী আৰু গুৰু; সন্দীপ বাকচু – নেপথ্য শিল্পী আৰু টলিউডৰ অভিনেতা; গুলৰাজ সিং – বলীউডৰ সুৰকাৰ আৰু সংগীত প্ৰযোজক।

থিম সংগীত প্ৰতিযোগিতাৰ বিজয়ীসকল
স্থান
|
নাম
|
চহৰ
|
ৰাজ্য
|
বিজয়ী
|
কুনাল কুণ্ডু আৰু আল্লাপ চৰ্দাৰ
|
কলকাতা
|
পশ্চিমবংগ
|
প্ৰথম ৰানাৰ্ছ আপ
|
বিবেক ডুবে
|
মুম্বাই
|
মহাৰাষ্ট্ৰ
|
২য় ৰানাৰ্ছ আপ
|
ভৱগনেশ থাম্বিৰণ
|
কইম্বাটুৰ
|
তামিলনাডু
|
তৃতীয় ৰানাৰ্ছ আপ
|
জয়নন্ত আৰ
|
চেন্নাই
|
তামিলনাডু
|
৪ৰ্থ ৰানাৰ্ছ আপ
|
জয়নন্তআৰ
(দ্বিতীয় পৰ্ব)
|
চেন্নাই
|
তামিলনাডু
|
৫ম ৰানাৰ্ছ আপ
|
দীপ ৰাজেশ ডাবাৰে
|
পুনে
|
মহাৰাষ্ট্ৰ
|
ৱেভছৰ বিষয়ে
ভাৰত চৰকাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ আয়োজন কৰিব মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ অনুষ্ঠান (WAVES)।আপুনি এজন উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী, সমল সৃষ্টিকৰ্তা বা উদ্ভাৱক যিয়েই হওক, শীৰ্ষ সন্মিলনে সংযোগ, সহযোগিতা, উদ্ভাৱন আৰু এম এণ্ড ই খণ্ডত অৰিহণা যোগাবলৈ বিশ্বব্যাপী মঞ্চ এখন প্ৰদান কৰিছে।ৱেভছে ভাৰতৰ সৃষ্টিশীল শক্তিৰ বিকাশ সাধন কৰিবলৈ সাজু হৈছে, কন্টেন্ট সৃষ্টি, বৌদ্ধিক সম্পত্তি, আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ইয়াৰ স্থান বৃদ্ধি কৰিব। এই অনুষ্ঠানত গুৰুত্ব দিয়া উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, শব্দ আৰু সংগীত, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেণ্টেড ৰিয়েলিটি (এ আৰ),ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ), আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এক্সআৰ)।Have কিবা প্ৰশ্ন আছে নেকি? ইয়াত উত্তৰ বিচাৰি পাওক
আহক, আমাৰ সৈতে একেলগে এই মহাযাত্ৰাৰ সহযোগী হওঁক! ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰক (অতিশীঘ্ৰে আহি আছে!)।
পিআইবি টীম ৱেভছৰ শেহতীয়া ঘোষণাৰ বিষয়ে অৱগত হৈ থাকক
আহক, আমাৰ যাত্ৰাৰ সংগী হওঁক!ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰক
***
PIB TEAM WAVES 2025 | Nikita/Dhanalakshmi/Parshuram | 92
(Release ID: 2121246)
Visitor Counter : 11