প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মৰিচাছৰ ৰাষ্ট্ৰপতি মহামহিম ধৰমবীৰ গোকুলে আয়োজন কৰা লাঞ্চৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টোষ্টৰ অসমীয়া অনুবাদ

পোষ্ট কৰা হৈছে: 11 MAR 2025 9:33PM by PIB Guwahati

মহামহিম ৰাষ্ট্ৰপতি ধৰমবীৰ গোকুল জী,

ফাৰ্ষ্ট লেডী শ্ৰীমতী বৃন্দা গোকুল জী,

উপ-ৰাষ্ট্ৰপতি ৰবাৰ্ট হেংলি জী,

প্ৰধানমন্ত্ৰী ৰামগুলাম জী,

বিশিষ্ট অতিথিগণ,

মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস সমাৰোহত পুনৰবাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাটো মোৰ বাবে সৌভাগ্যৰ কথা।

এই আতিথ্য আৰু সন্মানৰ বাবে মই ৰাষ্ট্ৰপতি জীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

ই কেৱল খাদ্য গ্ৰহণৰ অনুষ্ঠান নহয়, বৰং ভাৰত আৰু মৰিচাছৰ মাজত থকা সজীৱ আৰু ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতীক।

মৰিচাছৰ থালী কেৱল সোৱাদেই নহয়, বৰং মৰিচাছৰ সমৃদ্ধ সামাজিক বৈচিত্ৰ্যৰ প্ৰতিফলনো।

ইয়াত ভাৰত আৰু মৰিচাছৰ উমৈহতীয়া ঐতিহ্যও সমাহিত।

মৰিচাছৰ আতিথ্যত আমাৰ মিত্ৰতাৰ মধুৰতা মিহলি হৈ আছে।

এই উপলক্ষে, মই - মহামহিম ৰাষ্ট্ৰপতি ধৰমবীৰ গোকুল জী আৰু শ্ৰীমতী বৃন্দা গোকুল জীৰ উত্তম স্বাস্থ্য আৰু মংগল; মৰিচাছৰ জনসাধাৰণৰ অবিৰত প্ৰগতি, সমৃদ্ধি আৰু সুখ কামনা কৰিছোঁ; আৰু, আমাৰ সম্পৰ্কৰ বাবে ভাৰতৰ দায়বদ্ধতা দোহাৰিছোঁ।

 

জয় হিন্দ!

ৱিৱে মৰিচ!

**********

MJPS/ST


(ৰিলিজ আই ডি : 2110652) অতিথি কক্ষ : 40