গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি লোকসভাত অনুপ্ৰৱেশ আৰু বিদেশী সম্পৰ্কীয় বিধেয়ক, ২০২৫ (Immigration and Foreigners Bill, 2025)ৰ ওপৰত আলোচনাৰ উত্তৰ দিয়ে, আলোচনাৰ অন্তত সদনে বিধেয়কখন গৃহীত কৰে
দেশৰ সীমান্তৰে কোন, কেতিয়া, কিমান সময় আৰু কি উদ্দেশ্যৰ বাবে যায়, সেই কথা জানাৰ অধিকাৰ দেশৰ নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ
ভাৰত কোনো ধৰ্মশালা নহয়, য’ত যিকোনো ব্যক্তিয়ে যিকোনো উদ্দেশ্যৰে আহি থাকি যাব, যি দেশৰ সুৰক্ষাৰ বাবে বিপজ্জনক হ’ব, সেইসকলক বাধা দিয়াৰ অধিকাৰ সংসদৰ আছে
যি ভাৰতৰ অৰ্থনীতিত অৰিহণা যোগাবলৈ আহে, তেওঁলোকক স্বাগতম, কিন্তু যি দেশত অশান্তি বিয়পাবলৈ আহে, তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা হ’ব
এতিয়া ভাৰতলৈ অহা প্ৰতিজন বিদেশী নাগৰিকৰ সম্পূৰ্ণ, পদ্ধতিগত, সংহত আৰু শেহতীয়া ৰেকৰ্ড থাকিব
Posted On:
27 MAR 2025 9:24PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি লোকসভাত অনুপ্ৰৱেশ আৰু বিদেশী সম্পৰ্কীয় বিধেয়ক, ২০২৫ (Immigration and Foreigners Bill, 2025) সন্দৰ্ভত আলোচনাৰ উত্তৰ দিয়ে। আলোচনাৰ অন্তত সদনে বিধেয়কখন গৃহীত কৰে।
আলোচনাৰ উত্তৰ দি কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এই বিধেয়কখন দেশৰ সুৰক্ষা আৰু অৰ্থনীতি শক্তিশালী কৰাৰ বাবে, আমাৰ শিক্ষা ব্যৱস্থা আৰু বিশ্ববিদ্যালয়সমূহক বিশ্বব্যাপী কৰি তোলাৰ বাবে, দেশত গৱেষণা আৰু অনুসন্ধানৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰাৰ লগতে ২০৪৭ চনৰ ভিতৰত ভাৰতক প্ৰতিটো ক্ষেত্ৰতে বিশ্বৰ ভিতৰতে সৰ্বপ্ৰথম স্থানত ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীয়ে কয় যে অনুপ্ৰৱেশ এক আছুতীয়া বিষয় নহয় বৰং দেশৰ বহু বিষয় ইয়াৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। আমাৰ দেশৰ সীমান্তৰে কোন, কেতিয়া, কিমান সময়ৰ বাবে আৰু কি উদ্দেশ্যৰে আহে সেই বিষয়ে জনাৰ অধিকাৰ দেশৰ নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ। শ্ৰী শ্বাহে কয় যে এই বিধেয়কখন গৃহীত হোৱাৰ পিছত ভাৰতলৈ অহা প্ৰতিজন বিদেশী নাগৰিকৰ সম্পূৰ্ণ, পদ্ধতিগত, সংহত আৰু শেহতীয়া অভিলেখ ৰাখিব পৰা হ’ব আৰু ইয়াৰ জৰিয়তে আমি দেশৰ উন্নয়নো নিশ্চিত কৰিবলৈ সক্ষম হ’ম। দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা লোকসকলৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিব পৰা যাব আৰু তেওঁলোকৰ নিৰীক্ষণো কৰিব পৰা যাব। তেওঁ কয় যে এই বিধেয়কখনে আমাৰ এই সকলো উদ্দেশ্য পূৰণ কৰা বুলি প্ৰমাণিত হ’ব।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰবাসীৰ ক্ষেত্ৰত ভাৰতৰ ট্ৰেক ৰেকৰ্ড হাজাৰ হাজাৰ বছৰ ধৰি নিৰ্মল হৈ আহিছে আৰু সেয়েহে কোনো পৃথক শৰণাৰ্থী নীতিৰ প্ৰয়োজন নাই। এই নীতিৰ প্ৰয়োজন সেই দেশসমূহৰ বাবে যিবোৰ ভৌগোলিক সীমাৰেখাৰ দ্বাৰা সৃষ্টি হয় আনহাতে ভাৰত এখন ভূ-সাংস্কৃতিক দেশ আৰু আমাৰ সীমা আমাৰ সংস্কৃতিৰ দ্বাৰা সৃষ্টি কৰা হৈছে। তেওঁ কয় যে শৰণাৰ্থীৰ প্ৰতি ভাৰতৰ এক ইতিহাস আছে। শ্ৰী শ্বাহে কয় যে যদি বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ সংখ্যালঘুৱে কোনোবা দেশত সৰ্বোচ্চ সন্মানেৰে থাকে, তেন্তে সেয়া ভাৰতত। তেওঁ কয় যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চুবুৰীয়া দেশৰ ৬টা নিৰ্যাতিত সম্প্ৰদায়ৰ নাগৰিকক আশ্ৰয় প্ৰদানৰ কাম নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ অধীনত কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে সদায় মানৱতাৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰি আহিছে আৰু ইয়াৰ বাবে আমাক কোনো আইনৰ প্ৰয়োজন হোৱা নাই। আমাৰ পৰম্পৰা আৰু সংস্কৃতিয়ে আমাক বসুধৈৱ কুটুম্বকমৰ মন্ত্ৰ শিকায় আৰু ইয়াৰ সংস্কাৰ দিয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ লোক সমগ্ৰ বিশ্বৰ দেশলৈ গৈছে আৰু ভাৰতীয় প্ৰবাসীয়ে বিশ্বক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত সৰ্বাধিক অৱদান আগবঢ়াইছে। তেওঁ কয় যে বিশ্বৰ সৰ্বাধিক প্ৰবাসী ভাৰতৰে যি ১৪৬খন দেশত বিয়পি আছে। ভাৰতীয় প্ৰবাসীয়ে সমগ্ৰ বিশ্বৰ সংস্কৃতি, শিক্ষা, বিজ্ঞান আৰু অৰ্থনীতিত অৰিহণা যোগাব বিচাৰে। তেওঁ কয় যে আজি অনাবাসী ভাৰতীয় (এনআৰআই)ৰ সংখ্যা প্ৰায় ১ কোটি ৭২ লাখ আৰু তেওঁলোকৰ মসৃণ গতিবিধিৰ বাবে আৰু তেওঁলোকৰ সকলো উদ্বেগ সমাধানৰ বাবে এই বিধেয়কখন অনা হৈছে। শ্ৰী শ্বাহে কয় যে স্বাধীনতাৰ পিছত ভাৰতৰ ছফ্ট পাৱাৰে বিশ্বত ডংকা বজাইছে আৰু এই বিধেয়কখনে তাত নতুন গতি আৰু শক্তিৰ সৃষ্টি কৰিব।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত যোৱা ১০ বছৰত আমাৰ অৰ্থনীতি ১১ নং স্থানৰ পৰা ৫ম স্থানলৈ গতি কৰিছে আৰু বিশ্বৰ অৰ্থনীতিৰ মাজত ভাৰতে এক উজ্জ্বল স্থান হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰত মেনুফেকচাৰিঙৰ হাব হ’বলৈ গৈ আছে আৰু এনে পৰিস্থিতিত সমগ্ৰ বিশ্বৰ পৰা মানুহ ইয়ালৈ অহাটো অতি স্বাভাৱিক, যাৰ বাবে আমাৰ অনুপ্ৰৱেশৰ পৰিসৰ আৰু আকাৰ বহু পৰিমাণে বৃদ্ধি পাইছে। শ্ৰী শ্বাহে কয় যে ইয়াৰ লগতে আশ্ৰয় লোৱাৰ ঠাইত নিজৰ ন্যস্ত স্বাৰ্থত আৰু দেশখনক অসুৰক্ষিত কৰি তোলা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ অৰ্থনীতিত বৈধভাৱে অৰিহণা যোগাবলৈ ভাৰতলৈ অহা সকলোকে আদৰণি জনোৱা হৈছে, কিন্তু যদি অবৈধ অনুপ্ৰৱেশকাৰীয়ে ইয়ালৈ অশান্তি সৃষ্টি কৰিবলৈ আহে তেন্তে তেওঁলোকৰ সৈতে অতি কঠোৰভাৱে মোকাবিলা কৰা হ’ব। শ্ৰী শ্বাহে কয় যে এই নীতিত উদাৰতাৰ লগতে কঠোৰতাও আছে। তেওঁ কয় যে হৃদয়ত কৰুণা, সংবেদনশীলতা আৰু দেশৰ বিপদৰ প্ৰতি সজাগতাক একেলগে ৰাখি এই নীতি ৰচনা কৰা হৈছে।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদী জীয়ে দেশৰ ১৩০ কোটি জনসাধাৰণৰ সন্মুখত ২০২৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি আৰু ২০৪৭ চনৰ ভিতৰত এখন সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প ৰাখিছে। তেওঁ কয় যে এই দুয়োটা লক্ষ্য পূৰণৰ বাবে সৰল, সমৃদ্ধ আৰু সমসাময়িক কানুনৰ ব্যাখ্যা অনিবাৰ্য। সেইবাবেই মোদী চৰকাৰৰ ১০ বছৰত এই সদনত বহু নতুন আৰু ঐতিহাসিক আইন আহিছে। তেওঁ কয় যে তিনিখন নতুন ফৌজদাৰী আইন, CAA, ইজ অফ ডুইং বিজনেছৰ বাবে ৩৯০০০ কম্প্লাইয়েন্স সমাপ্ত কৰা, ২০১৬ চনত আইবিচি ক’ড, বেংক একত্ৰীকৰণ আৰু ইয়াৰ জৰিয়তে এনপিএ সমাপ্ত কৰা, ২০১৭ চনত ৩২টা বিক্ৰী কৰ একত্ৰিত কৰি জিএছটিৰ ৰোলআউট কৰাৰ দৰে কাম ১০ বছৰত কৰা হৈছে। মোদী চৰকাৰে ইউএপিএ আইন আৰু এনআইএ আইন সংশোধন কৰি ৩৭০ অনুচ্ছেদ সমাপ্ত কৰে। তেওঁ কয় যে এই ১০ বছৰত প্ৰতিটো খণ্ডৰ প্ৰতিখন আইন শক্তিশালী কৰাৰ কাম মোদী চৰকাৰে কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে এই বিধেয়কৰ জৰিয়তে আমাৰ তৃতীয় স্থানৰ অৰ্থনীতি হোৱা আৰু নতুন শিক্ষা নীতিত আমাৰ বিশ্ববিদ্যালয়সমূহক বিশ্বব্যাপী কৰি তোলাৰ সপোন পূৰণ হ’ব। ইয়াৰ দ্বাৰা গৱেষণাৰ ক্ষেত্ৰত অনুসন্ধান আৰু বিকাশ কৰাসকলে উদাৰ মন আৰু বিশ্বাসযোগ্যতাৰে কাম কৰাৰ এক ভাল পৰিৱেশ লাভ কৰিব। দেশখনক বিশ্বৰ ক্ৰীড়াৰ উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সপোন পূৰণ হ’ব, ভাৰতত মিডিয়েশ্যন আৰু আৰ্বিট্ৰেশ্যনৰ আন্তৰ্জাতিক কেন্দ্ৰও হ’ব। এই বিধেয়কখনে এই সকলোবোৰৰ বাবে এক অতি উত্তম পৰিৱেশৰ সৃষ্টি কৰিব বুলি তেওঁ কয়। শ্ৰী শ্বাহে কয় যে বৰ্তমান এই সমগ্ৰ ব্যৱস্থাটো ৪টা অধিনিয়মত ভাগ কৰা হৈছে, কিন্তু ইয়াত ওপৰাউপৰিও আছে আৰু বহুতো ব্যৱধান আছে। এই বিধেয়কখনে এই চাৰিখন অধিনিয়ম বাতিল কৰি সকলো ব্যৱধান পূৰণ কৰিব আৰু ডুপ্লিকেচন নাইকিয়া কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ আমাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত সম্পূৰ্ণ উন্নত ভাৰত গঢ়ি তোলাৰ আমাৰ লক্ষ্যত এক শক্তিশালী অনুপ্ৰৱেশ নীতিৰ যথেষ্ট তাৎপৰ্য থাকিব। এই বিধেয়কখনে আমাৰ ব্যৱস্থাটোক সৰল, সুশৃংখলিত, পদ্ধতিগত, আৰু সুৰক্ষিত কৰি তুলিব। ইয়াৰ লগতে এই বিধেয়কখন স্বচ্ছ, ট্ৰেক চালিত, সময় নিৰ্ধাৰিত আৰু নিৰ্ভৰযোগ্য হ’ব বুলিও তেওঁ কয়। শ্ৰী শ্বাহে কয় যে গৃহ মন্ত্ৰালয়ে এই সকলোবোৰ দিশৰ ওপৰত তিনি বছৰ ধৰি গভীৰ বিবেচনাৰ অন্তত এই বিধেয়কখনৰ ডিজাইন কৰিছে। শ্ৰী শ্বাহে কয় যে ৰাজনৈতিক কাৰণত এই বিধেয়কখনৰ বিৰোধিতা কৰা উচিত নহয়। এই বিধেয়কৰ অধীনত কেৱল ভাৰতলৈ অহা পৰ্যটকৰ ডাটাবেছ তৈয়াৰ কৰাই নহয়, ইয়াত থকা পৰ্যটনৰ সম্ভাৱনাক বহু পৰিমাণে সাকাৰ কৰা হ’ব, যিয়ে ভাৰতৰ গ্ল’বেল ব্ৰেণ্ডিং বৃদ্ধিত যথেষ্ট সহায় কৰিব। তেওঁ কয় যে ইয়াৰ দ্বাৰা নিয়োগ আৰু জিডিপি বৃদ্ধিত যথেষ্ট সহায়ক হ’ব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছত আজি ভাৰতৰ ছফ্ট পাৱাৰে সমগ্ৰ বিশ্বতে ডংকা বজোৱাৰ কাম কৰিছে। তেওঁ কয় যে ছফ্ট পাৱাৰ মানে হৈছে, আমাৰ যোগ, আয়ুৰ্বেদ, উপনিষদ, বেদ আৰু আমাৰ জৈৱিক কৃষি ব্যৱস্থা যাক আজি সমগ্ৰ বিশ্বই আশাৰে চাই আছে।
শ্ৰী অমিত শ্বাহে কয় যে নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা এই বিধেয়কত বিদেশৰ পৰা অহা ড্ৰাগছ কাৰ্টেল, অনুপ্ৰৱেশকাৰীৰ কাৰ্টেল, অস্ত্ৰ আৰু দেশৰ অৰ্থনীতি দুৰ্বল কৰি তোলা হাৱালাৰ ব্যৱসায়ৰ অন্ত পেলোৱাৰ ব্যৱস্থাও কৰা হৈছে। আইনী বিধানৰ লগতে তেওঁলোকৰ উলংঘাৰ শাস্তিমূলক ব্যৱস্থাও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ কয় যে এই তিনিখন পুৰণি বিধেয়ক দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বে ১৯২০, ১৯৩৯ আৰু ১৯৪৬ চনত ব্ৰিটিছ সংসদত নিৰ্মাণ কৰা হৈছিল আৰু আজি আমাৰ সমগ্ৰ অনুপ্ৰৱেশ নীতি নতুন ভাৰতৰ নতুন সংসদত নিৰ্মাণ হ’বলৈ গৈ আছে, যিটো এক ঐতিহাসিক কথা। শ্ৰী শ্বাহে কয় যে আমাৰ দেশৰ এক গুৰুত্বপূৰ্ণ নীতি, যিয়ে দেশৰ নিৰাপত্তা, বাণিজ্য আৰু উন্নয়ন নিশ্চিত কৰে, সেয়া বিদেশী সংসদত ৰচনা কৰা হৈছিল। তেওঁ কয় যে এই আইনসমূহ প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ বিশৃংখলতাৰ সময়ত আৰু ব্ৰিটিছ চৰকাৰক সুৰক্ষা প্ৰদানৰ বাবে প্ৰণয়ন কৰা হৈছিল। তেওঁ কয় যে এই বিধেয়কখন উন্নত ভাৰতৰ দিশে যাত্ৰা আৰম্ভ হোৱাৰ পিছত অমৃতকালৰ প্ৰথম পৰ্যায় আৰু ভাৰতৰ হিতৰ বাবে প্ৰস্তুত কৰা হৈছে।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে পুৰণি আইনসমূহত বহুতো অভাৰলেপিং আছিল যিবোৰ আমি আঁতৰাই পেলাইছোঁ। ইয়াৰ উপৰিও সংস্থাসমূহৰ মাজত সমন্বয়ৰ অভাৱ আৰু তথ্য ব্যৱস্থাপনা আৰু বৈধতাৰ জটিলতাও নাইকিয়া হৈছে। পুৰণি আইনসমূহৰ পৰস্পৰ বিৰোধী বিধানসমূহ আঁতৰাই এই বিধেয়কখনত বিচাৰ ক্ষমতাৰ স্পষ্টতা অনা হৈছে। তেওঁ কয় যে একক বিধেয়কে যাত্ৰী আৰু কৰ্তৃপক্ষই সন্মুখীন হোৱা আইনী বিভ্ৰান্তি দূৰ কৰিব আৰু লগতে ব্যাপক আইনী নিয়ম পালনৰ বোজাও যথেষ্ট হ্ৰাস পাব। শ্ৰী শ্বাহে কয় যে ভাৰতত প্ৰৱেশ, থকা আৰু প্ৰস্থানৰ বাবে আমি বাধ্যতামূলক নথি-পত্ৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিছোঁ। এই নিয়ম উলংঘা কৰা যিকোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতাও এই আইনত দিয়া হৈছে। শ্ৰী শ্বাহে কয় যে ভাৰতৰ পৰা যিকোনো বিদেশীক আঁতৰোৱাৰ ক্ষমতাও দিয়া হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এক প্ৰকাৰে আজিৰ সময়ৰ লগত খাপ খোৱাকৈ ব্যৱস্থা গঢ়ি তোলাৰ বাবে মুকলি মনেৰে কাম কৰা হৈছে। তেওঁ কয় যে পুৰণি আইনসমূহত মুঠ ৪৫টা ধাৰা আছিল যদিও এই আইনখনত ২৬টা পুৰণি আৰু ১০টা নতুন ৩৬টা ধাৰা থাকিব। শ্ৰী শ্বাহে কয় যে আমাৰ অনুপ্ৰৱেশৰ হিচাপ কেৱল ৩৬টা ধাৰাতহে কৰা হ’ব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দেশ এনে এখন ধৰ্মশালা নহয় য’ত যিকোনো ব্যক্তিয়ে যিকোনো উদ্দেশ্যৰে আহি থাকিব পাৰে। তেওঁ কয় যে যদি কোনো ব্যক্তিয়ে নিজকে আৰু আমাৰ দেশক আইনীভাৱে চহকী কৰিবলৈ আহে তেন্তে তেওঁক আদৰণি জনোৱা হ’ব কিন্তু যদি তেওঁ নিৰাপত্তাৰ প্ৰতি ভাবুকি হয় তেন্তে আমাৰ সংসদে তেওঁক বাধা দিয়াৰ ব্যৱস্থা কৰাৰ অধিকাৰ আছে। আমাৰ সীমান্তৰ স্পৰ্শকাতৰ স্থান আৰু সেনাৰ প্ৰতিষ্ঠানসমূহ সকলোৰে বাবে মুকলি কৰি ৰাখিব নোৱাৰোঁ বুলিও গৃহমন্ত্ৰীগৰাকীয়ে কয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে, পাঁচখন দেশৰ নাগৰিকৰ বাবে ২০১০ চনত অনলাইন পৰ্যটন ভিছা প্ৰদানৰ প্ৰথা আৰম্ভ হৈছিল। তেওঁ কয় যে পূৰ্বৰ চৰকাৰৰ সময়ত এই সুবিধা মাত্ৰ ১০খন দেশত সীমাবদ্ধ আছিল যদিও আমি ১৬৯খন দেশৰ বাবে ইয়াক কাৰ্যকৰী কৰিছোঁ। তেওঁ কয় যে চৰকাৰৰ লক্ষ্য হৈছে পৰ্যটনক প্ৰসাৰিত কৰা, কিন্তু বিদেশী নাগৰিকসকল যাতে ইয়াত কেৱল নিৰ্ধাৰিত সময়সীমালৈহে থাকে সেয়া নিশ্চিত কৰাটোও গুৰুত্বপূৰ্ণ। চিৰদিন থাকিব নোৱাৰে আৰু দেশৰ নাগৰিক হ’বও নোৱাৰে।
শ্ৰী অমিত শ্বাহে কয় যে চৰকাৰে ৩১টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৬টা ডাঙৰ বন্দৰত ‘ভিছা অন এৰাইভেল’ৰ সুবিধাও মুকলি কৰিছে। ২০২৩ চনত ‘আয়ুষ ভিছা’ৰ এটা নতুন শিতানো প্ৰৱৰ্তন কৰা হৈছে। এতিয়া ই-ভিছাৰ মুঠ ৯টা শিতান থাকিব, য’ত ই-টুৰিষ্ট ভিছা, ই-বিজনেছ ভিছা, ই-মেডিকেল ভিছা, মেডিকেল এটেণ্ডেণ্ট ভিছা, ই-আয়ুষ ভিছা, ই-প্ৰচাৰক ভিছা, ই-ষ্টুডেণ্ট ভিছা আৰু ই-ষ্টুডেণ্ট ডিপেণ্ডেণ্ট ভিছা অন্তৰ্ভুক্ত। তেওঁ কয় যে এই সকলোবোৰ শিতানত ই-ভিছাৰ ব্যৱস্থা কৰি আমি বিদেশীৰ বাবে ভাৰতলৈ অহাৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিছোঁ।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আমি কেৱল সেইসকল লোকক বাধা দিব বিচাৰোঁ যাৰ উদ্দেশ্য সঠিক নহয় আৰু ভাৰত চৰকাৰৰ এই সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। আয়ুষ ভিছাৰ কেটেগৰী বৃদ্ধি কৰা হৈছে বুলিও তেওঁ কয়। “ইমিগ্ৰেচন, ভিছা আৰু বিদেশী পঞ্জীয়ন আৰু অনুসৰণ” (আইভিএফআৰটি)ক অবৈধ প্ৰবাসী আৰু অতিৰিক্তভাৱে থকা লোকসকলক নিৰীক্ষণৰ বাবে আইনী ভিত্তি প্ৰদান কৰা হৈছে। সকলো ইমিগ্ৰেচন পোষ্ট, বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয় (এফআৰআৰঅ’) আৰু বিদেশী পঞ্জীয়ন কাৰ্যালয় (এফআৰঅ’)ত ভাৰতীয় মিছনসমূহক এণ্ড টু এণ্ড সংহত ব্যৱস্থাত সংযোগ কৰাৰ কাম সম্পূৰ্ণ হৈছে। শ্ৰী শ্বাহে কয় যে দেশৰ ৭০০ৰো অধিক জিলাত বিদেশী চিনাক্তকৰণ পৰ্টেল নামেৰে জনাজাত জিলা আৰক্ষী মডিউল (ডিপিএম)ও আৰম্ভ কৰা হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে ২০১৪ চনত ইমিগ্ৰেচন পোষ্টৰ সংখ্যা আছিল ৮৩টা, যিটো এতিয়া ১১৪টালৈ বৃদ্ধি পাইছে, অৰ্থাৎ ৩৭ শতাংশ বৃদ্ধি পাইছে। ইমিগ্ৰেচন পোষ্টসমূহ আধুনিকীকৰণৰ বাবে চৰকাৰে কেইবাটাও আঁচনি গ্ৰহণ কৰিছে। আগতে ইমিগ্ৰেচন চেকপইণ্টত প্ৰতিজন ব্যক্তিৰ গড় পৰীক্ষাত ৪-৫ মিনিট সময় লাগে যদিও এতিয়া মাত্ৰ ১-২ মিনিট সময় লাগে। তেওঁ কয় যে আঠটা ডাঙৰ বিমানবন্দৰত ফাষ্ট ট্ৰেক ইমিগ্ৰেচন - ট্ৰাষ্টেড ট্ৰেভেলাৰ প্ৰগ্ৰেম (এফটিআই-টিটিপি) ৰূপায়ণ কৰা হৈছে, য’ত যাত্ৰীজনে যদি আগতীয়াকৈ সকলো তথ্য পূৰণ কৰি আহে তেন্তে মাত্ৰ ৩০ ছেকেণ্ডতে পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে ৭৪৩টা ইন্টিগ্ৰেটেড চেক পোষ্ট (আইচিপি) কাউণ্টাৰ আছিল যদিও এতিয়া ২০৬ শতাংশ বৃদ্ধি পাই ২২৭৮টা হৈছে। তেওঁ কয় যে পূৰ্বৰ চৰকাৰৰ দিনত ভাৰতলৈ অহা লোকৰ সংখ্যা আছিল ২ কোটি ৪৯ লাখ, আনহাতে মোদী চৰকাৰৰ দিনত ২০২৪ চনৰ শেষলৈকে ৪ কোটি লোক ভাৰতলৈ আহে। তেওঁ কয় যে আগৰ চৰকাৰৰ সময়ত ভাৰতৰ পৰা বাহিৰলৈ যোৱা লোকৰ সংখ্যা ২ কোটি ৫৯ লাখ আছিল, যিটো আমাৰ চৰকাৰৰ দিনত ৪ কোটি ১১ লাখ হৈছে। তেওঁ কয় যে সামগ্ৰিকভাৱে ভাৰতলৈ অহা আৰু ভাৰতৰ বাহিৰলৈ যোৱা লোকৰ সংখ্যা পূৰ্বতে ৫ কোটি ৮ লাখ আছিল, যিটো এতিয়া ৮ কোটি ১২ লাখলৈ বৃদ্ধি পাইছে, অৰ্থাৎ ৬৯ শতাংশ বৃদ্ধি হৈছে। তেওঁ কয় যে এইটো যিকোনো এটা দশকৰ ভিতৰত সৰ্বাধিক বৃদ্ধি আৰু যদি সকলো দশকৰ হিচাপ লোৱা হয় তেন্তে মাত্ৰ এটা দশকতে ই ৫০ শতাংশতকৈ অধিক বৃদ্ধি হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে যিসকলৰ উদ্দেশ্য সঠিক নহয়, তেওঁলোকক দেশত প্ৰৱেশত নিশ্চিতভাৱে বাধা দিয়া হ’ব, কাৰণ এইটো দেশৰ সুৰক্ষাৰ সৈতে জড়িত বিষয়। তেওঁ কয় যে আগৰে পৰাই আমাৰ আইনত বিদেশী নাগৰিকক প্ৰৱেশৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা কৰ্তৃপক্ষৰ আছিল। ভিছাধাৰীসকলক দেশৰ যিকোনো স্থানলৈ যাবলৈ অনুমতি দিয়াৰ কৰ্তৃত্বও আছিল কৰ্তৃপক্ষৰ। কিন্তু কৰ্তৃপক্ষৰ হাতত বিদেশীক প্ৰৱেশৰ পৰা বঞ্চিত কৰাৰ ক্ষমতা আছে বুলিয়েই তেওঁলোকে ইচ্ছাকৃতভাৱে কাম কৰিব বুলি ক’ব নোৱাৰি। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কাৰোবাক প্ৰৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্ত একাধিক সংস্থাৰ ইনপুটৰ ভিত্তিতহে ল’ব পাৰিব। শ্ৰী শ্বাহে কয় যে ২০১৪ চনৰ পিছত আমি সিদ্ধান্ত লৈছিলোঁ যে কাকো ৰখাৰ আগতে তেওঁক ২৪ পইণ্টত ৩৬০ ডিগ্ৰী পৰীক্ষা কৰা হ’ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ক্ষতিগ্ৰস্ত পাছপ’ৰ্টৰ ব্যাখ্যা বিভিন্ন ঘটনাৰ বাবে সময়ে সময়ে সলনি হৈ থাকে। এনে ঘটনাৰ ওপৰত ভিত্তি কৰি নিয়ম সলনি কৰিব পাৰি, কিন্তু আইন সলনি কৰিব নোৱাৰি। সেয়ে চৰকাৰে ধাৰা ৩০ৰ অধীনত নিয়ম প্ৰণয়নৰ ক্ষমতা প্ৰদান কৰিছে। ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাসকলৰ ক্ষেত্ৰত ধাৰা- ৩৩ প্ৰযোজ্য হ’ব। তেওঁ লগতে কয় যে বিশ্ববিদ্যালয় এখনত কিমানজন বিদেশী শিক্ষকে পাঠদান কৰে আৰু কিমান বিদেশী ছাত্ৰ-ছাত্ৰীয়ে পঢ়ে সেই সম্পৰ্কে তথ্য লাভ কৰাটো ভাৰত চৰকাৰৰ অধিকাৰ আৰু এই তথ্যও দিব লাগেও।
শ্ৰী অমিত শ্বাহে কয় যে বাংলাদেশৰ সৈতে সংলগ্ন আমাৰ সীমা ২২১৬ কিলোমিটাৰ দীঘল, ইয়াৰে ৬৫৩ কিলোমিটাৰত ফেন্সিং নিৰ্মাণ কৰা হৈছে। ফেন্সিঙৰ সমীপত পথো নিৰ্মাণ কৰা হৈছে আৰু চেকপইণ্টো স্থাপন কৰা হৈছে। SEZ ফেন্সিঙৰ দৈৰ্ঘ্য ৫৬৩ কিলোমিটাৰ, কিন্তু ৫৬৩ কিলোমিটাৰৰ ভিতৰত ১১২ কিলোমিটাৰ এনেকুৱা য’ত সীমান্ত বেৰ দিয়া সম্ভৱ নহয়, কাৰণ তাত নলা, নদী আৰু ওখ-চাপৰ পাহাৰ আছে, য’ত বেৰ দিয়া সম্ভৱ নহয়। ৪৫০ কিলোমিটাৰ মাটিত ফেন্সিং কৰা হৈছে আৰু বাকী ৪৫০ কিলোমিটাৰৰ বাবে কেন্দ্ৰই ডিঅ’ চিঠি লিখি ১০বাৰ সোঁৱৰাই দিছে যদিও পশ্চিম বংগ চৰকাৰে মাটি নিদিয়ে। শ্ৰী শ্বাহে কয় যে কেন্দ্ৰীয় গৃহ সচিবে বংগৰ সচিবৰ সৈতে ৭খন বৈঠকত মিলিত হৈছে যদিও তেওঁলোকে মাটি দিবলৈ সাজু নহয়। য'তেই ফেন্সিঙৰ কাম আৰম্ভ হয়, তালৈ শাসকীয় দলৰ মানুহ আহি হুলস্থুলৰ সৃষ্টি কৰে। তেওঁ কয় যে ৪৫৩ কিলোমিটাৰৰ ফেন্সিং বন্ধ কৰাৰ মূল কাৰণ হৈছে অনুপ্ৰৱেশকাৰীৰ প্ৰতি পশ্চিম বংগ চৰকাৰৰ দয়া দৃষ্টি। শ্ৰী শ্বাহে কয় যে ৪৫৩ কিলোমিটাৰ বেৰ দিয়াৰ পিছত ১১২ কিলোমিটাৰ সীমান্ত মুকলি থাকিব। এই ১১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত নদী, নলা আৰু কঠিন ভৌগোলিক পৰিস্থিতি আছে, যিফালেৰে মানুহে অনুপ্ৰৱেশ কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ চৰকাৰৰ দিনত আগতে অসমৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী আহিছিল আৰু এতিয়া বংগৰ পৰা আহে। শ্ৰী শ্বাহে কয় যে তেওঁৰ দল বংগত ক্ষমতালৈ অহাৰ পিছত তাৰ পৰাও অনুপ্ৰৱেশ বন্ধ কৰা হ’ব। তেওঁ কয় যে স্বাধীনতাৰ সময়ত ভাৰতলৈ অহা শৰণাৰ্থীসকলক আমি অনুপ্ৰৱেশকাৰী বুলি গণ্য নকৰোঁ, তেওঁলোকক প্ৰকৃত শৰণাৰ্থী বুলি গণ্য কৰোঁ। যিসকলে নিজৰ ধৰ্ম আৰু পৰিয়াল বচাবলৈ ইয়ালৈ আহিছিল তেওঁলোক প্ৰকৃত শৰণাৰ্থী। সেইবাবেই আমি নাগৰিকত্ব সংশোধনী আইন (CAA) লৈ আনিলোঁ, যি কোনো ভেদভাব নকৰে। শ্ৰী শ্বাহে কয় যে হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী, খ্ৰীষ্টান আৰু জৈন, ইয়াৰে যিকোনো লোক ভাৰতলৈ আহিলে তেওঁলোকক স্বাগতম। কিন্তু অনুপ্ৰৱেশ কৰিবলৈ অহাসকলক নিশ্চিতভাৱে বাধা দিয়া হ’ব। নাগৰিকত্ব সেইসকলেহে পাব, যাৰ ওপৰত অত্যাচাৰ হ’ল, যিসকলে বিভাজনৰ ভয়াৱহতা ভোগ কৰিছিল আৰু যাৰ পৰিয়ালৰ ওপৰত অত্যাচাৰ হ'ল। তামিল শৰণাৰ্থী সন্দৰ্ভত এজন সদস্যৰ প্ৰশ্নৰ উত্তৰত শ্ৰী শ্বাহে কয় যে ডিএমকেৰ সাংসদসকলে তেওঁৰ সন্মুখত কেতিয়াও তামিল শৰণাৰ্থীৰ বিষয়টো উত্থাপন কৰা নাই।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখন বৰ্তমানৰ চাৰিখন আইন সমাপ্ত কৰি সেইবোৰ সলনি কৰিবলৈ অনা হৈছে। এই চাৰিখন আইনত যিমান অভাৱ আছিল, সেইবোৰ আঁতৰোৱা হৈছে, অভাৰলেপিঙো নাইকিয়া কৰা হৈছে। তেওঁ কয় যে আজিৰ সময়ত ভাৰতৰ অৰ্থনীতি, শিক্ষা, চিকিৎসা ব্যৱস্থা, গৱেষণা আৰু আইনী ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন, আৰু আমিও বিশ্বক সহায় কৰিব লাগিব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই দিশবোৰ মনত ৰাখি, কিন্তু সবাতোকৈ আগতে দেশৰ নিৰাপত্তাৰ কথা মনত ৰাখি এই বিধেয়কখন অনা হৈছে।
**********
RK/VV/PR/PS
(Release ID: 2116317)
Visitor Counter : 18