প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে গুৰদ্বাৰা ৰাকব গঞ্জ চাহিব ভ্ৰমণ কৰে

Posted On: 17 MAR 2025 10:26PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে নতুন দিল্লীৰ গুৰদ্বাৰা ৰাকব গঞ্জ চাহিব ভ্ৰমণ কৰে। এই ভ্ৰমণৰ বিষয়ে কিছু আভাস ভাগ-বতৰা কৰি শ্ৰী মোদীয়ে কয় যে শিখ সম্প্ৰদায়ৰ সেৱা আৰু মানৱতাৰ প্ৰতি অটল দায়বদ্ধতা সমগ্ৰ বিশ্বতে সঁচাকৈয়ে প্ৰশংসনীয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;

“প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সন আৰু মই গভীৰ বিশ্বাস আৰু ইতিহাসৰ স্থান গুৰদ্বাৰা ৰাকব গঞ্জ চাহিব ভ্ৰমণ কৰিলোঁ। শিখ সম্প্ৰদায়ৰ সেৱা আৰু মানৱতাৰ প্ৰতি অটল দায়বদ্ধতা সমগ্ৰ বিশ্বতে সঁচাকৈয়ে প্ৰশংসনীয়।

@chrisluxonmp”

**********

MJPS/ST


(Release ID: 2112091) Visitor Counter : 12