গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি শ্ৰীনগৰত কেন্দ্ৰীয় শাসিত প্ৰদেশ জম্মু আৰু কাশ্মীৰত উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে
মোদী চৰকাৰে এখন উন্নত জম্মু-কাশ্মীৰ গঢ়াৰ বাবে দৃঢ়তাৰে কাম কৰি আছে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে উন্নয়ন আৰু কল্যাণমূলক পদক্ষেপে প্ৰতিজন নাগৰিকৰ বাবে সমৃদ্ধিৰ এক নতুন যুগৰ সূচনা কৰিছে
জম্মু আৰু কাশ্মীৰত উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ বাবে মোদী চৰকাৰৰ অক্লান্ত প্ৰচেষ্টাৰ ফলত কেন্দ্ৰীয় শাসিত সকলো অঞ্চলত আমূল পৰিৱৰ্তন ঘটিছে
পৰ্যালোচনা বৈঠকৰ সময়ত কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বিদ্যুৎ, সংযোগ, উদ্যোগ, পৰ্যটন, কৃষি ইত্যাদি ক্ষেত্ৰত লাভ কৰা সাফল্যসমূহ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সন্মুখত দাখিল কৰা হয়
জনকল্যাণৰ প্ৰতিটো দিশত হোৱা ব্যাপক উন্নয়নে ইতিবাচক সংস্কাৰৰ জৰিয়তে জম্মু-কাশ্মীৰক ৰূপান্তৰিত কৰাৰ মোদী চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰিছে
Posted On:
08 APR 2025 7:34PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি শ্ৰীনগৰত কেন্দ্ৰীয় শাসিত প্ৰদেশ জম্মু আৰু কাশ্মীৰত উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে। বৈঠকত জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহা, মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লা, কেন্দ্ৰীয় গৃহ সচিব আৰু কেন্দ্ৰ তথা জম্মু আৰু কাশ্মীৰ চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰে এখন উন্নত জম্মু-কাশ্মীৰ নিৰ্মাণৰ বাবে দৃঢ়তাৰে কাম কৰি আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ অক্লান্ত প্ৰচেষ্টাৰ ফলত প্ৰতিজন নাগৰিকৰ বাবে উন্নয়ন আৰু কল্যাণমূলক পদক্ষেপৰ জৰিয়তে সমৃদ্ধিৰ এক নতুন যুগ আৰম্ভ হৈছে। শ্ৰী শ্বাহে কয় যে জম্মু-কাশ্মীৰ প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ পথত দ্ৰুতগতিত আগবাঢ়িছে।
জম্মু আৰু কাশ্মীৰত উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত মোদী চৰকাৰৰ অক্লান্ত প্ৰচেষ্টাৰ ফলত কেন্দ্ৰীয় শাসিত প্ৰদেশত সকলো খণ্ডতে আমূল পৰিৱৰ্তন দেখা গৈছে। পৰ্যালোচনা বৈঠকৰ সময়ত কেন্দ্ৰীয় শাসিত প্ৰদেশে বিদ্যুৎ, সংযোগ, উদ্যোগ, পৰ্যটন, কৃষি আদি খণ্ডত লাভ কৰা সাফল্যসমূহ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সন্মুখত দাখিল কৰা হয়। ইয়াৰ উপৰিও, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এতিয়ালৈকে জম্মু-কাশ্মীৰক প্ৰদান কৰা আৰ্থিক সাহায্য আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ বিভিন্ন শিৰোনামৰ অধীনত আবণ্টন দিয়া আৰ্থিক সাহায্যৰ কথাও উপস্থাপনত উল্লেখ কৰা হয়। গৃহমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ক্ষমতাৰ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পৰা যায়।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত ভাৰত চৰকাৰ জম্মু-কাশ্মীৰত উন্নয়নৰ নতুন মাত্ৰা প্ৰতিষ্ঠা কৰাৰ লগতে স্থানীয় জনসাধাৰণৰ সমৃদ্ধিৰ পথ প্ৰশস্ত কৰাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। জনকল্যাণৰ প্ৰতিটো দিশৰ সৰ্বাংগীন বিকাশে ইতিবাচক সংস্কাৰৰ জৰিয়তে জম্মু-কাশ্মীৰক ৰূপান্তৰিত কৰাৰ মোদী চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰিছে।
**********
RK/VV/RR/PR/PS
(Release ID: 2120245)
Visitor Counter : 20