গৃহ মন্ত্ৰালয়
ধনৰ লোভত আমাৰ যুৱক-যুৱতীসকলক নিচাৰ অন্ধকাৰ গহ্বৰলৈ টানি অনা ড্ৰাগছ সৰবৰাহকাৰীক শাস্তি প্ৰদানৰ ক্ষেত্ৰত মোদী চৰকাৰ আপোচবিহীন বুলি ক’লে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে
সুক্ষ্ম কৌশলেৰে কৰা সম্পূৰ্ণ প্ৰমাণভিত্তিক তদন্তৰ ফলত সমগ্ৰ ভাৰতবৰ্ষৰ ১২টা ভিন্ন গোচৰত ২৯জন ড্ৰাগছ সৰবৰাহকাৰীক আদালতে দোষী সাব্যস্ত কৰিছে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ বাবে নিৰ্দয় আৰু নিখুঁত তদন্তৰে ড্ৰাগছৰ বিপদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিশ্ৰুতি দিছে
ড্ৰাগছৰ বিৰুদ্ধে মোদী চৰকাৰৰ শূন্য সহনশীলতা নীতিৰ অনুসৰণ কৰি নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰোৱে (এনচিবি) এই উল্লেখযোগ্য সফলতা লাভ কৰিছে
Posted On:
02 MAR 2025 11:33AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ধনৰ লোভত আমাৰ যুৱক-যুৱতীসকলক নিচাৰ অন্ধকাৰ গহ্বৰলৈ ঠেলি দিয়া ড্ৰাগছ সৰবৰাহকাৰীক শাস্তি দিয়াৰ ক্ষেত্ৰত মোদী চৰকাৰ আপোচবিহীন।
এক্স প্লেটফৰ্মৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ বাবে নিৰ্দয় আৰু নিখুঁত তদন্তৰে ড্ৰাগছৰ বিপদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিশ্ৰুতি দিছে।
গৃহমন্ত্ৰীয়ে কয় যে পুংখানুপুংখ তদন্ত আৰু চৰকাৰৰ কঠোৰ স্থিতিৰ বাবে দেশজুৰি ১২টা গোচৰত ২৯জন ড্ৰাগছ সৰবৰাহকাৰীক দোষী সাব্যস্ত কৰা হৈছে।
এই সফলতা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গ্ৰহণ কৰা সুক্ষ্ম পন্থাৰ প্ৰমাণ। ড্ৰাগছৰ বিৰুদ্ধে মোদী চৰকাৰৰ শূন্য সহনশীলতা নীতিৰ অনুসৰণ কৰি নাৰ্কটিক কণ্ট্ৰল ব্যুৰোৱে (এনচিবি) এই উল্লেখযোগ্য সফলতা লাভ কৰিছে। উল্লেখ্য যে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ কাৰ্যকলাপৰ বাবে ২০২০ চনৰ ১১ জুলাইত কলকাতা অঞ্চলৰ পলাশী আৰু নাদিয়াৰ কৃষ্ণনগৰত ১,৩০১ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হয়। এই গোচৰৰ চাৰি বছৰৰ শুনানিৰ অন্তত ২০২৫ চনৰ ২১ ফেব্ৰুৱাৰীত কৃষ্ণনগৰ বিশেষ আদালতে দোষীক ১৫ বছৰৰ কঠোৰ কাৰাদণ্ড আৰু ১ লাখ টকা জৰিমনা বিহে।
চলিত বৰ্ষৰ জানুৱাৰী মাহত আহমেদাবাদ অঞ্চলত ২০১৯ চনৰ ২৭ জুলাইত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ ক্ষেত্ৰত মহম্মদ ৰিজৱান আৰু মহম্মদ জিছান আৰু ছহিদুল ৰহমান নামৰ তিনিজন লোকক ১৪ বছৰৰ কাৰাদণ্ড বিহা হয়।
চলিত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত ২০২২ চনৰ জুলাই মাহত ভূপালত ১২৩ কিলোগ্ৰামতকৈ অধিক গাঞ্জা উদ্ধাৰৰ অপৰাধত শিৱম সিং, সন্ত কুমাৰ যাদৱ, বালমুকুন্দ মিশ্ৰ আৰু উত্তম কুমাৰ সিং নামৰ ৪জন লোকক ১২ বছৰৰ কঠোৰ কাৰাদণ্ড বিহাৰ লগতে ২লাখ টকাকৈ জৰিমণা বিহে শ্বাহদুলৰ আদালতে।
চণ্ডীগড়ৰ হকী ক্লাবলৈ আফিং সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ অপৰাধত এনডিপিএছ আইনৰ অধীনত দোষী সাব্যস্ত হোৱা নাছিব সিং আৰু গোৱিন্দ সিং নামৰ দুজন লোকক তিনি বছৰৰ কঠোৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। এই একেটা অঞ্চলতে আন এটা গোচৰত দোষী সাব্যস্ত হোৱাৰ ফলত ১লাখ টকাকৈ জৰিমণা আৰু ছমাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰে।
২০২১ৰ ১৯ জানুৱাৰীত কোচিৰ বিমানবন্দৰত জিম্বাবুৱেৰ শ্বেৰন চিগৱাগা নামৰ এগৰাকী মহিলাৰ পৰা উদ্ধাৰ হৈছিল ২ কিলোগ্ৰামতকৈ অধিক হেৰ’ইন। চলিত বৰ্ষৰ ১৯ জানুৱাৰীত আদালতে তেওঁক ১১ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ৩লাখ টকা জৰিমণা বিহে।
ডেৰাডুনত ০৫.০১.২০১৮ত ড্ৰাগছ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা আশুতোষ উনিয়াল নামৰ এজন লোকক চলিত বৰ্ষৰ ১৮ জানুৱাৰী ২০,০০০টকা জৰিমণাসহ এবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হয়।
২০২১ চনৰ ১৯ মাৰ্চত দিল্লীত ড্ৰাগছ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা ছাহী ৰাম আৰু সতীয়ান পণ্ডিত নামৰ দুজন লোকক চলিত বৰ্ষৰ ১০ জানুৱাৰীত ১ লাখ টকা জৰিমণাসহ ১০ বছৰৰ কঠোৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হয়।
২০২১ চনৰ ২ ফেব্ৰুৱাৰীত হায়দৰাবাদৰ এটা টোল প্লাজাৰ পৰা বৃহৎ পৰিমাণৰ ভাং উদ্ধাৰ কৰা হৈছিল। দোষী সাব্যস্ত হোৱা ৮ জন লোক ক্ৰমে সুৰেশ শ্যামৰাও পাৱাৰ, বিশাল ৰমেশ পাৱাৰ, বালাজী ৰামদাস ৱেৰ, মনোজ বিলাস ধোতৰে, ধ্যানেশ্বৰ লালচাহেব দেশমুখ, ৰামৰাজে চতুৰ্ভজ গুনজালে, অক্ষয় অনন্ত গান্ধী আৰু শচীন দাগাডু সনাপক ১লাখ টকাকৈ জৰিমণাসহ ১০ বছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰা হৈছে।
২০২১ চনৰ ছেপ্টেম্বৰ মাহত ইন্দোৰৰ ৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰা হৈছিল। চলিত বৰ্ষৰ ২২ ফেব্ৰুৱাৰীত ছিওনী বিশেষ আদালতে মহেন্দ্ৰ সিং যাদৱ আৰু ছোহাইল ডাউড খান পাঠান, সুৰেশ গুপ্তা আৰু ৰাম বাবু যাদৱ নামৰ চাৰিজন দোষীক ১৫ বছৰৰ কঠোৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰে।
লক্ষ্ণৌৰ এখন আদালতে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ড্ৰাগছ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা এজন লোকক চলিত বৰ্ষৰ ২ জানুৱাৰীত ১৫ বছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰে। ২১ ফেব্ৰুৱাৰীত ২০২৪ চনৰ জানুৱাৰী মাহত এই অঞ্চলত ড্ৰাগছ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা এজন লোকক ১১ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।
ড্ৰাগছ সৰবৰাহৰ প্ৰতিৰোধৰ বাবে সাধাৰণ জনতাৰ সহযোগিতা বিচাৰিছে নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৱে। এই সম্পৰ্কে কোনো তথ্য থাকিলে ১৯৩৩ হেল্পলাইন নম্বৰত জনাব পাৰিব বুলিও সদৰি কৰিছে।
*****
RK/VV/ASH/RR/PS
(Release ID: 2108702)